নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতৰ ৰাজনীতি বিৰোধীশূণ্য কৰাৰ লক্ষ্যৰে ষড়যন্ত্ৰমূলকভাৱে বিৰোধী নেতাৰ বিৰুদ্ধে চলাইছে ইডি, চিবিআই, আইটি আদিৰ দৰে ‘মোদীভক্ত’ সংস্থাৰ অভিযান! বিগত ১০ বছৰত বিৰোধীয়ে এই অভিযোগ বাৰে বাৰে উত্থাপন কৰি আহিছে। বহু বিৰোধী নেতাক ইডি-চিবিআই আদিৰ দৰে সংস্থাৰ জৰিয়তে ভয় ভাবুকি দেখুৱাই হয় বিজেপিত যোগদান কৰিবলৈ বাধ্য কৰোৱা হৈছে, নহয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। বিশেষকৈ অ-বিজেপি শাসিত ৰাজ্যত এতিয়া লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সক্ৰিয় কৰা হৈছে এনেধৰণৰ চৰকাৰী সংস্থাসমূহক।

বিৰোধীৰ এই বাৰাম্বাৰ অভিযোগৰ মাজতে গ্ৰেপ্তাৰ হ’ল এখন অ-বিজেপি শাসিত ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰী। বুধবাৰে নিশা মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ মাত্ৰ কেইমুহূৰ্তমানৰ পিছতে ই ডিয়ে গ্ৰেপ্তাৰ কৰে ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত চোৰেনক। ভূমি কেলেংকাৰী আৰু ধন সৰবৰাহৰ গোচৰত বিগত এটা বছৰত ১০ খনকৈ চমন জাৰি কৰাৰ পিছত অৱশেষত বুধবাৰে গ্ৰেপ্তাৰ কৰা হয় হেমন্ত চোৰেন। কিন্তু ইডিৰ এই গ্ৰেপ্তাৰীক বিজেপিৰ ষড়যন্ত্ৰ বুলিও অভিহিত কৰা হৈছে। বিৰোধীয়ে বিজেপিৰ শাসন নথকা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীক লোকসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত দমনমূলক নীতিৰে ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। 

অৱশ্যে চৰকাৰী তদন্তকাৰী সংস্থাৰ টাৰ্গেট কেৱল হেমন্ত চোৰেনেই নাছিল। আন কেইবাখনো অ-বিজেপি শাসিত ৰাজ্যৰ নেতাৰ ওপৰতো তদন্তকাৰী সংস্থাই তদন্ত চলাই আছে। গ্ৰেপ্তাৰৰ আশংকা কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰো। একেদৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজা তথা তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীকো শিক্ষক নিযুক্তি কেলেংকাৰীত অভিযুক্ত কৰি বাৰে বাৰে জাৰি কৰা হৈছে চমন। আশংকা কৰা হৈছে- লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁকো গ্ৰেপ্তাৰ কৰা হ’ব পাৰে!

অসমতো আৰক্ষীৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক নিৰ্বাচনৰ পূৰ্বে গ্ৰেপ্তাৰৰ ব্লু প্ৰিণ্ট ৰচনা কৰাৰ অভিযোগ উঠিছে। ৰাহুল গান্ধীয়ে অসমত ন্যায় যাত্ৰা চলাই থকাৰ সময়ত যোৰহাটত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগত ভূপেন বৰাৰ বিৰুদ্ধে আৰক্ষীয়ে কেইবাটাও ধাৰাত ৰুজু কৰিছিল জামিনবিহীন গোচৰ। এই গোচৰৰ বাবে আৰক্ষীৰ নিৰ্দেশ অনুসৰি ৩১ জানুৱাৰীত যোৰহাট সদৰ থানাত সোঁশৰীৰে উপস্থিতো হয় বৰা। তাত তিনি ঘণ্টা ধৰি তিনি আৰক্ষী বিষয়াই জেৰা কৰাৰ পিছত তেওঁক ঘৰলৈ আহিবলৈ দিয়া হয় যদিও ২২ ফেব্ৰুৱাৰীত পুনৰ হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়েই ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰৰ চেষ্টা চলোৱা বুলি অভিযোগ কৰে প্ৰদেশ কংগ্ৰেছ আৰু ভূপেন বৰাই।

কিন্তু এই সকলোবোৰৰ মাজত বিৰোধীৰ দাবী- বিজেপিৰ আন এটা নাম হৈছে ৱাশ্বিং মেছিন। যিমানেই দুৰ্নীতিত লিপ্ত নহওক কিয়, বিজেপিৰ শৰণাপন্ন হ’লেও মোচ খায় সকলো কেলেংকাৰীৰ দাগ। মহাৰাষ্ট্ৰ চৰকাৰৰ মিত্ৰদল তথা বিজেপিৰ সহযোগী  এন চি পিৰ নেতা অজিত পাৱাৰ, পশ্চিম বংগৰ শুভেন্দু অধিকাৰী, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এই য়েদেয়ুৰাপ্পা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আদি নেতা বিজেপিৰ ৱাশ্বিং মেছিনত সোমাই চেকা আঁতৰোৱা নেতাসকলৰ অন্যতম উদাহৰণ। 

কিয় গ্ৰেপ্তাৰ হ’ল হেমন্ত চোৰেন?

বিগত প্ৰায় এমাহ ধৰি আশংকা কৰা হৈছিল ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ গ্ৰেপ্তাৰৰ। ঝাৰখণ্ডত তদন্তৰ অধীন চৰকাৰী ভূমি অবৈধভাৱে বেদখল কৰাৰ অভিযোগ তুলি ২০২১ চনত দাখিল কৰা এখন আবেদনত নাম সাঙোৰ খাই পৰিছিল মুখ্যমন্ত্ৰীগৰাকীৰো। ইফালে যোৱা বছৰ ৭ জুনত কলকতাৰ পৰা তদন্তকাৰী সংস্থা ইডিয়ে গ্ৰেপ্তাৰ কৰে অমিত কুমাৰ আগৰৱালা নামৰ এজন ব্যৱসায়ীক। আৰু ইয়াৰ পিছতে কথিত ভূমি কেলেংকাৰীত মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ বিৰুদ্ধে তথ্য লাভ কৰা বুলি দাবী কৰে ইডিয়ে। 

এই গোচৰতে ২০২৩ৰ আগষ্ট মাহৰ পৰা ৭ খনকৈ জাননী জাৰি কৰি হেমন্ত চোৰেনক ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হয় যদিও প্ৰতিবাৰেই এই চমন উপেক্ষা কৰি তদন্তৰ পৰা আঁতৰি থাকে মুখ্যমন্ত্ৰীগৰাকী। ইডিৰ সূত্ৰৰ মতে, কথিত ভূমি কেলেংকাৰীত তেওঁৰ বিৰুদ্ধে শক্তিশালী প্ৰমাণ পোৱা গৈছে। ইডিৰ সূত্ৰ অনুসৰি এই কেলেংকাৰিৰ পৰা লাভ কৰা আয় সন্দেহজনক ধনৰ লেনদেনৰ সৈতে জড়িত বুলি ধৰা পৰিছে। অৰ্থাৎ ধনৰ লেনদেন হৈছিল যিটো এই কেলেংকাৰীৰ সৈতে জড়িত আছিল। ইয়াৰ সমগ্ৰ শৃংখলটো তদন্তকাৰী সংস্থাটোৱে লাভ কৰিছে। অভিযোগ অনুসৰি অন্যায়ভাৱে অধিগ্ৰহণ কৰা মাটিসমূহৰ ওপৰত চোৰেনৰ পৰিয়াল আৰু তেওঁৰ ঘনিষ্ঠ আত্মীয়ৰ প্ৰত্যক্ষ বা পৰোক্ষ নিয়ন্ত্ৰণ আছিল। ইয়াৰ বাবেও শক্তিশালী প্ৰমাণ পোৱা গৈছে।

ইফালে ইডিৰ এই তদন্ত বিজেপিৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰি প্ৰতিবাৰেই ইডিৰ তদন্তৰ পৰা আঁতৰি থকা হেমন্ত চোৰেনক বিচাৰি মঙলবাৰে তেওঁৰ দিল্লীৰ বাসগৃহত অভিযান চলায়। অৱশ্যে এই সময়ত বাসগৃহত উপস্থিত নাছিল চোৰেন। তদন্তকাৰী সংস্থাটোৱে তেওঁৰ বাসগৃহৰ পৰা এখন বি এম ডব্লিউ আৰু নগদ ৩৬ লাখ টকা জব্দ কৰে। আনহাতে চোৰেনক বিচাৰি তেওঁৰ বাসগৃহৰ লগতে বিমান বন্দৰতো বিষয়া সষ্টম হৈ থাকে। এই সময়ছোৱাত হেমন্ত চোৰেন ‘সন্ধানহীন’ হোৱা বুলিও চৰ্চা চলে। কিন্তু একেদিনাই নিশা তেওঁ পথেৰে দিল্লীৰ পৰা ঝাৰখণ্ডত উপস্থিত হৈ দলৰ বিধায়কসকলৰ সৈতে এক বৈঠকত মিলিত হয়। 

ইতিমধ্যেই মুখ্যমন্ত্ৰীগৰাকীৰ গ্ৰেপ্তাৰৰ আশংকা তীব্ৰভাৱে বৃদ্ধি পাইছিল। এনে সময়ত হেমন্ত চোৰেনৰ বিধায়কৰ সৈতে বৈঠকে যথেষ্ট তাত্পৰ্য বহন কৰিছিল। এই বৈঠকত উপস্থিত আছিল চোৰেনৰ পত্নী কল্পনা চোৰেনো। সেয়ে চৰ্চা চলিছিল যে যদি হেমন্ত চোৰেন গ্ৰেপ্তাৰ হয়, তেন্তে তেওঁৰ ঠাইত পত্নী কল্পনা চোৰেন মুখ্যমন্ত্ৰীৰ আসনত বহি ৰাজ্যৰ বাঘজৰী চম্ভালিব পাৰে। 

এই সকলোবোৰ চৰ্চাৰ মাজতে হেমন্ত চোৰেনে ইডিলৈ এক মেইল প্ৰেৰণ কৰে। য’ত তেওঁ ৩১ জানুৱাৰীৰ দুপৰীয়া ১ বজাত তেওঁৰ চৰকাৰী কাৰ্যালয়ত ইডিৰ সন্মুখত ব্যক্তব্য লিপিবদ্ধ কৰিব বুলি প্ৰকাশ কৰে। ইয়াৰ পিছতে ৩১ জানুৱাৰী অৰ্থাত্ বুধবাৰে ইডিৰ তদন্তকাৰী বিষয়াৰ এটা দলে তেওঁক জেৰা চলায়। ইডিৰ সূত্ৰ অনুসৰি, প্ৰায় ৭ ঘণ্টা সময় ধৰি চলোৱা এই জেৰাত ইডিৰ বহু প্ৰশ্নৰ সঠিক উত্তৰ দিয়াত অসমৰ্থ হৈছিল হেমন্ত চোৰেন। পৰৱৰ্তী সময়ত তেওঁ ইডিৰ এটা বিষয়াৰ দলৰ সৈতেই ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ অৰ্পণ কৰে। আৰু তাৰ কিছু সময় পিছতে ইডিয়ে চোৰেনক জিম্মাত লয় আৰু গ্ৰেপ্তাৰ কৰে। 

উত্তৰ দিব পৰা নাছিল হেমন্ত চোৰেনে, দাবী ইডিৰ

ইডিৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, ভূমি কেলেংকাৰী সন্দৰ্ভত হেমন্ত চোৰেনৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ আছে ইডিৰ হাতত। বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক কৰা জেৰাৰ সময়ত তদন্তকাৰী বিষয়াসকলে এই প্ৰমাণসমূহ দাখিল কৰিছিল যদিও শুদ্ধ উত্তৰ দিব পৰা নাছিল চোৰেনে। চোৰেনৰ বিৰুদ্ধে ভুৱা নথি-পত্ৰৰ জৰিয়তে সেনাৰ মাটি ক্ৰয়-বিক্ৰয়ৰ অভিযোগ আছে। ইডিৰ সূত্ৰই জনাইছে যে যেতিয়া তদন্তকাৰী বিষয়াসকলে তেওঁক এই সন্দৰ্ভত প্ৰশ্ন কৰিছিল তেতিয়া তেওঁ পোনপটীয়াকৈ উত্তৰ দিব পৰা নাছিল। কেৱল এয়াই নহয়, এই গোচৰৰ মূল অভিযুক্ত প্ৰেম প্ৰকাশ, অমিত আগৰৱাল আৰু তেতিয়াৰ উপায়ুক্ত ছৱী ৰঞ্জনৰ সৈতে চোৰেনৰ সম্পৰ্ক থকা বুলিও ধৰা পৰিছে। তদন্তত এই কথাও পোহৰলৈ আহিছে যে তদন্তৰ সময়তো অবৈধ খননত হেমন্ত চোৰেনৰ ভূমিকা আছিল। তদন্তত পোহৰলৈ আহিছে যে চোৰেনৰ ঘনিষ্ঠ সহযোগী অমিত আগৰৱালাই তেওঁৰ লগতে তেওঁৰ ঘনিষ্ঠ সহযোগীসকলৰ ক’লা ধন পৰিচালনা কৰি আহিছিল।

সূত্ৰ অনুসৰি, চোৰেনৰ বিৰুদ্ধে বহু আগৰে পৰাই প্ৰমাণ আছিল ইডিৰ হাতত। প্ৰাৰম্ভিক তদন্ততে লিংক পোৱা গৈছিল। কিন্তু বুধবাৰে তেওঁ প্ৰমাণ অস্বীকাৰ আৰু তদন্তত সহযোগ নকৰাৰ পিছতে জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰাৰ সিদ্ধান্ত লোৱা হয়। সূত্ৰ অনুসৰি চোৰেনে তদন্তকাৰী বিষয়াৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়া নাছিল। 

হেমন্ত চোৰেনৰ ৰাজনৈতিক কেৰিয়াৰ

ৰাজনীতিৰ পথাৰত হেমন্ত চোৰেনৰো প্ৰথম পৰিচয় পৰিয়ালবাদ। ঝাৰখণ্ডৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰতিষ্ঠাপক শিৱু চোৰেনৰ পুত্ৰ হেমন্ত চোৰেন। পিতৃৰ আদৰ্শৰেই ২০০৯ চনত প্ৰথমবাৰৰ বাবে ৰাজনীতিৰ পথাৰত ভৰি দিছিল হেমন্ত চোৰেনে। সেই চনত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ লগতে একে বছৰতে ডুমকা বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰি পাতনি মেলিছিল ৰাজ্যিক ৰাজনীতিৰ কেৰিয়াৰৰ।  

২০১০ চনত বিজেপিৰ অৰ্জুন মুণ্ডাৰ নেতৃত্বৰ ঝাৰখণ্ড চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী আছিল হেমন্ত চোৰেন। ২০১৩ চনলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰে।  ২০১৩ চনত প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰূপে শপত লয় চোৰেনে। কিন্তু তাৰ পিছতে বিজেপিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰাত আৰ জে ডি আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতা স্থাপন কৰে যদিও ২০১৪ চনত বিধানসভাত আস্থা ভোট লাভ কৰাত ব্যৰ্থ হৈ মাত্ৰ ১৭ মাহতে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিবলগীয়া হয়।

২০১৪ চনৰ নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত ২০১৫ চনত ঝাৰখণ্ড বিধানসভাত বিৰোধী দলৰ নেতা নিৰ্বাচিত হয় চোৰেন। ২০১৯ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু আৰজেডিৰ সৈতেও মিত্ৰতা কৰে। ডুমকা আৰু বৰহাইট দুয়োটা সমষ্টিৰ পৰা নিৰ্বাচনত জয়লাভ কৰি, ২০১৯ চনত দ্বিতীয় বাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয় হেমন্ত চোৰেনে। কিন্তু হেমন্ত চোৰেনৰ ৰাজনৈতিক কেৰিয়াৰত ধাৰাবাহিক বিতৰ্ক আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছে। ২০১৯ চনত চোৰেন ভূমি কেলেংকাৰীৰ গোচৰত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল, য’ত তেওঁ অবৈধ উপায়েৰে ৰাঁচী চহৰৰ এটা সম্পত্তি ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছিল। বিভিন্ন চুক্তি আৰু নিযুক্তিত নিজৰ ক্ষমতা আৰু পদৰ অপব্যৱহাৰ কৰি আত্মীয় আৰু চিনাকি লোকক নিযুক্তি প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছিল চোৰেনৰ বিৰুদ্ধে।

বিজেপিৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছতে পদে পদে ভিন্ন অভিযোগ আৰু ইডি- চিবিআই আদিৰ দৰে তদন্তকাৰী সংস্থাৰ জেৰাৰ সন্মুখীন হোৱা হেমন্ত চোৰেনে বুধবাৰে নিশা তেওঁক গ্ৰেপ্তাৰৰ পিছতে এক্সযোগে ব্যক্ত কৰে প্ৰথম প্ৰতিক্ৰিয়া। পৰাজয়ৰ ওচৰত নতি স্বীকাৰ নকৰোঁ বুলি কৈ চোৰেনে লিখে, “এয়া এক বিৰতি। জীৱনটো এখন ডাঙৰ সংগ্ৰাম। প্ৰতি মুহূৰ্ত যুঁজিছো, প্ৰতিটো মুহূৰ্ত যুঁজ দিম। কিন্তু আপোচৰ বাবে ভিক্ষা নকৰো। মই হাৰ নামানো... পৰাজয় মানি নলওঁ!” ইফালে চোৰেনে তেওঁৰ গ্ৰেপ্তাৰ বিজেপিৰ প্ৰতিশোধমূলক ৰাজনীতি বুলিও মন্তব্য কৰে। লগতে তেওঁৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰো কাষ চাপে। তেওঁৰ দল আৰু মিত্ৰসকলে তেওঁৰ সৈতে সংহতি প্ৰকাশ কৰি তেওঁক গ্ৰেপ্তাৰক গণতন্ত্ৰ আৰু ফেডাৰেলিজমৰ ওপৰত আক্ৰমণ বুলি গৰিহণা দিয়ে। 

আনহাতে চোৰেনৰ গ্ৰেপ্তাৰৰ পিছতে ঝাৰখণ্ডত আৰম্ভ হয় ৰাজনৈতিক সংকটৰ।  প্ৰথমাৱস্থাত চোৰেনৰ পত্নীয়েই ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব পাৰে বুলি জল্পনা কল্পনা চলিলেও শেষত ঝাৰখণ্ড মুক্তি মৰ্চাই পৰিবহণ মন্ত্ৰী তথা হেমন্ত চোৰেনৰ ঘনিষ্ঠ সহযোগী চম্পাই চোৰেনক ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰে। অৱশ্যে ঝাৰখণ্ডৰ প্ৰধান বিৰোধী দল বিজেপিয়ে জেএমএম নেতৃত্বাধীন মিত্ৰজোঁটৰ সংখ্যাগৰিষ্ঠতা আৰু বিশ্বাসযোগ্যতা হেৰুৱাইছে বুলি দাবী কৰি নতুনকৈ নিৰ্বাচনৰ দাবী উত্থাপন কৰে। হেমন্ত চোৰেনে প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰা আৰু ঝাৰখণ্ডৰ জনসাধাৰণক বিশ্বাসঘাতকতা কৰা দুৰ্নীতিগ্ৰস্ত আৰু অদক্ষ চৰকাৰ চলোৱাৰ অভিযোগো উত্থাপন কৰে বিজেপিয়ে।

গ্ৰেপ্তাৰ হোৱা ঝাৰখণ্ডৰ তৃতীয়গৰাকী মুখ্যমন্ত্ৰী হেমন্ত চোৰেন

দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কেৱল হেমন্ত চোৰেনেই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী নহয়। তেওঁৰ পূৰ্বেও ৰাজ্যখনৰ আন দুগৰাকী মুখ্যমন্ত্ৰী দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল। হেমন্ত চোৰেনৰ পূৰ্বে তেওঁৰ পিতৃ শিবু চোৰেন আৰু মধু কোডাকো কৰা হৈছিল গ্ৰেপ্তাৰ। ২০০০ চনৰ ১৫ নৱেম্বৰত ঝাৰখণ্ড গঠন হোৱাৰ পিছৰে পৰা ৰাজ্যখনত ছয়জন মুখ্যমন্ত্ৰী আৰু তিনিটা ৰাষ্ট্ৰপতিৰ শাসন কাৰ্যকাল দেখা গৈছে। মাত্ৰ এজন মুখ্যমন্ত্ৰী বিজেপিৰ ৰঘুবৰ দাসেহে সম্পূৰ্ণ কাৰ্যকাল (২০১৪ৰ পৰা ২০১৯) সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে।

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মধু কোডা তেওঁৰ কাৰ্যকালত দুৰ্নীতিৰ অপৰাধত কাৰাগাৰত বন্দী হৈছিল। ২০০৬ চনৰ পৰা ২০০৮ চনৰ ভিতৰত ইউ পি এ চৰকাৰৰ সৈতে মিত্ৰতা কৰি মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা কোডাৰ বিৰুদ্ধে ধন সৰবৰাহ আৰু অসমতাপূৰ্ণ সম্পত্তি জমা কৰাৰ অভিযোগ উত্থাপন হৈছিল। মুখ্যমন্ত্ৰী হিচাপে থকা সময়ছোৱাত কোডাই খনন কেলেংকাৰীত জড়িত হৈ কয়লা আৰু খনন ব্লক আবণ্টন দিয়াৰ বাবে উৎকোচ লোৱাৰ অভিযোগৰ তদন্ত চলাইছিল চিবিআই আৰু ইডিয়ে। এক প্ৰতিবেদন অনুসৰি মুখ্যমন্ত্ৰী কোডা আৰু তেওঁৰ সহযোগীসকলে কয়লা আৰু খনন ব্লক আৱণ্টনৰ নামত ৪ হাজাৰ কোটি টকাৰো অধিক টকাৰ কেলেংকাৰী সংঘটিত কৰিছিল। মুখ্যমন্ত্ৰী কোডাৰ এই কেলেংকাৰীত সংলগ্ন কৰা হৈছিল তেওঁৰ ১৪৪ কোটি টকাৰ সম্পত্তিও।

এই কেলেংকাৰীৰ তদন্তত ২০০৯ চনত গ্ৰেপ্তাৰ কৰা হয় কোডাক। পিছত ২০১৩ চনত তেওঁ জামিন লাভ কৰে যদিও ২০১৭ চনত গোচৰৰ ৰায়দানত তেওঁক দোষী সাব্যস্ত কৰি ৩ বছৰৰ কাৰাদণ্ড আৰু ২৫ লাখ টকাৰ জৰিমনা বিহা হয়। একে সময়তে হাৱালা লেনদেন আৰু অসমতাপূৰ্ণ সম্পত্তিৰ আন চাৰিটা গোচৰতো তেওঁক দোষী সাব্যস্ত কৰা হয়।

ইফালে, ১৯৯৪ চনত নিজৰ ব্যক্তিগত সচিব শশী নাথ ঝাৰ অপহৰণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত হৈছিল হেমন্ত চোৰেনৰ পিতৃ তথা ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰতিষ্ঠাপক শিৱু চোৰেন।  ৰাজ্যখনৰ ৩ বাৰৰ মুখ্যমন্ত্ৰী শিৱু চোৰেনক  ২০০৬ চনৰ ৫ ডিচেম্বৰত দিল্লীৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। তেতিয়া শিবু ছ’ৰেন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কেবিনেটত কয়লা মন্ত্ৰী আছিল। কিন্তু ২০০৭ চনৰ আগষ্ট মাহত দিল্লী উচ্চ ন্যায়ালয়ে জনজাতীয় নেতাজনৰ বিৰুদ্ধে প্ৰমাণ দাখিলত চিবিআই ব্যৰ্থ হোৱাৰ বাবে তেওঁক দোষমুক্ত কৰে। ২০১৮ চনৰ এপ্ৰিল মাহত উচ্চতম ন্যায়ালয়েও দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ক সমৰ্থন জনাই শিবু ছ’ৰেনক তেওঁৰ ব্যক্তিগত সচিব হত্যাকাণ্ডৰ গোচৰত দোষমুক্ত কৰে।

উল্লেখ্য যে, ১৯৯৪ চনৰ মে’ মাহত শিৱু চোৰেনৰ ব্যক্তিগত সচিব শশী নাথ ঝা নিৰুদ্দেশ হৈছিল আৰু পিছত ৰাঁচীত উদ্ধাৰ হৈছিল তেওঁৰ মৃতদেহ। অভিযোগ অনুসৰি, সংসদত আস্থা ভোট লাভ কৰিবলৈ তেতিয়াৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৱে চোৰেন আৰু তেওঁৰ দলৰ অন্যান্য সদস্যসকলক উৎকোচ দিয়াৰ বিষয়ে জানিব পাৰিছিল চোৰেনৰ ব্যক্তিগত সচিব শশী নাথ ঝাই। তেওঁ ইয়াৰ বিৰোধিতা কৰাৰ বাবেই শিৱু চোৰেনে পৰিকল্পতিভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল চিবিআইয়ে।

ইডিৰ বিৰুদ্ধেও এজাহাৰ হেমন্ত চোৰেনৰ!

গ্ৰেপ্তাৰৰ আগদিনা অৰ্থাৎ মঙলবাৰে পুৱাৰে পৰা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ অৱস্থিতি সন্দৰ্ভত কোনো তথ্য নাছিল ইডিৰ হাতত। সেই দিনাখন ঝাৰখণ্ডত নাছিল চোৰেন। তেওঁৰ দলে জনাইছিল যে ব্যক্তিগত কামত দিল্লীলৈ গৈছে মুখ্যমন্ত্ৰীগৰাকী। ইয়াৰ পিছতে ঝাৰখণ্ড ভৱন আৰু নতুন দিল্লীস্থ হেমন্ত চোৰেনৰ বাসগৃহত মুখ্যমন্ত্ৰীগৰাকীৰ সন্ধানত হাজিৰ হৈছিল ইডিৰ দল।  বিমান বন্দৰতো চোৰেনৰ সন্ধানত সষ্টম হৈ ৰৈছিল ইডিৰ বিষয়া। বিজেপিয়ে দাবী কৰিছিল- গ্ৰেপ্তাৰৰ ভয়ত সন্ধানহীন হৈছে হেমন্ত চোৰেন।

কিন্তু সেইদিনা নিশাই পথেৰে যাত্ৰা কৰি দিল্লীৰ পৰা ঝাৰখণ্ডত উপস্থিত হয় চোৰেন। তাৰ পিছতে দলিত, পিছপৰা শ্ৰেণী আৰু অনুসূচীত শ্ৰেণীক তদন্তৰ নামত হাৰাশাস্তি তোলাৰ অভিযোগ তুলি চোৰেনে ইডিৰ বিষয়াৰ বিৰুদ্ধেই দাখিল কৰে এখন এজাহাৰ।  মুখ্যমন্ত্ৰী চোৰেনে অনুসূচিত জাতি-জনজাতি আইনৰ অধীনত চাৰিগৰাকী ইডি বিষয়াসহ কেইবাজনৰ বিৰুদ্ধে ৰাঁচীৰ অনুসূচিত জাতি-জনজাতি থানাৰ ভাৰপ্ৰাপ্ত প্ৰভাৰী পৰিদৰ্শকক এজাহাৰ দাখিল কৰে। চোৰেনে তেওঁৰ এজাহাৰত উল্লেখ কৰে চাৰিগৰাকী ইডি বিষয়া কপিল ৰাজ, দেৱব্ৰত ঝা, অনুপম কুমাৰ আৰু অমন পেটেলৰ লগতে এজন অচিনাকি বিষয়াৰ নাম।

ইডিৰ বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি মুখ্যমন্ত্রী হেমন্ত চোৰেনে কয়, "মই যেতিয়া ৰাঁচীলৈ আহিছিলো, তেতিয়া ইলেক্ট্ৰনিক, ডিজিটেল আৰু ছপা মাধ্যমত খবৰ দেখিছিলো যে এই সকল ইডি বিষয়াই মোক আৰু মোৰ সমগ্ৰ সমাজখনক হাৰাশাস্তি কৰিবলৈ আৰু মোৰ ভাবমূৰ্তি বিনষ্ট কৰিবলৈ দিল্লীলৈ আহি অনুসন্ধান অভিযান চলায়।” এজাহাৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে আগলৈ লিখে, "২৭ আৰু ২৮ জানুৱাৰীত মই ঝাৰখণ্ড চৰকাৰে লীজত লোৱা দিল্লীৰ শান্তি নিকেতনলৈ গৈছিলো। ২৯ জানুৱাৰীত মই জানিব পাৰো যে সেই সময়ত মই তাত উপস্থিত নাথাকিলেও মোক কোনো জাননী নিদিয়াকৈ সেই ঘৰটোত তালাচী অভিযান চলোৱা হৈছে। হেমন্ত চোৰেনৰ বাসগৃহৰ পৰা নগদ ধন আৰু  বি এম ডব্লিউ বাহন জব্দ কৰাৰ বিষয়ো উল্লেখ কৰা হয় এজাহাৰত। হেমন্ত চোৰেনে লিখিছে, "সেই বিএমডব্লিউ গাড়ীখন মোৰ নহয়, সেই টকাও মোৰ নহয়। অনুসূচিত জাতি-জনজাতি সমাজখনক আৰু মোক হাৰাশাস্তি কৰিবলৈ ইডিৰ বিষয়াসকলে এই সকলোবোৰ কৰিছে।”

মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ এই অভিযোগৰ পিছতে ইডিৰ বিষয়া কেইজনৰ বিৰুদ্ধে ৩১ জানুৱাৰীত অনুসূচিত জাতি-জনজাতি আইনৰ অধীনত এক গোচৰ ৰুজু কৰে ঝাৰখণ্ড আৰক্ষীয়ে। এই গোচৰৰ তদন্তৰ বাবে এক তদন্ত সমিতি গঠন কৰি উপ পৰিদৰ্শক দীপক কুমাৰ ৰায়ক এই গোচৰৰ তদন্তকাৰী বিষয়া হিচাপেও নিযুক্তি দিয়া হৈছে।  অৱশ্যে বুধবাৰে নিশাই হেমন্ত চোৰেনক গ্ৰেপ্তাৰ কৰা হয়। কিন্তু ঝাৰখণ্ডৰ জেএমএম মিত্ৰজোঁটৰ চৰকাৰৰ অধীনৰ ঝাৰখণ্ড আৰক্ষীয়ে চোৰেনক জেৰা চলোৱা ইডি বিষয়া কেইগৰাকীক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনাও বৃদ্ধি পাইছে।

গ্ৰেপ্তাৰক লৈ কি ক'লে ছোৰেণে?

ইফালে বুধবাৰে দিনৰ ১ বজাৰ পৰা চলা ৭ ঘণ্টীয়া জেৰাৰ অন্তত নিশা ইডিয়ে গ্ৰেপ্তাৰৰ পূৰ্বে এক ভিডিঅ’যোগে এই তদন্ত আৰু গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে হেমন্ত চোৰেনে।  প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাটো ইডিৰ “পৰিকল্পিত” বুলি দাবী কৰি কয় যে দৰিদ্ৰ লোক, দলিত আৰু আদিবাসীক অত্যাচাৰ কৰা সামন্তীয় ব্যৱস্থাৰ বিৰুদ্ধে যুদ্ধ চলোৱাৰ সময় আহি পৰিছে। এই ভিডিঅ’ বাৰ্তাত চোৰেনে তদন্তকাৰী সংস্থাটোৱে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰে।

চোৰেনে কয়, "ইডিয়ে মোক গ্ৰেপ্তাৰ কৰিবলৈ আহিছে। গোটেই দিনটো মোক জেৰা কৰাৰ পিছত তেওঁলোকে মোক পৰিকল্পিতভাৱে এনে এটা বিষয়ত গ্ৰেপ্তাৰ কৰাৰ সিদ্ধান্ত লৈছে যিটো মোৰ সৈতে জড়িত নহয়। তেওঁলোকে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছে। তেওঁলোকে (ইডি) কোনো প্ৰমাণ নাপালে। আৰু দিল্লীত অভিযান চলাই মোৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰা হৈছে।”
 
ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰাৰ পিছত প্ৰস্তুত কৰা ভিডিঅ’ বাৰ্তাটোত চোৰেনে দাবী কৰে যে তেওঁক গ্ৰেপ্তাৰ কৰা ধন সৰবৰাহৰ গোচৰৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। তেওঁ কয় যে অৱশেষত সত্যই প্ৰাধান্য পাব। চোৰেনে কয়, “মই হাৰ নামানো। শেষত সত্যয়েই। আমি দুখীয়া, দলিত আৰু জনজাতীয়ক অত্যাচাৰ কৰা সামন্তীয় ব্যৱস্থাৰ বিৰুদ্ধে যুঁজ কৰিব লাগিব।”

ইফালে, ইডিৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই দাখিল কৰা চোৰেনৰ আবেদনৰ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰে গঠিত বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হয়। 

বিজেপিয়ে দলিত-জনজাতিৰ লোকক বেয়া পায়!

বিৰোধী দলৰ ইণ্ডিয়া মিত্ৰজোঁটৰ সদস্যসকলে বিজেপিয়ে চৰকাৰক অস্থিৰ কৰিবলৈ সংস্থা ব্যৱহাৰ কৰা বুলি অভিযোগ কৰি হেমন্ত চোৰেনৰ গ্ৰেপ্তাৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে বিজেপিক কঠোৰ সমালোচনা কৰি কয়  যে বিজেপিৰ জনজাতি বিৰোধী ৰূপৰ প্ৰতিফলন হৈছে হেমন্ত চোৰেনৰ গ্ৰেপ্তাৰ। নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত অখিলেশ যাদৱে লিখিছে, "ঝাৰখণ্ডে নতশিৰ নকৰে! ঝাৰখণ্ডত বিজেপিৰ জনজাতীয় বিৰোধী মুখখন চৰ্চালৈ আহিছে। ঝাৰখণ্ডৰ সাহসী যোদ্ধা হেমন্ত চোৰেন জীয়ে সদায় জনজাতি আৰু পিছপৰা শ্ৰেণীৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধ হৈ আহিছে। ঝাৰখণ্ডক শোষণৰ পৰা ৰক্ষা কৰিব পৰাকৈ বিজেপিৰ দুৰ্নীতিগ্ৰস্ত ৰাজনীতিবিদ আৰু পুঁজিপতিৰ সন্মুখত দেৱাল হিচাপে থিয় দি আহিছে তেওঁ। সেইবাবেই তেওঁলোকৰ লগত ইমান বেয়া ব্যৱহাৰ কৰা হৈছে। এয়া ঝাৰখণ্ডৰ জনমতক অপমান কৰা। সেইবাবেই ঝাৰখণ্ডৰ প্ৰতিজন বাসিন্দাই এইবাৰ বিজেপিৰ বিৰুদ্ধে ভোট দিব আৰু বিজেপিয়ে ঐতিহাসিক পৰাজয়ৰ সন্মুখীন হ'ব লাগিব।"

কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়েও কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ জাহিৰ কৰে। এক্সত পোষ্ট কৰি ৰাহুল গান্ধীয়ে লিখিছে, "ইডি, চিবিআই, আইটি আদি এতিয়া চৰকাৰী সংস্থা নহয়, এতিয়া বিজেপিৰ 'বিৰোধী শিৱিৰ নিৰ্মূল'ৰ আহিলা হৈ পৰিছে। দুৰ্নীতিত ডুব যোৱা বিজেপিয়ে নিজেই ক্ষমতাৰ প্ৰতি আকৰ্ষিত হৈ গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযান চলাইছে।" 

ইফালে, কংগ্ৰেছৰ সাংসদ কোডিকুন্নিল সুৰেশে অভিযোগ কৰে যে শাসকীয় বিজেপিয়ে দেশৰ সমগ্ৰ বিৰোধীক নিৰ্মূল কৰিবলৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক নিজা সংস্থালৈ ৰূপান্তৰিত কৰিছে। তেওঁ কয়, "প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, বিত্তমন্ত্ৰীৰ কাৰ্যালয়, আৰু গৃহমন্ত্ৰীৰ কাৰ্যালয়ে ইডি আৰু কেন্দ্ৰীয় চৰকাৰৰ অন্যান্য সংস্থাসমূহক নিৰ্দেশ দিছে যে বিৰোধী নেতাসকলক জেৰাৰ বাবে মাতি আনক আৰু বিৰোধী নেতাৰ ঘৰত অভিযান চলাওক। এয়া অতি দুৰ্ভাগ্যজনক আৰু অগণতান্ত্ৰিক।”

গ্ৰেপ্তাৰ হ’ব নেকি কেজৰিৱাল, অভিষেক, তেজস্বীও?

মাত্ৰ দুমাহ পিছত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীক নস্যাত্ কৰিবলৈ বিজেপি উঠিপৰি লাগিছে। বিৰোধীক নিঃশেষ কৰাৰ বাবে মোদী চৰকাৰৰ প্ৰধান অস্ত্ৰ হৈছে ইডি, চিবিআই, আইটিৰ দৰে তদন্তকাৰী সংস্থা। বিভিন্ন অভিযোগ তুলি বাৰে বাৰে হাৰাশাস্তি কৰা হৈছে বিৰোধী নেতাক। বিশেষকৈ বিজেপি চৰকাৰৰ ‘দুৰ্নীতি বিৰোধী অভিযান’ৰ আঁৰত তদন্তকাৰী সংস্থাৰ লক্ষ্য হৈ পৰিছে অ-বিজেপি শাসিত ৰাজ্যৰ বিৰোধী নেতা। কিন্তু ৰহস্যজনকভাৱে কোনো নেতাই বিৰোধীৰ পৰা দল সলাই গেৰুৱা বসন পৰিধান কৰাৰ লগে লগে তেওঁ হৈ পৰিছে দুৰ্নীতিমুক্ত, দাগহীন নেতা।

বিজেপিৰ এই দমনমূলক হাতোৰাৰ তলত পিষ্ট হৈ ইতিমধ্যে কাৰাবন্দী হ’বলগীয়া হৈছে বহু নেতা। দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়াৰ পৰা আৰম্ভ কৰি পশ্চিম বংগৰ প্ৰাক্তন মন্ত্ৰী পাৰ্থ চেটাৰ্জীলৈকে বহু বিৰোধী নেতাৰ এতিয়া ঠিকনা কাৰাগাৰৰ কুঠৰী। এতিয়া আন কেইবাগৰাকীও বিৰোধী নেতাও কাৰাবন্দী হ’ব পাৰে বুলি আশংকা বাঢ়িছে। যাৰ ভিতৰত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী, বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ দৰে নেতা।

দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িত মানি লণ্ডাৰিং গোচৰত ইতিমধ্যে ৫ বাৰকৈ চমন জাৰি কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। প্ৰথম চাৰিখন চমন আওকান কৰাৰ পিছত শেহতীয়াকৈ পঞ্চমখন চমন জাৰি কৰি ২ ফেব্ৰুৱাৰীত ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে। এই গোচৰত ইতিমধ্যেই কাৰাগাৰত বন্দী হৈ আছে উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়া, সাংসদ সঞ্জয় সিঙো। কেজৰিৱালে বাৰে বাৰে চমন উপেক্ষা কৰি কয় যে এয়া বিজেপিৰ ষড়যন্ত্ৰ। দিল্লীত আপৰ চৰকাৰৰ পতন ঘটাবলৈ এনে কু-অভিসন্ধি ৰচা বুলি দাবী কৰি আহিছে আম আদমী পাৰ্টীয়ে। বিজেপিয়ে ইয়াৰ বাবে আপ বিধায়ক ৫ কোটিকৈ দিয়াৰ প্ৰস্তাৱ দিয়া বুলিও বিস্ফোৰক অভিযোগ ইতিমধ্যে তুলিছে কেজৰিৱালে।

আনহাতে গ্ৰেপ্তাৰৰ সম্ভাৱনা বৃদ্ধি পাইছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভাতৃপুত্ৰ তথা তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰো। ৰাজ্যখনৰ শিক্ষক নিযুক্তি কেলেংকাৰী আৰু ধনৰ বিনিময়ত চাকৰিৰ গোচৰত তেওঁৰ বিৰুদ্ধে তদন্ত চলাই থকা হৈছে। ইতিমধ্যে কেইবাবাৰো চামিন জাৰি কৰি ইডিৰ কাৰ্যালয়লৈ মাতি পঠিওৱা হৈছে অভিষেকক। অ-বিজেপি শাসিত ৰাজ্যখনৰ শাসকীয় দলৰ বিৰুদ্ধে এয়াও বিজেপিৰ ষড়যন্ত্ৰ বুলি টিএমচি আৰু বিৰোধীয়ে বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছে।

চাকৰিৰ বিনিময়ত মাটি কেলেংকাৰীৰ গোচৰত এতিয়া তদন্তকাৰী সংস্থাৰ লক্ষ্যত আছে বিহাৰৰ সদ্য প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আৰ জে ডিৰ নেতা তেজস্বী যাদৱ। কিছুদিন আগলৈকে বিহাৰত নীতিশ কুমাৰৰ জে ডি ইউ আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ চৰকাৰ আছিল ৰাষ্ট্ৰীয় জনতা দলৰ। নীতিশ কুমাৰ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰীৰ আসনতো অধিষ্ঠিত হৈ আছিল তেজস্বী। কিন্তু বিহাৰ ৰাজনীতিৰ আকস্মিক পট পৰিৱৰ্তনৰ পিছত নীতিশ কুমাৰে এন ডি এৰ সৈতে হাত মিলোৱাৰ পিছতে এতিয়া তেজস্বী যাদৱৰ বিৰুদ্ধে তদন্ত অধীক ক্ষিপ্ৰতৰ হৈ পৰিব বুলি আশংকা কৰা হৈছে। বহুতেই এতিয়া এয়াও ভাবিবলৈ আৰম্ভ কৰিছে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে গ্ৰেপ্তাৰ হ’ব পাৰে লালুপুত্ৰও।