Printer-friendly version

মুম্বাইঃ 'তানাজীঃ দ্য আনছাং ৱেৰিয়ৰ’ চিনেমাখনত ইতিহাসক বিকৃতভাৱে উপস্থাপন কৰা হৈছে। এই মন্তব্য কৰিছে চিনেমাখনৰ এটি অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা অভিনেতা ছঈফ আলী খানে। প্ৰতিষ্ঠিত সাংবাদিক অনুপমা চোপ্ৰাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে কয় যে উদয়ভান ৰাথোৰৰ চৰিত্ৰটোৰ প্ৰতি তেওঁ আকৰ্ষিত হৈ পৰিছিল আৰু সেয়ে অভিনয় কৰাৰ পৰা নিজকে বিৰত ৰখাৰ কথা মনলৈ নাহিল।

'কিছুমান কাৰণত মই কোনোধৰণৰ ষ্টেণ্ড ল’ব নোৱাৰিলো। হয়তো অহাবাৰ মই এনেকুৱা কৰিব পাৰিম। মোৰ চৰিত্ৰটো বহুত ভাল লাগিছিল, সেয়ে অভিনয়ৰ প্ৰস্তাৱত সন্মতি নজনোৱাকৈ থাকিব নোৱাৰিলো। কিন্তু এয়া কোনোধৰণৰ ইতিহাস নহয়। ইতিহাস কি সেই বিষয়ে মই ভালকৈয়ে জানো। ইয়াত পলিটিকেল নেৰেটিভ সলনি কৰা হৈছে আৰু এয়া অতি ভয়াৱহ।’-সাক্ষাৎকাৰটোত এইদৰে কয় অভিনেতাগৰাকীয়ে।

তেওঁ আৰু কয়, 'মই ভাবো যে ইণ্ডিয়া ধাৰণাটো ব্ৰিটিছসকলে দিছিল আৰু তাৰ আগতে সেই ধাৰণা নাছিল। এই চিনেমাখনত কোনো ঐতিহাসিক তথ্য নাই। আমি এই লৈ কোনো যুক্তি-তৰ্ক দাঙি ধৰিব নোৱাৰিলো। এয়া সঁচাকৈয়ে দুৰ্ভাগ্যজনক যে আমি শিল্পীসকলে উদাৰবাদী চিন্তাধাৰাৰ কথা কও, কিন্তু জনপ্ৰিয়তাবাদৰ গণ্ডীৰ পৰা ওলাই আহিব নোৱাৰো। এয়া মুঠেই ভাল কথা নহয় যদিও এয়াই বাস্তৱ সত্য।’ 

অভিনেতাগৰাকীয়ে সাক্ষাৎকাৰটোত স্পষ্টকৈ স্বীকাৰ কৰে যে তানাজী চিনেমাখনত ইতিহাসৰ ভুল ব্যাখ্যা কৰা হৈছে। তেওঁ কয় যে চিনেমাসমূহত ব্যৱসায়িক সফলতাৰ বাবে ইতিহাসৰ ভুল ব্যাখ্যাক উপজীব্য হিচাপে ব্যৱহাৰ কৰাৰ প্ৰৱণতা ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে।

সাক্ষাৎকাৰটোত সাংবাদিক অনুপমা চোপ্ৰাই চলচিত্ৰ পৰিচালক কবীৰ খানে কৰা এটি মন্তব্যৰো উল্লেখ কৰে। কবীৰ খানে কৈছিল যে তেওঁ বেয়া অভিনয় আৰু দুৰ্বল স্ক্ৰীপ্ট মানি ল’ব পাৰিব কিন্তু কোনো কাৰণতে ব্যৱসায়িক সফলতাৰ বাবে চিনেমাৰ কাহিনীত ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে ইতিহাসৰ বিকৃতকৰণ মানি ল’ব নোৱাৰে। 

কবীৰ খানৰ উক্ত মন্তব্যৰ প্ৰসংগৰে সাংবাদিকগৰাকীয়ে বলীউডৰ ভিতৰচ’ৰাত মেৰুকৰণ বৃদ্ধি পাইছে নেকি বুলিও ছঈফ আলী খানক প্ৰশ্ন কৰে। এই প্ৰশ্নৰ উত্তৰত অভিনেতাগৰাকীয়ে কয়, 'নিশ্চিতভাৱে। দেশ বিভাজনৰ পিছত মোৰ পৰিয়ালৰ যিসকল লোকে ভাৰত এৰি গুচি গৈছিল তেওঁলোকে ভাবিছিল যে বিভাজনৰ পিছত ইয়াত তেওঁলোক সুৰক্ষিত নহ’ব। আনহাতে মোৰ পৰিয়ালৰ একাংশই আকৌ ভাৰততে থকাৰ সিদ্ধান্ত এইকাৰণে লৈছিল কিয়নো তেওঁলোকে ভাবিছিল যে ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ, গতিকে ইয়াত কোনোধৰণৰ সমস্যা হ’বই নোৱাৰে।’

অনুতপ্ত মনেৰে তেওঁ আৰু কয়, 'কিন্তু এতিয়া যি দিশেৰে আমাৰ দেশখন অগ্ৰসৰ হ’বলৈ লৈছে, মাজে মাজে মোৰ শংকা হয় যে এনেকৈ হ’বলৈ হ’লে আমাৰ মৰমৰ দেশখন আৰু ধৰ্মনিৰপেক্ষ হৈ নাথাকিবই কিজানি! যদি মই মোৰ আৰু পৰিয়ালৰ কথা কও তেন্তে আমি সম্পূৰ্ণৰূপে সুখত আছো। ভাল ডাক্টৰ আছে, সন্তানে ভাল স্কুলত পঢ়িছে। ভাল বিনিয়োগ, উপাৰ্জনো ভাল। কিন্তু ধৰ্মনিৰপেক্ষতা আৰু বাকী বিষয়সমূহক লৈ যিবোৰ কথা-বতৰা হৈ আছে, সেইবোৰত আমি ভাগ লোৱা নাই। আমি সেইবোৰৰ বাবে সংগ্ৰাম কৰা নাই, ছাত্ৰ-ছাত্ৰীসকলে কৰিছে। যেতিয়া আমি কোনো এটা বিষয়ত মন্তব্য দিও বা পক্ষ লও তেতিয়াই চিনেমা বৰ্জনৰ হুংকাৰ দিয়া হয়। ঠায়ে ঠায়ে হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হয়। সেয়ে এইবোৰৰ পৰা আমি নিজকে বচাই চলো। কিয়নো আমাৰ ইণ্ডাষ্ট্ৰীৰ অধিকাংশ লোকেই এনে ঘটনাবোৰত সোমাই পৰিয়াল আৰু পেছাৰ ক্ষতিসাধন কৰিব নিবিচাৰে।’

♦ 'তানাজী’ চিনেমাত কি দেখুওৱা হৈছে?

এই চিনেমাখনত মোগলক বিদেশী হিচাপে দেখুওৱা হৈছে। মোগলসকলে ভাৰতত বছৰৰ পিছত বছৰ ধৰি আছে যদিও চিনেমাখনত সম্পূৰ্ণৰূপে বিদেশী সজোৱা হৈছে। ১৯৬০ চনৰ চিনেমা 'মোগল-এ-আজম’ত আকবৰক ভাৰতীয় হিচাপে দেখুওৱা হৈছিল। কিন্তু ২০০৮ চনৰ 'যোধা আকবৰ’ত সেই ঐতিহাসিক তথ্যক ওলোটাই দিয়া হয়।

প্ৰসিদ্ধ ইতিহাসবিদ হৰবংশ মুখিয়াই এই সন্দৰ্ভত বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে যোধা আকবৰত যিগৰাকী যোধা বাইক আকবৰৰ পত্নী হিচাপে দেখুওৱা হৈছে, প্ৰকৃততে যোধা বাই নামৰ কোনো মহিলাই নাছিল। পদ্মাৱত চিনেমাতো আলাউদ্দিন খিলজীক এগৰাকী অত্যাচাৰী মুছলমান শাসক হিচাপে দেখুওৱা হৈছে। একেদৰে 'তানাজী’ চিনেমাত এই হিন্দু-মুছলমান ধাৰণাক অধিক স্পষ্টকৈ পৃথক পৃথকভাৱে দেখুওৱা হৈছে। মোগলক ভাৰতীয় নহয় বুলি কোৱাৰ লগতে চিনেমাখনত মোগল আৰু প্ৰতিটো মুছলমান চৰিত্ৰক গাঢ় সেউজীয়া পোছাক পৰিধান কৰোৱা দেখা গৈছে। ইতিহাসবিদগৰাকীয়ে এনে প্ৰৱণতাক অভিহিত কৰিছে একপ্ৰকাৰৰ ষ্টেৰিঅ’টাইপ হিচাপে।

চিনেমাখনৰ আৰম্ভণিতে দাবী কৰা হৈছে যে হিন্দু ৰাজপুতৰ বিৰুদ্ধে হিন্দু মাৰাঠাক যুদ্ধৰ বাবে প্ৰৰোচিত কৰাতো হৈছে আকবৰৰ আটাইতকৈ ডাঙৰ চতুৰালি। কিন্তু ঐতিহাসিক তথ্য মতে এয়া মুঠেই শুদ্ধ নহয়। চিনেমাখনত মাৰাঠাসকলৰ ৰাজনৈতিক আকাংক্ষাক মূল্যৱান হিচাপে দেখুওৱা হৈছে। বিপৰীতে মোগল আৰু ৰাজপুতৰ ধাৰণাটোক তেনেই সৰলীকৰণ কৰা হৈছে। ছঈফ আলী খানে যি উদয়ভান ৰাথোৰৰ চৰিত্ৰ ৰূপায়ণ কৰিছে সেই চৰিত্ৰটোক ঔৰংগজেৱৰ বহতীয়া হিচাপে চিত্ৰিত কৰি নিগেটিভ চৰিত্ৰৰ ৰূপ দিয়া হৈছে চিনেমাখনত। 

এনে পৰিপ্ৰেক্ষিতত চিনেমাখনক লৈ দেখা দিছে একাধিক বিতৰ্কৰ। অৱশ্যে উক্ত বিতৰ্কৰ বাবে অধিক জনপ্ৰিয় হৈ পৰিছে ছবিখন। যুক্তিবাদী বিশ্লেষকসকলৰ মতে ছবিখনে ঐতিহাসিক তথ্যৰ ভুল ব্যাখ্যা কৰি হিন্দুত্ববাদী ধাৰণাটোক সিৰসিৰাই দিব পৰা বাবে অতি সহজে সৰ্বসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰিছে। চিনেমাখনত ব্যৱসায়িক সফলতাৰ বাবে ব্যৱহাৰ কৰা এই উপায়টোকে এতিয়া অভিনেতা ছঈফ আলী খানে ধৰ্মনিৰপেক্ষ দেশ তথা সমাজৰ বাবে বিপদজনক আখ্যা দিয়াটোৱে বহন কৰিছে বিশেষ তাৎপৰ্য।