www.thenewsminute.com
www.thenewsminute.com

newsnextone.com | ডিজিটেল ডেস্কঃ নাম তেওঁৰ হনান হামিদ। বয়স ১৯ বছৰ৷ কেৰেলাৰ মাধাৱান নামৰ ঠাইৰ এটি অতি দৰিদ্ৰ পৰিয়ালৰ কন্যা হনান হামিদৰ৷ থদুপূজহাৰ এখন ব্যক্তিগত কলেজৰ বিজ্ঞানৰ শাখাৰ ছাত্ৰী৷ হনান হামিদে পুৱাই কলেজলৈ যায়।

দিনৰ দিনটো কলেজৰ শ্ৰেণীকোঠাত পাঠদানত ব্যস্ত থাকি স্কুল ছুটী হোৱাৰ পিছত কলেজ ইউনিফৰ্ম পিন্ধিয়ে ঘৰলৈ যোৱাৰ পৰিৱৰ্তে সমীপৰ ইৰাণকুলামৰ থামানম বজাৰত মাছ বিক্ৰী কৰে। 

সন্ধিয়ালৈ মাছ বিক্ৰী কৰি পৰিয়ালক সহায় কৰাৰ লগতে নিজৰ পঢ়াৰ খৰছ উলিয়াই। ছাত্ৰী হনানে এনেদৰে কষ্ট কৰিয়েই আনৰ সহায় নোলোৱাকৈ ডাঙৰ মানুহ হ’ব খোজে। তেওঁ কেৱল পঢ়াৰ খৰছ উলিয়াবৰ বাবেই মাছ বিক্ৰী কৰে৷

কেৰেলাৰ ৰাজপথত মাছ বিক্ৰী কৰা ছাত্ৰী হনান ব্যাপক চৰ্চালৈ আহিছে। কেৱল কেৰেলাৰ মিডিয়াতে নহয় সমগ্ৰ দেশৰ মিডিয়াত হনানৰ চৰ্চা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও হনানৰ সাক্ষাতকাৰ প্ৰকাশ কৰিছে৷ হনান বিনা কাৰণত প্ৰথমে ছ’চিয়েল মিডিয়াত ট্ৰল হয়৷ তাৰ পিছতে সংবাদ মাধ্যমত চৰ্চালৈ আহে৷

কেৰেলাৰ কোচিত কোনো লোকে হনানে মাছ বিক্ৰী কৰি থকাৰ সময়ত সংগ্ৰহ কৰিছিল ফটো৷ তাৰ পিছত সেই ফটো ছ’চিয়েল মিডিয়াত এৰি দিয়াত কম সময়ৰ ভিতৰতে ট্ৰল হৈ যায়৷ ইমানে নহয় একাংশ লোকে হনানৰ ফটো সন্দৰ্ভত ভুল প্ৰচাৰ কৰাই নহয় অশুভ মন্তব্য প্ৰদান কৰে৷ হনানে এখন বোলছবিৰ প্ৰচাৰৰ বাবে মাছ বিক্ৰী কৰি থকা বুলি কয়৷ কিন্তু সেই খবৰ মিছা আছিল৷

হনানে নিজৰ দৰিদ্ৰতাৰ বাবে নিতৌ কলেজৰ পৰা আহি বজাৰত মাছ বিক্ৰী কৰে৷ ইয়াৰ দ্বাৰা তেওঁ কেৱল পঢ়াৰ খৰছ উলিয়াই আগুৱাই নিব বিচাৰে নিজৰ শৈক্ষিক জীৱন৷  

হনানৰ বয়স ১৯ বছৰ৷ তেওঁ এগৰাকী কলেজৰ ছাত্ৰী৷ ইতিমধ্যে হনান সন্দৰ্ভত ফেচবুককে ধৰি আন আন মাধ্যমত অশুভ মন্তব্য প্ৰকাশ কৰা আৰু ভুল প্ৰচাৰ কৰা লোকসকলৰ বিৰুদ্ধে তদন্ত কৰাৰ নিৰ্দেশ দিছে কেৰেলাৰ মুখ্যমন্ত্ৰীয়ে৷ ইপিনে হনানক সুৰক্ষাও প্ৰদান কৰা হয়৷

কেন্দ্ৰীয় কেজি আলফছে হনানক প্ৰশংসা কৰিছে৷ ফেচবুকত হানান সন্দৰ্ভত অপপ্ৰচাৰ কৰা সকলক উভতি ধৰি মন্ত্ৰীয়ে কয় যে কোনোবাই নিজৰ জীৱন সাৰ্থক কৰিবলৈ ইমান কষ্ট কৰিছে৷ তোমালোকে তেওঁক আক্ৰমণ কৰিছে৷ লজ্জা লাগিব লাগে৷ 

কেৰেলাৰ মহিলা আয়োগেৰ অধ্যক্ষই কয় যে কোনো কষ্ট কৰি খোৱা মহিলাৰ সন্দৰ্ভত এনে মন্তব্য কৰা গৰিহণাৰ যোগ্য৷