newsnextone.com | ডিজিটেল ডেস্কঃ পিতৃক সন্তানৰ ৰক্ষ্ষা কৰ্তা হিচাপেই গন্য কৰা হয়৷ এগৰাকী লোক পিতৃ হোৱাৰ পিছত নিজৰ সন্তানৰ সুখৰ বাবে দিন-ৰাতি একাকাৰ কৰি কষ্ট কৰিব পাৰে, নিজে নাখাই সন্তানৰ পেট পূৰবালৈ যত্ন কৰে৷ যাৰ বাবে হয়তো সন্তানৰ দ্বিতীয় পৰিচয়ত পিতৃৰ নামকে লিখা হয়৷ 

কিন্তু সমাজত এনে পিতৃৰো অভাৱ নাই যিয়ে পিতৃৰ চৰিত্ৰত কালিমা সানিবলৈ অকনো ক্ৰতি এৰা নাই৷ পইচাৰ লোভত পিতৃয়ে সন্তানক বিক্ৰি কৰা ঘটনা সমাজত ঘটিয়েই থাকে৷ শেহতীয়াকৈ হায়দৰাবাদৰ এজন পাষণ্ড পিতৃয়ে পুনৰ এবাৰ পিতৃৰ চৰিত্ৰত দাগ লগোৱা পৰিলক্ষিত হৈছে৷ হায়দৰাবাদৰ পাষণ্ড পিতৃয়ে সুৰাৰ নিচাত নিজৰ ৩ বছৰীয়া সন্তানটোক এখন অটোৰ সন্মুখত দলিয়াই দিয়ে৷

এই ঘটনা সংঘটিত হোৱাৰ সময়ত উপস্থিত এজন লোকে ঘটনাৰ সমগ্ৰ দৃশ্যৰ ভিডিঅ’ বনায়৷ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে পাষণ্ড পিতৃজনক লৈ মানুহৰ মনত ক্ষোভৰ উদগীৰণ ঘটে৷ ভিডিঅ’টোত দেখিবলৈ পোৱা মতে, এজন ব্যক্তিয়ে খঙতে নিজৰ ৩ বছৰীয়া সন্তানটোক এখন অটোৰ আগফালে ঠেকেচি দিয়ে আৰু শূন্যলৈ দলিয়াই দিয়ে৷

জানিব পৰা মতে, অভিযুক্তই মদৰ নিচাত তেওঁৰ পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল৷ তাৰ পিছতে পাষণ্ড লোকজনে ৩ বছৰীয়া সন্তানটোৰ ওপৰত নিজৰ সকলো খং উজাৰে৷ অভিযুক্তই কাষতে থিয় দি থকা শিশুটিক উঠাই লৈ এখন ৰৈ থকা অটোৰ সন্মুখ ভাগত ঠেকেচা মাৰি দিয়ে৷ আনহাতে ঘটনা সংঘটিত হোৱা সময়ত তাত আৰক্ষী কৰ্মীও উপস্থিত আছিল৷

শিশুটিক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ পিছত অভিযুক্তই শিশুটি লৈ পলায়ন কৰিবলৈ চেষ্টা কৰে৷ কিন্তু এজন আৰক্ষীয়ে ধৃত লোকজনৰ বাট আগুচি ধৰি শিশুটিক তাৰ পৰা কাঢ়ি আনে৷ পিছত আৰক্ষীয়ে শিশুটিক শিশু কল্যান আয়োগৰ হাতত গতাই দিয়ে৷

আৰক্ষীয়ে পাষণ্ড পিতৃৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩২৪ আৰু ধাৰা ৭৫ৰ অধীনত গোচৰ ৰুজু কৰি পাষণ্ড লোকজনৰ সন্ধান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷