ডিজিটেল ডেস্কঃ গৰমে দহিছে সমগ্ৰ ভাৰত৷ উত্তৰ ভাৰতৰ পৰা দক্ষিণ ভাৰতলৈ সকলোতে উৎকট গৰমৰ বাবে ব্যাহত হৈছে সাধৰণ জীৱন যাত্ৰা৷ মে মাহ নৌপৰোতেই অন্ধ্ৰ প্ৰদেশত গৰমৰ বাবে মৃত্যুমুখত পৰিছে কেইবাজনকৈ ব্যক্তি৷

বিগত ৩৬ ঘন্টাত ৰাজ্যখনত ৫ জন লোকৰ মৃত্যু হয় উৎকট গৰমৰ বাবে৷ মঙলবাৰেই ৪ জনৰ মৃত্যু হয়৷ মৃতকৰ ভিতৰত চাৰিজনৰ বয়স ৪০ পৰা ৬০ৰ ভিতৰত আৰু আন এজনৰ বয়স ৭৪৷ উল্লেখযোগ্য যে গৰমৰ ফলত প্ৰত্যেক বছৰে মৃত্যু মুখত পৰে শতাধিক লোক৷

কিন্তু দেশত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে গৰমৰ তাপমাত্ৰা৷ বতৰ বিশেসজ্ঞই প্ৰকাশ কৰিছে অতিমাত্ৰা গৰম অঞ্চলসমুহত জুন জুলাই মাহতহে বৰষুণ অহাৰ সম্ভাৱনা আছে৷

দিল্লীকে ধৰি কেইবাখনো মহানগৰীত এতিয়াই তাপমাত্ৰাই ৫০ ডিগ্ৰী চেলচিয়াচ চুইছে৷ দিল্লী, তেলেংগানা, উত্তৰ অন্ধ্ৰ প্ৰদেশ আৰু পুব মহাৰাষ্ট্ৰ গৰমৰ বাবেই চলিত বৰ্ষত বিপদ্দজনক অঞ্চললৈ পৰিণত হৈছে৷