ডিজিটেল ডেস্কঃ তেজেৰ তৈয়াৰী ফেশ্বৱাশ্ব লগালেহে ধুনীয়া হ’ব পাৰি। এই কথা কোনো কোম্পানীয়ে কোৱা নাই। এগৰাকী মডেলেহে কৈছে এই কথা। কেৱল কোৱাই নহয়, তেজেৰে তৈয়াৰী ফেশ্বৱাশ্বহে ব্যৱহাৰ কৰে মডেলগৰাকীয়ে।

ফিমেলফাৰ্ষ্ট ডট কো ডট ইউকে নামৰ ৱেবচাইটটোত প্ৰকাশিত প্ৰতিবেদন মতে হেলী বাল্ডৱিন নামৰ এই মোহময়ী মডেলগৰাকীয়ে নিজৰ তেজেৰে তৈয়াৰী ফেশ্বৱাশ্ব ব্যৱহাৰ কৰে।

লুক নামৰ এখন সৌন্দৰ্যচৰ্চাৰ আলোচনীৰ সৈতে হোৱা সাক্ষাতকাৰত হেলীয়ে কয় যে তেওঁ তেওঁৰ সৌন্দৰ্য বিশেষজ্ঞই দিয়া পৰামৰ্শ অনুযায়ী এক বিশেষ ফেশ্বৱাশ্ব ব্যৱহাৰ কৰে। এই ফেশ্বৱাশ্ব তৈয়াৰ কৰাৰ বাবে হেলীৰ দেহৰপৰা তেজ নিয়া হয়।