কোকৰাঝাৰঃ বড়ো জনগোষ্টীৰ দীৰ্ঘদিনীয়া সমস্যা পৃথক বড়োলেণ্ড ৰাজ্য গঠন অাৰু বিটিএডিৰ বাহিৰত বসৱাস কৰা বড়োসকলৰ নিৰাপত্তা আৰু ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু , এনডিএফবি (প্ৰ) অাৰু পিজেএচিবিএমৰ যৌথ উদ্যোগত কালিৰে পৰা কোকৰাঝাৰত আৰম্ভ হোৱা অামৰণ গণ অনশনৰ আজি ৩৬ ঘন্টা অতিক্ৰম কৰাৰ পিছতো চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি লাভ নকৰাত ক্ষুব্ধ হৈ উঠিছে অনশনকাৰীসকল ৷

►পুনৰ অস্ত্ৰ তুলি লোৱাৰ ভাবুকি এনডিএফবি(প্ৰ)ৰ
►চৰকাৰৰ প্ৰতিনিধিয়ে খবৰ লোৱা নাই অনশনকাৰীৰ 

উল্লেখ্য যে কালি পুৱা ৯ বজাৰ পৰা কোকৰাঝাৰ সদৰ চহৰৰ ভাৰতীয় খাদ্য নিগমৰ গুদামৰ কাষতে অামৰণ গণ অনশনৰ কাৰ্যসূচী অাৰম্ভ হৈছিল যদিও যোৱা নিশাৰ পৰা আৰম্ভ হোৱা মুষলধাৰ বৰষুণৰ ফলত অনশনকাৰীসকলে অামৰণ গণ অনশন কাৰ্যসূচীৰ স্থান সলনি কৰি কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত আৰম্ভ কৰে ৷অামৰণ অনশনে ৩৬ ঘণ্টা অতিক্ৰম কৰাৰ পিছত অনশনথলীতে অাজি তিনিগৰাকী অনশনকাৰী অসুস্থ্য হৈ পৰে । বাগচাৰ কুন্দন বড়ো, প্ৰবীন স্বৰ্গীয়াৰী অাৰু চিৰাঙৰ অভোজিৎ বসুমতাৰীয়ে অসুস্থ্য হৈ পৰাত চেলাইন পৰ্যন্ত লব লগা হয়।

ইপিনে অামৰণ গণ অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰা এবছুৰ সভাপতি প্ৰমোদ বড়োই কয় যে বড়োলেণ্ড সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে দেখুওৱা হেমাহিৰ বাবেই এবছুৱে অামৰণ অনশন কাৰ্যসূচী হাতত লবলৈ বাধ্য হৈছে । চৰকাৰে অাইন শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি তথা ৰে'লপথ অৱৰোধ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ হ'লেহে পৰিস্থিতিৰ বুজ লবলৈ আহে বুলি সদৰী কৰি ক্ষুব্ধ এবছুৰ সভাপতি গৰাকীয়ে অনশনকাৰীসকলক চৰকাৰৰ ফালৰ পৰা কোনো খা-খবৰ নোলোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

পৃথক বড়োলেণ্ড ৰাজ্য গঠন নোহোৱালৈকে এবছু ক্ষান্ত নহয় বৰঞ্চ আন্দোলন আৰু অধিক তীব্ৰতৰ হে হ'ব বুলিও স্পষ্ট কৰি পৰৱৰ্তী পৰ্যায়ত ১০০ ঘন্টীয়া ৰে'লপথ অৱৰোধ আৰু ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল অচল কৰি দিব বুলি হুংকাৰ দিয়ে এবছুৰ সভাপতি প্ৰমোদ বড়োই ৷

তদুপৰি বিটিএডি গঠনৰে বড়ো সকলক দুভাগ কৰা হল বুলি অভিযোগ কৰি এবছুৰ সভাপতি প্ৰমোদ বড়োই কয় যে অচিৰেই পৃথক বড়োলেণ্ড  ৰাজ্য গঠনৰ উদ্দেশ্যে এবছুৱে "ডু অৰ ডাই" মনোভাৱেৰে নিৰবচ্ছিন্নভাৱে আন্দোলন চলাই যাব ৷ আনহাতে অনশনত ভাগ লোৱা এনডিএফবি (প্ৰ)সভাপতি ধীৰেন বড়োই চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে  বড়ো সকলৰ দীৰ্ঘদিনীয়া জলন্ত সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্বই প্ৰদান নকৰিলে ৷

পৰৱৰ্তী পৰ্যায়ত চৰকাৰে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ পদক্ষেপ গ্ৰহণ নকৰিলে ডেজিগনেটেড কেম্পত থকা বন্দুক লৈ পুনৰ জংগললৈ ঘূৰি যাব বুলি হুংকাৰ দিয়ে ধীৰেন বড়োই ৷ ক্ষুব্ধ নেতা গৰাকীয়ে কয় যে এনডিএফবিয়ে বিগত ২০০৫ চনৰ পৰাই  যুদ্ধবিৰতি কৰাৰ পিছতো বড়ো সকলৰ সমস্যা সমাধানত চৰকাৰে তিলমানো গুৰুত্ব নিদিলে, যাৰ বাবে এনডিএফবিৰ (প্ৰ) ধৈৰ্য্যৰ সীমা অতিক্ৰম নোহোৱা হৈছে আৰু চৰকাৰে অতি শীঘ্ৰে সমস্যা সমাধান নকৰিলে পুনৰ অস্ত্ৰ তুলিবলৈ বাধ্য হব বুলি হুংকাৰ দিয়ে ধীৰেন বড়োই ৷

লক্ষণীয় যে কালিৰে পৰা অাৰম্ভ হোৱা অামৰণ অনশন কাৰ্যসূচীৰ আজি দ্বিতীয় দিনা এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী, পিজেএচিবিএমৰ নেতা ৰাকেশ বড়ো, বিটিচিৰ পৰিষদীয় সদস্য গুনেশ্বৰ গয়াৰীৰ উপৰিও আন কেইগৰাকী নেতাৰ উপৰিও সহস্ৰাধিক লোকে অনশনথলীত উপস্থিত হৈ আমৰণ অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৷