newsnextone.com| নগাঁওঃ চৰকাৰৰ বিভিন্ন আচঁনি সমূহ সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে যোৱাকালি নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত জিলা আদালতৰ সভাকক্ষত " সহাঁৰি " শীৰ্ষক এখনি সজাগতা সভা অনুষ্টিত হয়৷ উক্ত সজাগতা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে৷ 

ভাষণ প্ৰসংগত তেওঁ কয় যে- বিভিন্ন সময়ত গাঁৱৰ সহজ-সৰল একাংশ লোকে চৰকাৰৰ পৰা লাভ কৰা বিভিন্ন আচঁনি সমূহ তেঁওলোকৰ অজ্ঞতাৰ বাবে হিতাধীকাৰী সকলে নাপায় বা পুনৰ চৰকাৰৰ ঘৰলৈ উভতি যায়৷ যাৰ ফলত বিভিন্ন সাহায্য, অনুদান আদি লাভ কৰাৰ পৰা বঞ্চিত হয় গঞাৰাইজ৷ উক্ত সহাঁৰি সজাগতা সভা খনত আমন্ত্রিত সমল ব্যক্তি হিচাপে উপস্থিত থাকি সমাজ কল্যাণ বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা বিভিন্ন চৰকাৰী আচঁনি সমূহৰ সন্দৰ্ভত এক বিস্তৃত ৰূপত আলোকপাত কৰে প্ৰনীতা বৰাই৷

তেখেতে বৰ্তমান সমাজ কল্যান বিভাগত প্ৰচলন হৈ থকা প্ৰধান মন্ত্রী মাতৃ বন্দনা আচঁনি, প্ৰসুতি পুষ্টি হীনতা, ৰক্ত হীনতা, গৰ্ভৱতী মহিলা সকলৰ বিভিন্ন আচঁনি, পোষন অভিযান, দিব্যাংগ ব্যক্তি সকলৰ বাবে বিভিন্ন চৰকাৰী আঁচনি সমূহৰ ওপৰত বহল ভাবে ব্যাখ্যা আগবঢ়ায়৷ ইফালে, এই সভাখনত ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন সেৱাৰ ফালৰ পৰা আমন্ত্রিত সমল ব্যক্তি ৰূপে উপস্থিত থাকি অসীম হাজৰিকাই বৰ্তমান স্বাস্থ্য বিভাগত প্ৰচলন হৈ থকা বিভিন্ন জনকল্যাণ মূলক আঁচনি সমূহৰ ওপৰত বহল ভাৱে ব্যাখ্যা কৰে৷

ইয়াৰ ভিতৰত বৰ্তমান অটল অমৃত অভিযান আৰু আয়ুসমান অভিযানৰ ওপৰত বিতং ভাবে আলোকপাত কৰে৷ সভাখনৰ শেষলৈ উপস্থিত গাঁওবুঢ়া, গাঁওৰক্ষী বাহিনী, অৰ্ধ-আইনী স্বেচ্চাসেৱক আৰু অনন্য সকলৰ সৈতে সমল ব্যক্তি সকলে চৰকাৰী আঁচনি সমূহ সঠিক দিশত আৰু সৰ্বসাধাৰণে যাতে সহজতে গ্ৰহণ কৰিব পাৰে তাৰ বিভিন্ন দিশৰ ওপৰত এক প্ৰশ্ন-উত্তৰ শিতানত অংশগ্ৰহণ কৰে নগাঁৱৰ অধিৱক্তাদ্বয় ক্ৰমে- ৰূপালী গোস্বামী আৰু শ্বাহনাজ চুলতানাই৷ বিয়লি অনুষ্টিত সভা খনিত জিলাখনৰ গাঁওবুঢ়া, গাঁওৰক্ষী বাহিনী, অৰ্ধআইনী স্বেচ্চাসেৱক সকলৰ লগতে শতাধিক লোক উপস্থিত থাকি সভাখনি সাফল্য মণ্ডিত কৰি তোলে৷