গুৱাহাটীঃ বিধানসভাৰ মৰ্যাদা ৰক্ষা কৰিব নোৱাৰিলে মই পদত্যাগ কৰিম- এটি সাক্ষাৎকাৰত অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ এই মন্তব্য।  ইমানে নহয় শিক্ষাৰ ক্ষেত্ৰত লৰা-ধেমালি কৰিব নাপায় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় অধ্যক্ষগৰাকীয়ে। কালি খুব ষ্ট্ৰিক আছিলো বুলি কৈ হাঁহি মাৰি কৈ নীতিৰ ক্ষেত্ৰত কোনোপধ্যেই আপোচ নকৰাৰ অংগীকাৰ কৰে অধ্যক্ষগৰাকীয়ে৷

ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ নিউজ চেনেল News Liveক দিয়া এটি সাক্ষাৎকাৰত এই কথা উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে কয় ‘‘মই সদন খন ডাঙৰ বুলি ভাবো৷ মোৰ নিজৰ বিষয়টো ডাঙৰ কথা নহয়৷ মই বিধানসভাৰ মৰ্যদা ৰক্ষা কৰিব নোৱাৰিলে পদত্যাগ কৰিম৷’’

নীতিৰ কথা উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে কয় যে নীতিৰ ক্ষেত্ৰত আপোচ কৰা নহব৷ কালি যিখিনি হ’ল ভালেই হ’ল৷ মই পাৰ্টি চোৱাত নাই৷ মই এই জ’বটো ডেইলি বেচিচত গন্টি কৰো৷ ৩ বছৰ ৪ বছৰ ৫ বছৰত গন্টি নকৰো৷ মই যিদিনাই এই ৰুল মানি চলিব পাৰ নাই বুলি ভাবো এই খন চকীত নাথাকো৷ মই সদনৰ মৰ্যাদা ৰক্ষাৰ কাম কৰিম, অন্যথাই পদত্যাগ কৰিম৷ এনেদৰে কয় অধ্যক্ষগৰাকীয়ে।

উল্লেখ্য য যোৱা তিনিটা দিন অসম বিধান সভাৰ অচলা অৱস্থাৰ সৃষ্টি হোৱাৰ উপক্ৰম হৈছে৷ তাৰ পিছতেই বৃহস্পতিবাৰে অসম মহিলা বিশ্ববিদ্যালয়ক লৈ অসমৰ বিধানসভাত শাসক-বিৰোধীৰ বিধায়কে সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷

বৃহস্পতিবাৰে সদনত মহিলা বিশ্ববিদ্যালয় প্ৰসংগ উত্থাপন কৰিছিল তৰুণ গগৈয়ে৷ তাৰ পিছতেই শাসক আৰু বিৰোধীৰ বিধায়কে থিয় হৈ ইটো দলৰ বিধায়কে সিটো দলৰ বিধায়কক তীব্ৰ বাক্যবান কৰে। ফলত সদনত বিব্ৰত হৈ পৰে অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী৷ সদনৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰিব নোৱাৰি বিবুধিত পৰে অধ্যক্ষগৰাকী। কংগ্ৰেছ বিধায়কসকলে আসনৰ পৰা উঠি আহি অধ্যক্ষৰ আসনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ সমানে সমানে ফেৰ মাৰি বিজেপিৰ বিধায়কেও আসনৰ পৰা উঠি আহি শ্ল’গান দিয়ে৷

অধ্যক্ষই বিধায়কক বহিবলৈ নিৰ্দেশ দিয়ে৷ অধ্যক্ষৰ ৰুলিং অৱমাননা কৰাত ১৫ মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰে অধ্যক্ষই৷ অধ্যক্ষই সদন স্থগিত ঘোষণাৰ উপায়ন্তৰ হৈ পৰা অধ্যক্ষগৰাকীয়ে কিছু সময় পিছতেই অসম মহিলা বিশ্ববিদ্যালয়ৰ স্বীকৃতি বাতিল নহয় বুলি কৈ অক্ষুণ্ণ থাকিব বুলি ঘোষণা কৰিবলৈ বাধ্য হয়।