মোৰাঝাৰঃ গুণোৎসৱৰ জৰিয়তে বিদ্যালয়সমূহৰ গুণগত মানদণ্ড নিৰূপন কৰি শিক্ষা ব্যৱস্থাত নতুনত্বৰ সূচনা কৰিবলৈ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিলেও শিক্ষা বিভাগৰ একাংশ শিক্ষক কৰ্মচাৰীয়ে  হেঙাৰ হৈ থিয় দেখা যায়। মন্ত্ৰীগৰাকীয়ে সংস্কাৰ সাধন কৰিবলৈ যিমানেই অহোপুৰুষাৰ্থ চেষ্টা চলাই আহিছে, সিমানেই উন্মোচিত হ’ব ধৰিছে একাংশ বিদ্যালয়ৰ স্বৰূপ ৷

এচাম দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী-শিক্ষকৰ বাবে শিক্ষা বিভাগটোত ঘূণে ধৰিবলৈ আৰম্ভ কৰা দেখা যায়৷ শিক্ষা বিভাগৰ একাংশ শিক্ষক আৰু বিষয়া-কৰ্মচাৰীয়ে অনৈতিকতাৰ আশ্ৰয় লৈ শিক্ষা বিভাগটোক ধ্বংসৰ পথলৈ লৈ যাব ধৰিছে৷ শিক্ষামন্ত্ৰীজনে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ছাত্ৰ-ছাত্ৰীৰ মাচুলৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰিছে যদিও একাংশ দুৰ্নীতিগ্ৰস্থ শিক্ষকে সেই নীতি নিৰ্দেশনাক অমান্য কৰি ছাত্ৰ ছাত্ৰীৰ পৰা মাচুল সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷

জানিব পৰা মতে, হোজাই জিলাৰ অন্তৰ্গত কপাহঁবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এনে এক লজ্জাজনক ঘটনা৷ বিদ্যালয়খনৰ পৰা আগন্তুক মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীৰ পৰা মেট্ৰিকৰ প্ৰ-পত্ৰ পূৰনৰ নামত বৃহৎ পৰিমানৰ ধন সংগ্ৰহ কৰাক কেন্দ্ৰ কৰি সোমবাৰে বিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷

ছাত্ৰ ছাত্ৰীৰ অভিযোগ মতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক পংকজ হাজৰিকাই প্ৰ-পত্ৰ পূৰনৰ নামত অন্যান্য ছাত্ৰ-ছাত্ৰীৰ লগতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ পৰাও এক হাজাৰ টকাকৈ সংগ্ৰহ কৰি সমস্ত ধন বিদ্যালয়খনৰ সহঃশিক্ষক শ্বফিকুৰ ৰহমানৰ সহযোগত আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হয়৷ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত প্ৰধান শিক্ষকজনে কেইজনমান ছাত্ৰ-ছাত্ৰীৰ ধন ঘুৰাই দিয়ে যদিও আন বহু ছাত্ৰ-ছাত্ৰীৰ ধন এতিয়ালৈকে ঘুৰাই দিয়া নাই৷

ইফালে প্ৰধান শিক্ষকৰ লগতে বিদ্যালয়খনৰ বিতৰ্কিত সহ শিক্ষক শ্বফিকুৰ ৰহমানে ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰা বিনামূলীয়া কিতাপ, বিদ্যুতৰ মাচুল,খেলৰ মাচুল আদিৰ বাবদ এশ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগো উত্থাপন হয়৷ সোমবাৰে বিদ্যালয়খনত ধন লোৱাৰ বিষয়ে জ্ঞাত হৈ ৰাইজ বিদ্যালয়খনত উপস্থিত হয় যদিও সহ শিক্ষক শ্বফিকুৰ ৰহমানে ৰাইজক দু-ব্যৱহাৰ কৰাত ৰাইজ উত্তেজিত হয়।

বিদ্যালয়খনত আমছুৰ কপাঁহবাৰী আঞ্চলিক সমিতিৰ সদস্যসকল উপস্থিত হৈ ছাত্ৰ ছাত্ৰীৰ পৰা ধন লোৱা বুলি অভিযোগ কৰি প্ৰধান শিক্ষক মূৰ্দাবাদ, ধন লোৱা নচলিব, বিতৰ্কিত শিক্ষক শ্বফিকুৰ ৰহমানক বদলি কৰক, বিদ্যালয়ত দাদাগিৰি নচলিব আদি ধ্বনিৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে৷

উল্লেখ্য যে সাংবাদিকৰ আগত প্ৰধান শিক্ষকজনে বিদ্যালয়লৈ অহা বিনামুলীয়া পাঠ্যপুথিৰ কেৰিং চাৰ্জ, বিদ্যালয়খনৰ বিদ্যুতৰ বিল, খেলৰ মাচুল আদিৰ বাবদ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ পৰা এশ টকাকৈ সংগ্ৰহ কৰাৰ কথা স্বীকাৰ কৰে৷ লগতে ছাত্ৰ-ছাত্ৰীৰ পৰা মেট্ৰিক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰনৰ নামত সংগ্ৰহ কৰা ধন ঘুৰাই দিয়া বুলি সদৰী কৰে যদিও সেই সময়ত আন একাংশ এই ধন ঘুৰাই পোৱা নাই বুলি অভিযোগ কৰে৷

স্থানীয় ৰাইজে বহুবাৰ ঊৰ্ধতন মহলক অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষামন্ত্ৰীগৰাকীক ব্যৱস্থা গ্ৰহনৰ দাবী জনায়।