কাজিৰঙাঃ "চোৰ গলে বুদ্ধি ,বৰষুণ গলে জাপি"-এয়াই যেন এতিয়া অসমৰ বন বিভাগৰ নীতি। এই নীতিকে অনুসৰণ কৰি বাৰিষাৰ আগমনৰ সময়তহে বন বিভাগে আৰম্ভ কৰিবলৈ লৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাইলেণ্ড নিৰ্মাণৰ কাম।

উল্লেখ্য যে, বিগত বৰ্ষত প্ৰবল বানৰ কবলত পৰি বহু বন্যপ্ৰাণী মৃত্যু মুখত পৰিছিল। প্ৰতি বছৰৰ দৰে একে ঘটনাই পুনৰাবৃত্তি হৈ থকাত ৰাষ্ট্রীয় উদ্যানখনত বানৰ সময়ত বন্যপ্ৰাণীৰ আশ্ৰয়ৰ বাবে পৰ্যাপ্ত হাইলেণ্ড নিৰ্মাণৰ বাবে বিভিন্ন সময়ত দাবী উত্থাপন হৈ আহিছিল।

নতুন চৰকাৰখনৰ প্ৰায় এটা বছৰ সম্পূৰ্ণ হোৱাৰ সময়তহে গা লৰিল বন বিভাগৰ। ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙাত। জানিব পৰা মতে প্ৰায় ১৪ কোটি টকা ব্যয় সাপেক্ষে ৩৩ টা হাইলেণ্ড নিৰ্মাণৰ বাবে নিবিদা আহ্বান কৰি ইতিমধ্যে ঠিকাদাৰক নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰিছে বন বিভাগে।

কিন্তু হাইলেণ্ড নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বুলডজাৰ, ট্ৰেক্টৰ, ডাম্পাৰ লৈ কাজিৰঙাত উপস্থিত হ'ল যদিও বৰষুণৰ বাবে থমকি ৰ'ব লগা হৈছে ঠিকাদাৰ। প্ৰবল বৰষুণৰ বাবে পানীৰে উপচি পৰা কাজিৰঙাৰ অৰ্ন্তভাগৰ বোকা-পানীৰ মাজত কাম আগবঢ়াব নোৱাৰি উদ্যানৰ বাহিৰতে প্ৰায় এসপ্তাহ ধৰি বাহৰ পাতিব লগা হৈছে ঠিকাদাৰ-কৰ্মচাৰীয়ে। উত্থাপন হোৱা অভিযোগ অনুসৰি বাৰিষাৰ প্ৰাকক্ষণত ৰাষ্ট্রীয় উদ্যানখনৰ হাইলেণ্ডসমূহ বানে খহাই নিয়াৰ আশংকাই অধিক।

এনেস্থলত এনে সময়ত বন বিভাগে এই নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিবলৈ লোৱাটো চৰকাৰী ধনৰ অপচয়ৰ বাদে আন একো নহয় বুলিও অভিযোগ উত্থাপিত হৈছে। ইয়াৰ পাছতো ৰাষ্ট্রীয় উদ্যানখনত হাইলেণ্ড নিৰ্মাণ কৰি বনবিভাগে বানৰ সময়ত বন্যপ্ৰাণী কেনেদৰে সুৰক্ষা প্ৰদান কৰে সেয়া সময়তহে দেখা যাব।