newsnextone.com | ডিজিটেল ডেস্কঃ শনিবাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে এক অনুষ্ঠানত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি থকাৰ সময়তে হঠাৎ এগৰাকী সাংবাদিকৰ ওপৰত গেৰগেৰাই উঠা পৰিলক্ষিত হয়৷ ৰাজ্যখনৰ শাসকীয় প্ৰধানগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে কৰা এনে আচৰণে এতিয়া সকলোতে বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷

ঘটনা অনুসৰি, শনিবাৰে হাৰিয়ানাৰ এক অনুষ্ঠানত অংশ লোৱাৰ পিছত মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছিল৷

তেনে সময়তে এগৰাকী সাংবাদিকে মুখ্যমন্ত্ৰীগৰাকীক এটা প্ৰশ্ন সোধে৷ সাংবাদিকগৰাকীৰ প্ৰশ্নৰ পিছতে হঠাৎ তীক্ষ্ণ মন্তব্যৰে মুখ্যমন্ত্ৰী খট্টৰে প্ৰশ্ন সোধা সাংবাদিকগৰাকীৰ লগতে বাকীবোৰ সংবাদ মাধ্যমকো গৰজি উঠে৷ তেওঁ সংবাদ মাধ্যমক প্ৰত্যক্ষ আক্ৰমণ কৰি কয়, ‘মই সাংবাদ মাধ্যমৰ কথা নুশুনো, জনতাৰ কথাহে শুনিম৷ সংবাদিকে নিজৰ ব্যৱহাৰ ঠিক কৰা উচিত৷’

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপত সংবাদ কৰ্মীয়ে তেওঁক প্ৰদেশ চৰকাৰৰ কামকাজক লৈ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছিল৷ তেতিয়াই মুখ্যমন্ত্ৰী খট্টৰে ক্ষোভিত হৈ কয় যে মিডিয়াই আৰোপ নলগায়৷ মিডিয়াৰ দায়িত্ব কেৱল প্ৰশ্ন সোধা৷

ইফালে, সংবাদ মাধ্যম আৰু খট্টৰৰ এই মত বিভেদৰ ভিডিঅ’ ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে৷ 

জানিব পৰা মতে, মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ সদ্যহতে ‘কন্টেক্ট টু পিপ’ল’ নামৰ এক অভিযানত ব্যস্ত হৈ আছে৷ এই অভিযানৰ ভিত্তিত তেওঁ ৫ জুলাইৰ পৰা ৭ জুলাইলৈ দলীয় কৰ্মকৰ্তাসকলৰ সৈতে চাহ মেলত অংশ লৈ বিভিন্ন বিষয় আলোচনা কৰিছে৷

আনহাতে, আগন্তক ২০১৯ৰ লোকসভা নিৰ্বাচনৰ প্ৰৰিপ্ৰেক্ষিততে বিজেপি মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে এই অভিযান আৰম্ভ কৰিছে বুলি চৰ্চা চলিছে৷