newsnextone.com | ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনত কিংমেকাৰ হ'ব নেকি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। কিয়নো প্ৰধান বিৰোধী দল কংগ্ৰেছতকৈ মমতাৰ দল তৃণমূল কংগ্ৰেছে সকলো বিৰোধী দলক একত্ৰিত কৰিবলৈ বেছি দৌৰা-দৌৰি কৰা পৰিলক্ষিত হৈছে। যাৰ বাবে ২০১৯ত মমতা কিংমেকাৰ হ'ব নেকি বুলি চৰ্চা আৰম্ভ হৈছে। 

লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ থকা অৱস্থাত বুধবাৰে সন্ধিয়া মিত্ৰজোঁটৰ সন্দৰ্ভত আলোচনা কৰিবলৈ ইউপিএৰ অধ্যক্ষ ছোনীয়া গান্ধীক মমতাই সাক্ষাত কৰে। দিল্লীৰ ১০ জনপথত ছোনীয়া গান্ধীক সাক্ষাত কৰাৰ সময়ত কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীও উপস্থিত আছিল। ছোনীয়া গান্ধীক সাক্ষাত কৰাৰ অন্তত মমতাই সংবাদিকক পুনৰ বিৰোধীক একত্ৰিত কৰাৰ কথা উল্লেখ কৰে।  

মমতাই কয়ে যে মই দিল্লীলৈ আহিলেই ছোনীয়া গান্ধীক সাক্ষাত কৰো। আজি সাক্ষাতৰ সময়ত ৰাহুল গান্ধী উপস্থিত আছিল। ৰাজনৈতিক বিষয়ত আমাৰ মাজত আলোচনা হয়। একেলগে যুঁজ দিয়াৰ কথা আলোচনা কৰা হৈছে। মিত্ৰজোঁট সন্দৰ্ভত আমি আলোচনা কৰিছোঁ। ১৯ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া 'ব্ৰিগেড সমাবেশত' অংশ লোৱাৰ বাবে আমন্ত্ৰণ জনাইছোঁ।

সাংবাদিকে মমতাক সুধিছিল মিত্ৰজোঁটৰ নেতৃত্ব কোনে ল'ব। তেওঁ কয় যে আমি বিচাৰো সকলোৱে একেলগে যুঁজ দিও। একত্ৰিত ভাৱে আৰু যাৰ যত শক্তি আছে তেওঁ তাতে যুঁজ দিয়ক। ইফালে মমতাই অসমৰ এনআৰচিৰ খচৰাৰ পাৰ বাদ পৰা ৪০ লাখ লোক সন্দৰ্ভত পুনৰ বিজেপিক আক্ৰমণ কৰি কয় যে বিজেপিয়ে শান্তি বিচাৰে নে গৃহযুদ্ধ বিচাৰে। প্ৰাক্তন ৰাষ্ট্ৰপতিৰ পৰিয়ালৰ নাম নাই। বহু সেনা জোৱানৰ নাম নায়। ১০০ বছৰ পূৰ্বৰ পৰা বসবাস কৰা লোকৰ নাম নায়।