গুৱাহাটীঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী ঘোষিত ধুবুৰীৰ মহিলা এগৰাকীৰ লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াত দাখিল হোৱা ৫০ লক্ষাধিক পঞ্চায়ত নথিৰ চৰকাৰী বৈধতা তথা গ্ৰহণযোগ্যতা নাকচ কৰাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰয়াৰ।

বিশেষকৈ ৰাজ্যৰ মুছলিম অধ্যুষিত এলেকাত উচ্চ ন্যায়ালয়ৰ এই ৰায়ে প্ৰভাৱ পেলাব পৰাৰ আশংকা প্ৰকাশ কৰিছে স্বয়ং অসম আৰক্ষীৰ বিশেষ শাখাই। প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্য চৰকাৰৰ গৃহ বিভাগে অসম আৰক্ষীৰ বিশেষ শাখাৰ পৰা পোৱা খবৰৰ ভিত্তিত যিকোনো ধৰণৰ অনাহুত পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ ৰাজ্যৰ কেইখনমান জিলাৰ আৰক্ষী অধীক্ষকসকললৈ এক গোপন বাৰ্তা প্ৰেৰণ কৰিছে।

যিহেতু এন আৰ চিৰ প্ৰ পত্ৰ পূৰণ প্ৰক্ৰিয়াত পঞ্চায়ত সচিব আৰু বি ডি অ' সকলৰ নথি প্ৰত্ৰৰে নাগৰিকত্বৰ বৈধতা স্বীকাৰ কৰা হৈছিল সেয়ে ৰাজ্যৰ লাখ লাখ লোকে পঞ্চায়তৰ নথি-পত্ৰৰে স্বদেশী হিচাপে প্ৰমাণিত কৰিছিল। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে এন আৰ চিত নাম অন্তৰ্ভূক্তিৰ বাবে আবেদনকাৰীয়ে দাখিল কৰা পঞ্চায়ত নথিৰ কোনো বৈধতা নাই আৰু এনে নথিৰ কোনো “ৰাজহুৱা নথি” নহয়, বৰঞ্চ “ব্যক্তিগত নথি” বুলিহে ৰায়দান কৰে ।

এই ৰায়দানৰ পিছতে ৰাজ্যৰ ভিন্ন প্ৰান্তত সৃষ্টি হৈছে হাহাকাৰৰ। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যাৱতীয় কাৰ্য্য ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বিশেষকৈ মুছলিম বসতি প্ৰধান জিলা ধুবুৰী, বৰপেটা, মৰিগাওঁ আৰু গোৱালপাৰত সম্ভাৱনীয় বিপদৰ কথা অসম আৰক্ষীৰ বিশেষ শাখাই আঙুলিয়াই দিয়াত ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ততাতয়াকৈ উক্ত চাৰিখন জিলাৰ আৰক্ষী অধীক্ষকক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে।

হাই এলাৰ্টৰ জৰিয়তে অনাগত দিনত উক্ত জিলাকেইখনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত হ'ব পৰা অনাহত পৰিস্থিতিৰ ছবিখনকে দাঙি ধৰিছে। যদিহে এনে আশংকাই বাস্তৱ ৰূপ লয় তেন্তে অনাগত দিনত ৰাজ্য চৰকাৰৰ বাবে আইন-শৃংখলা নিয়ন্ত্ৰণ কৰাতো যে প্ৰত্যহ্বান হৈ পৰিব সেয়া নিশ্চিত।