ডিজেটেল ডেস্কঃ উৰাবাতৰিৰো সীমা থাকে। এক উৰাবাতৰিৰ বাবেই গ্ৰেট বৃটেইনস্থিত ৬০ বছৰীয়া পুৰণি এখন ভাৰতীয় ৰোষ্টোৰেণ্ট বন্ধ হোৱাৰ উপক্ৰম হৈছে। 

এক ভুৱা ৱেবছাইটত এছিয়ান ৰেষ্টোৰেণ্ট কাৰীটুইষ্টে নৰমাংস বিক্ৰী কৰাৰ ভুৱা প্ৰতিবেদন দাখিল কৰাৰ পিছতে সেই বাতৰি সমগ্ৰ গ্ৰেট ব্ৰিটেইনতে ৰাষ্ট্ৰ হৈ পৰে। 

বুধবাৰৰ এই প্ৰতিবেদনৰ পিছতে এই প্ৰতিবেদন ছ’চিয়েল মিডিয়াত অবাধ শ্বেয়াৰ হ’বলৈ ধৰে। কিছুমানে আনকি ৰেষ্টোৰেণ্টৰ মালিক চিনৰা বেগমক ফোন কৰি গালি দি কয় যে তেওঁ কেনেদৰে মানুহৰ মাংস গ্ৰাহকক খুৱাব পাৰে।

ৱেবছাইটটোৰ প্ৰতিবেদনটোত বানানৰ ভূল আৰু বাক্যৰ খেলি-মেলি থকা স্বত্বেও আৰু কোনোধৰণৰ প্ৰমাণ নথকা স্বত্বেও মানুহে কেনেদৰে এই বাতৰিত পতিয়ন গৈছে তাকে লৈ আচৰিত হৈ পৰিছে ভাৰতীয় মূলৰ মালিকজন। 

৬০ বৰ্ষীয় পুৰণি ৰেষ্টোৰেণ্টখন এনেদৰে বন্ধ কৰি দিবলগীয়া হোৱাৰ উপক্ৰম হোৱা দেখি হতাশো হৈ পৰিছে চিনৰা বেগম। এই প্ৰতিবেদনৰ পিছতে ৰেষ্টোৰেণ্টখনত গ্ৰাহকৰ সংখ্যা আচৰিত ধৰণে কমি আহিছে।