ধমি (হিমাচল প্ৰদেশ): পূজা উপলক্ষত আপুনি কেনেধৰণৰ পৰম্পৰাৰ দেখিছে বাৰু? বলি-বিধান কিম্বা আৰতি-অৰ্চনাই সাধাৰণতে পূজাত ঠাই পায়৷ জানি আচৰিত হ’ব যে হিমাচল প্ৰদেশৰ এখন গাঁৱত এজনে আনজনৰ গালৈ শিলগুটি দলিয়াই পালন কৰি আহিছে কালী গোসাঁনীৰ পূজা৷ 

প্ৰতি বছৰেই হিমাচল প্ৰদেশৰ ধামি নামৰ গাওখনত প্ৰায় শতাধিক লোক একত্ৰিত হৈ দেৱী পূজা কৰাৰ লগতে স্থানীয় দুখন গাঁৱৰ ৰাইজ লগ লাগি আয়োজন কৰে বৰ্ণাঢ্য শোভাযাত্ৰাৰ৷ তাৰ পাছতেই আৰম্ভ হয় দেৱীক সন্তুষ্ট কৰিবলৈ শিলগুটি নিক্ষেপ কৰাৰ দৰে অদ্ভুত তথা ভয়ানক কাণ্ড৷ 

অতীজৰেপৰা চলি অহা এই পৰম্পৰাটো সংৰক্ষণ কৰিবলৈ আগভাগ লৈ আহিছে ছিমলা চহৰৰপৰা ৪০ কি মি নিলগৰ ধামী গাঁৱৰ ৰাজ পৰিয়ালৰ ডেকা সদস্যসকলে৷ স্থানীয় লোকৰ বিশ্বাস অনুযায়ী নৰবলি ৰোধ কৰিবলৈ ধামীৰ ৰাণীয়ে নিজ দেহ ত্যাগ কৰিবলৈও কুন্ঠাবোধ কৰা নাছিল৷ 

পৰম্পৰা মতে যেতিয়ালৈ কাৰো দেহৰ পৰা ৰক্তক্ষৰণ নহয় তেতিয়ালৈ দুই পক্ষৰ মাজত শিলগুটি দলিওৱা কাৰ্য চলি থাকে৷ ৰক্তক্ষৰণ হোৱাৰ পাছত সেই ৰক্ত দেৱীক উছৰ্গা কৰা হয়৷ নৰবলিৰ দৰে ঘৃণনীয় কাৰ্য বন্ধ কৰিবলৈ প্ৰায় ৪০০ বছৰ ধৰি এই পৰম্পৰা চলাই থকা হৈছে৷