ইতিহাসৰ স্বৰ্ণিল অধ্যায় বুকুত সামৰি ৰখা এখন চহৰৰ অস্তিত্বই আজি ককবকাইছে ধ্বসংস্তূপৰ মাজত। ক’লা-বগা দিনৰ ধূসৰ পৰশৰ পৰা আজিৰ নতুন পৃথিৱীৰ অত্যাধুনিক প্ৰযুক্তিৰ পৰশ লাভ কৰালৈকে ন-পুৰণি অলেখ কাহিনীৰ সাক্ষী হোৱা এই চহৰখনৰ আকাশ কঁপাইছে মৃত্যুৰ কিৰিলিয়ে। যেনি-তেনি সংঘটিত বিস্ফোৰণ আৰু দেশ এৰি পলায়ন কৰিব বিচৰা অসহায়-ভয়াৰ্ত নাগৰিকৰ চিঞৰে বিভীষিকা নমাইছে চহৰখনত। এই চহৰখন হৈছে গাজা। হামাছৰ আক্ৰমণৰ পিছত ইজৰাইলৰ প্ৰতিশোধমূলক আক্ৰমণত চূৰ্ণ বিচূৰ্ণ হোৱা এখন চহৰ গাজা।

কেইবা শতিকা পুৰণি গাজা চহৰখনৰ বিষয়ে ১৯৪৩ চনতে প্ৰকাশিত এখন গ্ৰন্থত জেৰুজালেমৰ পেলেষ্টাইনী ইতিহাসবিদ আৰিফ আল আৰিফে লিখিছে, "গাজা চহৰ ইতিহাসৰ অন্যতম পুৰণি চহৰসমূহৰ ভিতৰত অন্যতম এখন। এয়া কেৱল এটা শতিকা বা এটা যুগৰ চহৰ নহয়, বৰঞ্চ এই চহৰ অনেক প্ৰজন্মৰ প্ৰত্যক্ষদৰ্শী আৰু পাৰ হৈ যোৱা অতীতৰ অভিভাৱক। ইতিহাস লিপিবদ্ধ হ'বলৈ আৰম্ভ কৰা দিনৰে পৰাই এই চহৰখনৰো অস্তিত্ব আছে।"

এই গ্ৰন্থখনত আৰিফ আল আৰিফে এই উপকূলীয় চহৰখনৰ বিষয়ে আৰৱী, ইংৰাজী, ফৰাচী আৰু তুৰ্কী সাহিত্যত লিখা গাজা চহৰ বিষয়ক বিভিন্ন লেখাৰ সাৰাংশৰ বিশ্লেষণ দাঙি ধৰি চহৰখনৰ বিষয়ে এইদৰে লিখিছে।

১৯০৭ চনত প্ৰকাশিত আমেৰিকান ৰাব্বি মাৰ্টিন মেয়াৰৰ গাজাৰ বিষয়ে লিখা এখন কিতাপত আমেৰিকাৰ প্ৰাচ্যবিদ ৰিচাৰ্ড গ’থেইলে লিখিছে যে এই চহৰখন “ইতিহাস অধ্যয়নৰ প্ৰতি আগ্ৰহীসকলৰ বাবে এখন ৰোমাঞ্চকৰ চহৰ”। ইয়াৰ কৌশলগত গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰি গ’থেইলে লিখিছে, "গাজা আছিল দক্ষিণ আৰব আৰু সুদূৰ পূবৰ পৰা ভূমধ্যসাগৰলৈ সামগ্ৰী কঢ়িয়াই অনা কাৰাভানৰ মিলন স্থান। এই চহৰবোৰে ছিৰিয়া, এছিয়া মাইনৰ (তুৰস্ক) আৰু ইউৰোপলৈও সামগ্ৰী কঢ়িয়াই লৈ ফুৰিছিল। এই চহৰখনেই হৈছে পেলেষ্টাইন আৰু ইজিপ্তৰ মাজৰ সংযোগস্থলী।"

তিনিটা নামেৰে পৰিচিত গাজা

আমোদজনক কথাটো হ’ল ত্ৰয়োদশ শতিকাৰ সাহিত্যিক তথা ভ্ৰমণকাৰী ইয়াকুত আল-হামাৱীৰ বিশ্বকোষ ‘কিতাব মুজাম আল-বুলদান’ (দেশৰ অভিধান)ত গাজা নামেৰে জনাজাত এই অঞ্চলৰ তিনিখন চহৰৰ কথা উল্লেখ কৰা হৈছে। এই তিনি নামৰ ভিতৰত প্ৰথম নাম আছিল জাজিৰা আল আৰব। বিখ্যাত আৰৱী কবি আল-আখতাল আল-তাগলিবীয়েও এই চহৰখনৰ বিষয়ে এটা কবিতা লিখিছিল।

আল-হামাৱীয়ে ইয়াৰ আনটো নাম ‘ইফ্ৰিকিয়া’ বুলি উল্লেখ কৰিছে। প্ৰাচীন কালত টিউনিছিয়াকো এইটো নামেৰে জনা গৈছিল। আল-হামাৱীয়ে কয় যে ইয়াৰ পৰা কাহিৰাৰ মাজত তিনিদিন যাত্ৰা কৰিব লাগে। গাজাৰ বৰ্ণনা কৰি আল-হামাৱীয়ে লিখিছে, "গাজা হৈছে ইজিপ্তৰ দিশত লেভেণ্টৰ আটাইতকৈ দূৰৈত অৱস্থিত এখন চহৰ। এই চহৰখন আচকলনৰ পশ্চিমে পেলেষ্টাইন অঞ্চলত অৱস্থিত।"

প্ৰাচীন কালৰে পৰা আৰব বিশ্বই ইয়াক গাজা বুলি অভিহিত কৰি আহিছে। ইছলামিক যুগত পয়গম্বৰ হজৰত মহম্মদৰ ককাক ‘হাছিম বিন আব্দ মানাফ’ৰ নামেৰে এই চহৰখনক ‘হাশ্বেমৰ গাজা’ বুলি নাম দিছিল। এই চহৰতে মৃত্যু ঘটিছিল পয়গম্বৰ মহম্মদৰ ককাকৰ। অন্যহাতে এই স্থানতে জন্ম লাভ কৰিছিল বিখ্যাত ইছলামিক পণ্ডিত আৰু সাহিত্যিক ইমাম আল-শ্বাফীয়ে।

গাজা শব্দটোক হিব্ৰু ভাষাত ‘আজা’ বুলি কোৱা হয়। ইয়াৰ কাৰণ হৈছে- হিব্ৰু ভাষাত ইয়াক আৰবী আখৰ ‘গেইন’ (ग)ৰ সলনি ‘আইন’ (A) বা ‘হামজা’ৰে লিখা হয়। আল-আৰিফে তেওঁৰ ‘দ্য হিষ্ট্ৰী অৱ গাজা’ নামৰ গ্ৰন্থখনত লিখিছে যে কিছুমান সম্প্ৰদায়ে ইয়াক ‘হাজাতি’ বুলি কয়, আনহাতে প্ৰাচীন মিচৰীয়াসকলে ইয়াক ‘গাজাতু’ বা ‘গাদাতু’ বুলি উচ্চাৰণ কৰিছিল।

গ্ৰীক অভিধানতো উল্লেখ আছে যে প্ৰতিটো যুগত গাজাক বেলেগ বেলেগ নাম দিয়া হৈছিল। এই নামসমূহৰ ভিতৰত আছিল ‘আইয়নি’, ‘মিনোয়া’, আৰু ‘কনষ্টেন্টিয়া’।

গাজা নামৰ অৰ্থ

চতুৰ্থ শতিকাত বৰ্তমানৰ ইজৰাইলৰ চিজাৰিয়া অঞ্চলত জন্মগ্ৰহণ কৰা খ্ৰীষ্টান ধৰ্মতত্ত্ববিদ ইউজেবিয়াছে গাজাৰ অৰ্থ অহংকাৰ আৰু ক্ষমতা বুলি বৰ্ণনা কৰিছিল। বিখ্যাত স্কটিছ অভিধানকাৰ ছাৰ উইলিয়াম স্মিথেও ১৮৬৩ চনত প্ৰকাশিত তেওঁৰ ‘ডিকচনেৰী অৱ দ্য অল্ড টেষ্টামেণ্ট’ত গাজাৰ কথা উল্লেখ কৰিছে।

১৯১০ চনত প্ৰকাশিত ‘ডিকচনেৰী অৱ দ্য নিউ টেষ্টামেণ্ট’ৰ লেখক ছফ্ৰনিয়াছে কৈছিল যে ‘গাজা’ এটা পাৰ্চী শব্দ, যাৰ অৰ্থ ৰাজকোষ। কিন্তু বহুতে এই শব্দৰ উৎপত্তি গ্ৰীক ভাষাৰ পৰা বুলি বিশ্বাস কৰে। গ্ৰীক ভাষাত ইয়াৰ অৰ্থ ধন বা সম্পত্তি। বহু দিশত গাজাৰ অৰ্থ পাৰ্চী আৰু গ্ৰীক ভাষা হৈছে ঘনিষ্ঠ বিষয়।

কোৱা হয় যে ইৰাণৰ এজন ৰজাই নিজৰ ধন-সম্পত্তি গাজাত লুকুৱাই ৰাখিছিল। ইয়াৰ পিছত ৰজা ইৰাণলৈ উভতি গৈছিল। মৌখিক কথা অনুসৰি এই ঘটনা সংঘটিত হৈছিল ৰোমান যুগত। ইয়াকুত আল-হামাৱীয়েও উল্লেখ কৰিছে যে ‘গাজা’ টায়ৰ নামৰ এজন ব্যক্তিৰ পত্নীৰ নাম আছিল। তেওঁৰ নামতেই নিৰ্মাণ কৰা হৈছিল ফিনিচিয়াৰ টায়ৰ চহৰখন। বৰ্তমান টায়ৰ চহৰখন লেবাননত অৱস্থিত।

গাজা কোনে নিৰ্মাণ কৰিছিল?

ইংৰাজ প্ৰত্নতত্ত্ববিদ ছাৰ ফ্লিণ্ডাৰছ পেট্ৰিকৰ মতে খ্ৰীষ্টৰ জন্মৰ তিনি হাজাৰ বছৰ পূৰ্বে প্ৰাচীন গাজা ‘হিল আল-আজৱাল’ নামৰ পাহাৰত প্ৰতিষ্ঠা হৈছিল। তেওঁৰ মতে, সেই সময়ছোৱাত ইয়াৰ বাসিন্দাসকলে আক্ৰমণৰ বাবে চহৰখন এৰি থৈ গৈছিল। এই আক্ৰমণৰ ফলত চহৰখনৰ পৰা স্থানচ্যুত হোৱা লোকসকলে তিনি মাইল দূৰত বসতি স্থাপন কৰি নতুন গাজা চহৰ প্ৰতিষ্ঠা কৰে।

বৰ্তমানৰ গাজাৰ অস্তিত্ব একে ঠাইতে। এই আক্ৰমণ মিচৰৰ হাইক্সছ বংশৰ কাৰ্যকালত সংঘটিত হৈছিল বুলি বিশ্বাস কৰা হয়। খ্ৰীষ্টপূৰ্ব ১৬৩৮-১৫৩০ চনলৈকে হাইক্সছ বংশই ১০৮ বছৰ ইজিপ্ত শাসন কৰিছিল। বিশ্বাস অনুসৰি গাজাও হাইক্সছ বংশৰে নিয়ন্ত্ৰণত আছিল।

প্ৰাচীন গাজা

একাংশই এই কাহিনী মানিবলৈ অস্বীকাৰ কৰি কয় যে গাজা এতিয়াও সেই একেখন প্ৰাচীন স্থানতে আছে য’ত ইয়াক প্ৰথমে নিৰ্মাণ কৰা হৈছিল। এই ধাৰণা অনুসৰি ‘তাল আল আজৌল’ আছিল গাজাৰ বাণিজ্যিক বন্দৰ। একাংশৰ মতে প্ৰাচীন গাজা আলেকজেণ্ডাৰে ধ্বংস কৰিছিল আৰু আধুনিক গাজা আন ঠাইত নতুনকৈ স্থাপন কৰিছিল।

আল-আৰিফে তেওঁৰ কিতাপত লিখিছে যে গাজা চহৰত মেনাইট জনগোষ্ঠীয়ে বসতি স্থাপন কৰিছিল। মেনাইটসকলক আৰৱ বিশ্বৰ আটাইতকৈ পুৰণি বাসিন্দা বুলি গণ্য কৰা হয়। এই লোকসকলে খ্ৰীষ্টপূৰ্ব ১০০০ চনত সভ্যতাৰ নিচান উৰুৱাবলৈ সক্ষম হৈছিল। আল-আৰিফৰ মতে, গাজা চহৰক কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ কৃতিত্ব এই লোকসকলকে প্ৰদান কৰিব পাৰি।

আৰৱসকলে গাজাক মহত্ব প্ৰদান কৰাৰ আৰম্ভণি ঘটিছিল মিছৰ আৰু ভাৰতৰ মাজত এক গুৰুত্বপূৰ্ণ বাণিজ্যিক সংযোগ হোৱাৰ পিছৰে পৰাই। লোহিত সাগৰত যাতায়তৰ তুলনাত এই চহৰখনেই আছিল তেওঁলোকৰ বাবে সৰ্বোত্তম বাণিজ্যিক পথ।

আৰৱ বিশ্ব আৰু ভাৰত

এই অঞ্চলৰ বাণিজ্য আৰম্ভ হৈছিল আৰৱৰ দক্ষিণে থকা য়েমেনত। তাতে এসময়ত আৰৱ বিশ্ব আৰু ভাৰতৰ মাজত ব্যৱসায়-বাণিজ্য গঢ় লৈ উঠিছিল। য়েমেনৰ পিছত এই বাণিজ্যিক পথটো উত্তৰ দিশলৈ গৈ মক্কা, মদিনা আৰু পেট্ৰালৈ গৈ দুটা শাখাত বিভক্ত হয়। অন্যহাতে দ্বিতীয় শাখাটোৱে তাইম, ডামাস্কাছ আৰু পালমাইৰাৰ পৰা মৰুভূমি পথেৰে ভূমধ্য সাগৰৰ গাজালৈকে শিপায়।

একাংশ ইতিহাসবিদে দাবী কৰা মতে, মেয়েন আৰু চেবা সাম্ৰাজ্যই আছিল প্ৰথম আৰব শাসক যিয়ে গাজা চহৰ প্ৰতিষ্ঠা কৰিছিল। আল-আৰিফৰ মতে গাজাত বসতি স্থাপন কৰা প্ৰথম দুটা জনগোষ্ঠী আছিল আভি আৰু আনাকীয়া। 

এই দুই জনগোষ্ঠীক প্ৰাচীন পেলেষ্টাইনী বুলিও কোৱা হয় আৰু পুৰণি গ্ৰন্থসমূহতো ইয়াৰ উল্লেখ আছে। দক্ষিণ জৰ্ডানৰ বেদুইন জনগোষ্ঠী হজৰত ইব্ৰাহিমৰ বংশধৰ ডায়ান আৰু ইদোমীয়াসকলেও গাজাত বসতি স্থাপন কৰিছিল বুলিও একাংশ ইতিহাসবিদে মন্তব্য কৰে।

কনানী সভ্যতা আৰু ইয়াৰ লোক

‘দ্য হিষ্ট্ৰী অৱ গাজা’ নামৰ গ্ৰন্থখনত উল্লেখ আছে যে আদিপুস্তক (হিব্ৰু বাইবেল আৰু খ্ৰীষ্টান পুৰণি নিয়মৰ প্ৰথম গ্ৰন্থ) অনুসৰি গাজা পৃথিৱীৰ অন্যতম প্ৰাচীন চহৰ। আদিপুস্তকৰ মতে ইয়াত নোহৰ পুত্ৰ হামৰ বংশধৰ কনান সভ্যতাৰ লোকসকলে বাস কৰিছিল। কিন্তু আন এটা উল্লেখত কোৱা হৈছে যে কনানীয়াসকলে ইমোৰীয়া জনগোষ্ঠীৰ পৰা ইয়াক জয় কৰিছিল।

চতুৰ্দশ শতিকাত টিউনিছিয়াত জন্মগ্ৰহণ কৰা ইতিহাসবিদ ইবন খালদুনৰ মতে কনানীয়াসকল আৰৱ আছিল যিয়ে নিজৰ বংশৰ সন্ধান আমালেকিয়া জনগোষ্ঠীৰ পৰাই কৰিছিল। কিন্তু আন একাংশ ইতিহাসবিদৰ মতে, কনানীয়াসকল প্ৰকৃততে পাৰস্য উপসাগৰৰ পৰা আহিছিল। ইতিহাসবিদসকলে অনুমান কৰিছে যে তেওঁলোকে ৫০০০ বছৰ আগতে এই অঞ্চলত বাস কৰিবলৈ আৰম্ভ কৰিছিল।

ব্ৰিটিছ পুৰাতত্ত্ববিদ ছাৰ পেট্ৰিৰ মতে, যিখন চহৰৰ দেৱালত এই অৱশিষ্ট পোৱা গৈছিল, তাৰ বৃহৎ অংশ কনানী সভ্যতাৰ যুগত নিৰ্মাণ কৰা হৈছিল। তাত খনন কাৰ্যত জড়িত লোকসকলে কনানীয়াসকলৰ পিছত পুনৰ এই আকাৰৰ বিশাল শিল বিচাৰি পোৱাত ব্যৰ্থ হৈছিল।

News Next One হৈছে 'Crowdfunding’ৰ জৰিয়তে পৰিচালিত নিউজ ৱেবছাইট। প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।

Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!

গাজাৰ বিষাদ গাঁথা

ইজিপ্তৰ হাইক্সছ বংশই আপাত দৃষ্টিত দখল কৰা কনান চহৰৰ ধ্বংসাৱশেষো গাজা ষ্ট্ৰিপ চহৰ টেল আল-আজুলৰ দক্ষিণ প্ৰান্তত পোৱা গৈছিল। তাতো কবৰ পোৱা গৈছে। ইয়াৰে কিছুমান খ্ৰীষ্টপূৰ্ব ৪০০০ বছৰৰ ব্ৰঞ্জ যুগৰ বুলি কোৱা হয়।

আল-আৰিফে কয় যে কনানীয়াসকলে গাজা অঞ্চলত জেতুনৰ খেতি কৰিছিল। এই লোকসকলৰ ব্যৱসায় মৃৎশিল্পৰ পৰা আৰম্ভ কৰি খননলৈকে আছিল। কনান সভ্যতাক বৰ্ণমালাৰ উদ্ভাৱক বুলি গণ্য কৰা হয়। কোৱা হয় যে ইহুদীসকলে এই লোকসকলৰ বহুতো আইন আৰু নীতি গ্ৰহণ কৰিছিল।

গাজাৰ ইতিহাসলৈ চালে দেখা যায় যে চহৰখনত মিচৰ, বেবিলন, গ্ৰীক, ইৰাণ আৰু ৰোমানসকলৰ শাসন চলিছিল। পেলেষ্টাইনৰ ইতিহাসবিদ আৰিফ আল আৰিফে গাজাৰ ইতিহাসক “গৌৰৱময়” বুলি অভিহিত কৰিছে। 

তেওঁ ইয়াৰ কাৰণ বৰ্ণনা কৰি কয়, "গাজাই আৰম্ভণিৰে পৰা সকলো ধৰণৰ দুৰ্যোগ আৰু বিপজ্জনক পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে। চহৰখনত আক্ৰমণ চলোৱাসকল হয় পৰাস্ত হৈছিল, নহয় তেওঁলোকে নিজেই এটা সময়ত ইয়াৰ পৰা উভতি গৈছিল। মুঠৰ ওপৰত গাজাৰ বিষাদ গাঁথাৰ কথা কৈ শেষ কৰিব নোৱাৰি।"