ডিজিটেল ডেস্কঃ বিতৰ্কৰে এইবাৰৰ ৰঙালী বিহুৰ অনুষ্ঠানৰ পাতনি মেলিলে জুবিন গাৰ্গে। হিন্দী গীত গোৱাক লৈ নুনমাটি বিহু সন্মিলনীত সূত্ৰপাত হয় এই বিতৰ্কৰ। Krrish ছবিখনৰ এটি জনপ্ৰিয় গীত গোৱাৰ পিছতে আয়োজকসকলে জুবিনক হিন্দী গীত পৰিৱেশন নকৰিবলৈ আহ্বান জনায়। 

আয়োজকৰ উক্ত আহ্বানৰ পিছতে মঞ্চতে দুয়োপক্ষৰ মাজত বাকযুদ্ধ লাগে। আয়োজকে জুবিনক স্পষ্ট কৰি দিয়ে যে চুক্তি পত্ৰত কেৱল অসমীয়া গীত গাব পাৰিব বুলিহে উল্লেখ কৰা আছিল। প্ৰত্যুত্তৰত শিল্পীগৰাকীয়ে কয় তেওঁৰ যি মন যায় সেই গানহে গাব। গান গোৱাত হস্তক্ষেপ কৰিলে অনুষ্ঠান পৰিৱেশন কৰাৰ কোনো অৰ্থই নাই বুলিও মন্তব্য কৰে জুবিনে। 'নিজৰ মতে গান গাবলৈ নিদিলে অনুষ্ঠানলৈ মাতিবই নালাগে।’-জুবিনৰ স্পষ্ট কথা।

আয়োজক কমিটিৰ এজন বয়োজ্যেষ্ঠ লোকক উদ্দ্যেশ্যি উদ্ধত মন্তব্যও কৰে জুবিনে। “You can not dictate me ! ..... ঘেন্টাও কেয়াৰ নকৰো !”-হিন্দী গীত পৰিৱেশনত বাধা দিয়া বয়োজ্যেষ্ঠ আয়োজক কমিটিৰ সদস্য এজনক উদ্দেশ্যি এইদৰে কয় জুবিনে।

জুবিনৰ এনে মন্তব্যৰ পিছতে আয়োজকসকলে পুনৰ কেৱল অসমীয়া গীত গাবলৈ অনুৰোধ জনায় যদিও তেওঁ সেয়া প্ৰত্যাখ্যান কৰে। সহস্ৰাধিক দৰ্শকৰ সমুখত শিল্পীগৰাকীয়ে কয় যে ইতিমধ্যে যি কেইটা গীত গোৱা হৈ গ’ল তাৰ বাবে তেওঁক পইছা নালাগে। মঞ্চত আয়োজকৰ উপস্থিতিতে জুবিনে আৰু কয় যে সমুখত বহি থকা শ্ৰোতা-দৰ্শকসকলকহে তেওঁ ভাল পায়, আয়োজকক নহয়।

এইখিনি কোৱাৰ পিছতে অভিমানী জুবিনে 'লেটছ ফিনিশ্ব’ বুলি কৈ নুনমাটি বিহু সন্মিলনীৰ অনুষ্ঠান আধাতে সামৰে। নুনমাটিৰ অনুষ্ঠান আধাতে সামৰি শিল্পীগৰাকী পোনে পোনে ৰাওনা হয় ভৰলুমুখলৈ। ভৰলুমুখত শিল্পীগৰাকীয়ে দুটি গীত গোৱাৰ পিছতে হিন্দী গীতৰ প্ৰসংগ উল্লেখ কৰি এছ ডি বৰ্মনক সুঁৱৰি 'সুন বন্ধুৰে’ শীৰ্ষক হিন্দী গীতটো পৰিৱেশন উপস্থিত শ্ৰোতা-দৰ্শকক আপ্লুত কৰে। অনুষ্ঠানটোত তেওঁ যিমানবোৰ ভাষাৰ গীত জানে সেই আটাইবোৰ ভাষাৰেই গীত গাই যাব বুলিও উল্লেখ কৰে। 

ইফালে নুনমাটি বিহু সন্মিলনীৰ আয়োজকসকলে নিজৰ সিদ্ধান্তত অটল থাকিব বুলি স্পষ্ট কৰি দিয়ে। আয়োজকসকলে সংবাদ মাধ্যমৰ আগত কয় যে কেৱল অসমীয়া গীত পৰিৱেশন কৰাতো নুনমাটি বিহু মঞ্চৰ পৰম্পৰা আৰু সেই পৰম্পৰা ধৰি ৰাখিবলৈ তেওঁলোক বদ্ধ পৰিকৰ।

উল্লেখ্য যে বিগত বৰ্ষসমূহতো বিহু মঞ্চত হিন্দী গীত গাই বিতৰ্কত সোমাই পৰিছিল শিল্পীগৰাকী। আনকি হিন্দী গীত গোৱাক লৈ আলফা স্বাধীনেও ভাবুকি প্ৰদান কৰিছিল শিল্পীগৰাকীক। আলফাৰ উক্ত ভাবুকিক কেৰেপ নকৰি বিগত বৰ্ষতো সংগীতৰ কোনো ভাষা নাই বুলি কৈ নিজৰ মতেৰে হিন্দী গীত গাই গৈছিল জুবিনে।