ডিজিটেল ডেস্কঃ ভাৰতত ২০০৫ চনৰপৰা ২০১৪ চনৰ মাজৰ কালচোৱাত এক অকল্পনীয় পৰিমাণৰ ক’লাধন প্ৰৱেশ কৰিছিল। শেহতীয়া এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে মাৰ্কিন থিংক টেংক গ্লোবেল ফাইনেন্সিয়েল ইণ্টিগ্ৰিটীয়ে। ৪৯ লাখ ২৮ হাজাৰ কোটি ক’লাধন দেশলৈ আমদানী হোৱাৰ বিপৰীতে ১০ লাখ ৫৬ হাজাৰ কোটিৰ অবৈধ ৰাশি দেশৰপৰা বাহিৰলৈ ওলাইছে।

প্ৰতিবেদনত উল্লেখ কৰা মতে ২০১৪ চনতে ১০১ বিলিয়ন ডলাৰৰ অবৈধ ৰাশি দেশলৈ আমদানী হোৱাৰ বিপৰীতে ২৩ বিলিয়ন ডলাৰ দেশৰপৰা বাহিৰলৈ ওলাই গৈছে। প্ৰতিবেদন অনুসাৰে ১০০০ ডলাৰৰ অবৈধ ৰাশি উন্নয়নশীল আৰু উৰ্ধগামী অৰ্থব্যৱস্থালৈ আগমন ঘটিছে। 

'বৰ্ষ ২০০৫-১৪ ত উন্নয়নশীল দেশত অবৈধ বিত্তীয় প্ৰৱাহৰ ৰূপৰেখা’ শীৰ্ষক এই অধ্যয়নটোত পোনপ্ৰথমবাৰৰ বাবে এনেদৰে উন্নয়নশীল দেশৰ ক্ষেত্ৰত অবৈধ ধনৰ প্ৰৱাহৰ বিষয়ে বিশদভাৱে পৰ্যবেক্ষণ কৰা হৈছে। প্ৰতিবেদনত উল্লেখ কৰা মতে বিশ্বৰ ৮৭ শতাংশ ক’লাধনৰ হেৰফেৰ ব্যৱসায়িক লেনদেনৰ আঁৰতে কৰা হয়।