newsnextone.com | ডিজিটেল ডেস্কঃ অসমৰ এনআৰচিৰ খচৰাৰ পৰা ৪০ লাখ লোক বাদ পৰা বুলি খবৰ প্ৰচাৰ হৈ থকাৰ সমানে সমানে সংসদৰ বৰ্ষাকালীন অধিবেশনো উত্তাল হৈ পৰে। 

কংগ্ৰেছ, তৃণমূল কংগ্ৰেছে সহ বিৰোধী দলে ৪০ লাখ লোকক বিজেপি চৰকাৰে নিজ ইচ্ছামতে বাদ পেলোৱা বুলি অভিযোগ উত্থাপন কৰি দুয়ো সদন উত্তাল কৰি তোলে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে লোকসভাত স্পষ্টিকৰণ দিব লগা হয়। 

শুকুৰবাৰে দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে অসমৰ এনআৰচি সন্দৰ্ভত পুনৰ চৰকাৰৰ মত প্ৰদান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এনআৰচি অসম চুক্তিৰ আধাৰত উন্নীতকৰণ কৰা বুলি কয়। ৰাজনাথে সিঙে কয় যে এনআৰচি অসম চুক্তিৰ আধাৰত কৰা হৈছে । কোনো লোকৰ সৈতে ভেদভাৱ কৰাৰ আশংকা কৰিব নালাগে।  উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ইয়াৰ কাম কৰা হৈছে। যিসকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকক ভাৰতীয় হোৱাৰ দাবী কৰাৰ পুনৰ সুবিধা প্ৰদান কৰা হ'ব। এই ক্ষেত্ৰত পৰিবেশ বিনষ্ট কৰিব খোজা হৈছে। সেয়া উচিত নহয়।
 
এই খন চূড়ান্ত কপি নহয়। ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বে অহা লোকৰ এইখনত সংলগ্ন কৰা হৈছে। যিসকলৰ সৈতে মাটিৰ পট্টা, পাৰপত্ৰ, বিমা পলিচি আদি আছে তেওঁলোকক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। অসমত থকা অন্য ৰাজ্যৰ নাগৰিকে দেশৰ যিকোনো প্ৰান্তৰ ১৯৭১ চনৰ পূৰ্বৰ যিকোনো প্ৰমাণ দেখুৱালে এনআৰচিত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। ১৯৮৫ চনত ৰাজীৱ গান্ধীয়ে কৰা চুক্তিৰ আধাৰত ইয়াৰ কাম আৰম্ভ হৈছে। মনমোহন সিং চৰকাৰৰ দিনত ২০০৫ চনৰ পৰা ইয়াৰ কাম আৰম্ভ কৰিছিল। কোনো লোকৰ সৈতে ভেদভাৱ কৰা নহ'ব। আইনী সহায় লৈ তেওঁলোকে বিদেশী ন্যায়াধিকৰণত ভাৰতীয় হোৱাৰ প্ৰমাণ কৰি এনআৰচিত নাম সোমাব পাৰিব বুলি কয় গৃহ মন্ত্ৰীয়ে।