গুৱাহাটীঃ কেন্দ্ৰৰ নিৰ্দেশনাতে হওক বা ৰাজ্য চৰকাৰৰ চিন্তা-চৰ্চাৰেই হওক, মুঠৰ ওপৰত চমক সৃষ্টিকাৰী ঘোষণাৰে জনমানসত প্ৰতিষ্ঠিত হোৱা  ৰাজ্যৰ বিভিন্ন গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্বত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত জনসংখ্যা ৰোধৰ বাবে কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। আজি মহানগৰীত অনুষ্ঠিত সংবাদ মেলত এই নতুন নিয়মসমূহৰ বিষয়ে ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে৷

♦ পুত্ৰ বিচাৰি পত্নীক হাৰাশাস্তি কৰা স্বামীয়ে পাব শাস্তি

এই অনুযায়ী ৰাজ্যৰ ১২খন জিলাৰ জনসংখ্যাৰ ওপৰত অধিক নজৰ দিয়াৰ উদ্দেশ্যে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে৷ মূলতঃ যিকেইখন জিলাত জনসংখ্যা অস্বাভৱিকভাৱে বৃদ্ধি হৈছে সেই ১২খন জিলাত নজৰ দিব প্ৰশাসনে৷ মৰিগাঁও, গোৱালপাৰা আৰু দৰঙত বিশেষ গুৰুত্ব দিয়াৰ উপৰিও ধুবুৰী, দক্ষিণ শালমাৰা, নগাওঁ, কৰিমগঞ্জ, বৰপেটা, হাইলাকান্দি, বঙাইগাঁও, কাছাৰ আৰু কামৰূপ জিলাও চোকা নীৰিক্ষণত থাকিব চৰকাৰৰ৷

আনহাতে কন্যা সন্তান জন্ম হ’লে যদি স্বামীয়ে পত্নীক হাৰাশাস্তি কৰে, তেন্তে পতি শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে৷ এনে অপৰাধ ৰোধ কৰাৰ বাবে নতুন আইন প্ৰণয়ন হ’ব বুলি প্ৰকাশ কৰে মন্ত্ৰীয়ে৷

জনসংখ্যাৰ নতুন নিয়মসমুহ কেৱল সাধৰণ লোকৰ মাজতে সীমাবদ্ধ নাৰাখিলে হিমন্তই৷ এতিয়াৰে পৰা এই নিয়মসমূহ প্ৰযোজ্য হ’ব মন্ত্ৰী-বিধায়কৰ ক্ষেত্ৰতো৷ জনসংখ্যাৰ এই নতুন নিয়মত নাৰী সবলীকৰণৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছে চৰকাৰে৷ 

সাম্প্ৰতিক সময়ত সমগ্ৰ দেশতে চৰ্চিত হৈ থকা 'তিনি তালাক’ সন্দৰ্ভতো এক নতুন নিয়ম প্ৰৱৰ্তন কৰিছে ৰাজ্য চৰকাৰে৷ 'তিনি তালাক’ৰ ভুক্তভোগী মহিলাই লাভ কৰিব পেঞ্চন৷ মহিলাৰ বাবে ৫০% আসন সুৰক্ষিত হোৱাৰ উপৰিও বিধৱাসকলক দিয়া হ’ব পেঞ্চন৷ যিহতু সমগ্ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ মহিলাসমূহ পিছপৰি আছে, সেইবাবে মহিলাসকলক আগুৱাই আনিবলৈ অধিক গুৰুত্ব দিব চৰকাৰে৷