photo by NNO Bejera
photo by NNO Bejera

বেজেৰাঃ কামৰূপ গ্ৰাম্য জিলাৰ চাংসাৰি থানাৰ অন্তৰ্গত চাংসাৰিৰ নিকটৱৰ্তী ডোৰা-কহৰাত সংঘটিত এক পথ দুৰ্ঘটনাত ৪জনকৈ লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।

প্ৰাপ্ত বাতৰি মতে, সন্ধিয়া প্ৰায় ৬ মান বজাত বাইহাটা চাৰিআলিৰ পৰা গুৱাহাটী অভিমুখী এএছ ০১ বিপি ৭৯২৬ নম্বৰৰ হোন্দাই আই টেন গাড়ী এখন নিয়ন্ত্ৰণ হেৰুৱাই ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত দ খাৱৈত বাগৰি পৰে।

কহৰাৰ সেনা ছাউনীৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা সৰু দলঙৰ পৰা ২৫ ফুট মান দ খাৱৈ এটাত তীব্ৰবেগী আই টেন গাড়ীখন পৰি যোৱাত গাড়ীখনৰ যথেষ্ট ক্ষতিসাধন হোৱাৰ লগতে গাড়ীৰ ভিতৰত থকা চাৰি আৰোহীৰ কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

গাড়ীখনৰ আগফালে থকা ড্ৰাইভাৰ আৰু মহিলা এগৰাকীৰ আঘাত কিছু গুৰুতৰ হোৱাৰ বিপৰীতে পিছত থকা দুজনৰ আঘাত কিছু লঘু বুলি প্ৰত্যক্ষদৰ্শীসকলে জানিবলৈ দিছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে সেনা আৰু গাঁওবাসীয়ে মিলি আৰোহী কেইজনক দ খাৱৈত পৰি থকা গাড়ীখনৰ পৰা উদ্ধাৰ কৰি আমিনগাঁৱৰ নাৰায়ণা হাস্পতাললৈ প্ৰেৰণ কৰে।