গুৱাহাটীঃ ১২৬ জন বিধায়ক সদস্যৰে গঠিত অসম বিধানসভাত বিধায়কসকলক ৰাইজে নিজ নিজ সমষ্টিৰ সমস্যাৰ কথা দাঙি ধৰিবলৈ ভোট দি প্ৰেৰণ কৰে৷ ৫ বছৰ কাৰ্যকালৰ বাবে প্ৰেৰণ কৰা সদস্যসকলে নিজ সমষ্টিৰ সমস্যা সমূহৰ কথা বিধানসভাত উল্লেখ কৰিবলৈ সক্ষম হয়নে৷ 

এই কথা সময়ে সময়ে চৰ্চা হোৱা পৰিলক্ষিত হোৱা দেখা যায়৷ বিষয়বস্তুৰ গাম্ভীৰ্য নথকা কিছু বিষয়কলৈ অসম বিধান সভাত আলোচনা কৰা দেখা যায়৷ অসম বিধানসভাৰ আলোচনা বিষয় বস্তুক লৈ সময়ে সময়ে ৰাজ্যত ব্যাপক চৰ্চা হৈ আহিছে৷ একাংশ মন্ত্ৰী-বিধায়কে তৰল কথাৰে বিভিন্ন সময়ত ইজনে-সিজনক ঠাট্টা-মষ্কৰা কৰা দেখা যায়৷

শীত-তাপ নিয়ন্ত্ৰিত কোঠা, আৱাস গৃহ, গাড়ীৰ পেট্ৰল-ডিজেল, বিশুদ্ধ খোৱাপানীলৈকে সকলো ৰাজ কোষৰ টকাৰে অসমৰ বিধায়কসকলে চলে৷ শকত দৰমহা, বিশেষ বোনাচ, বিদেশ ভ্ৰমণ আদি লৈ ৰাজকোষৰ তলি উদং কৰা বিধায়কসকলে ৰাইজৰ সমস্যাৰ কথা অসম বিধান সভাত উত্থাপন-আলোচনা কৰাত বিফল হোৱাৰে অভিযোগ উত্থাপন হৈ আহিছে৷

এইবাৰ অসম বিধানসভাত আৰবী ভাষাৰ শিক্ষকক লৈ বিতৰ্ক চলি থকাৰ সময়তে বিধানসভাত চৰ্চা হ’ল কোন দেশত কি ভাষা পঢ়ায় তাক লৈ৷ আৰবী ভাষাৰ শিক্ষক নিযুক্তিক লৈ উত্থাপন কৰা প্ৰশ্নত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰবত অসমীয়া ভাষা পঢ়াই নেকি বুলি বিৰোধীৰ বিধায়কক টাৰ্টেগ কৰি প্ৰশ্ন উত্থাপন কৰে৷ যদি আৰবত অসমীয়া পঢ়াই আমিও আৰবী পঢ়িবলৈ দিম বুলি বিৰোধীক উদ্দেশ্যে মন্তব্য আগবঢ়ায়৷ 

বিধানসভাত শিক্ষা মন্ত্ৰীয়ে এই মন্তব্য আগবঢ়োৱাৰ লগে লগে কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে আসনৰ পৰা উঠি পইন্ট অৱ অৰ্ডাৰ আনিব খোজেতেই হিমন্তৰ একালৰ মিত্ৰ কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইন আসনৰ পৰা উঠি হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যে কয় ‘‘ইংলেণ্ডত অসমীয়া ভাষা পঢ়াই নে৷ আগতে কওক ইংলেণ্ডত অসমীয়া ভাষা পঢ়াই নে৷ যদি নপঢ়াই অসমত ইংৰাজী ভাষাটো কিয় পঢ়াব লাগে৷ বন্ধ কৰি দিব লাগে।’’ হিমন্ত বিশ্ব শৰ্মাই ১০জন আৰবীৰ ছাত্ৰ থকা স্কুলত কেনেকৈ আৰবী শিক্ষক নিযুক্তি দিম বুলি কৈ আৰবী শিক্ষাৰ নামত অযথা খৰচ কৰি আছো বুলি উত্তৰ দিছিল সদনত৷