নতুন দিল্লীঃ মঙলবাৰে পুৱতি নিশা ভাৰতীয় বায়ুসেনা বাহিনীয়ে পাকিস্তান অধিকৃত কশ্মীৰৰ সন্ত্ৰাসবাদীৰ কেইবাটাও ঘাটিত বোমা বৰ্ষণ কৰাৰ বাতৰি পোৱা গৈছে। 

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই বিমান আক্ৰমণত নিখুটভাৱে লক্ষ্যভেদ কৰিব পৰা লেজাৰ গাইডেড বোমা ব্যৱহাৰ কৰা হৈছে। এই আক্ৰমণত পাকিস্থানী পক্ষৰ ২০০ৰপৰা ৩০০ লোক হতাহত হোৱাৰ দাবী কৰিছে ভাৰতীয় বায়ুসেনা বাহিনীয়ে।

এই অভিযানত ১২ খন মিৰাজ ২০০০ যুঁজাৰু বিমানে অংশগ্ৰহণ কৰিছিল।

উল্লেখ্য যে যোৱা ১৪ ফেব্ৰুৱাৰীত পুলৱামাত জইছ-ই-মহম্মদৰ আত্মঘাতী সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণ ঘটাই ৪২ জন চি আৰ পি এফ জোৱানক নিহত কৰাৰ পাছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে।

পুৱতি নিশাৰ এই আক্ৰমণত বায়ুসেনাই ১,০০০ কিল’গ্ৰাম বোমা ব্যৱহাৰ কৰিছে। আজিৰ এই অভিযান সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু ভাৰতীয় বায়ুসেনা বাহিনীয়ে সংবাদ মেল আযোজন কৰাৰ সম্ভাৱণা আছে।

অৱশ্যে পাকিস্তানৰ পক্ষৰপৰা এই আক্ৰমণত কোনো হতাহত হোৱা নাই বুলি প্ৰকাশ কৰিছে। ৩ঃ৩০ বজাত ভাৰতৰ এই আক্ৰমণৰ প্ৰায় ডেৰ ঘণ্টা পাছতে পাকিস্তান সেনাৰ মুখপাত্ৰই ভাৰতৰ অভিযানটোৰ বিষয়ে টুইট কৰে। 

তেওঁ কয় যে ভাৰতীয় বিমানসমূহক বালাকোটৰ ওচৰৰপৰা লৰালৰিকৈ ঘূৰাই পঠিওৱা হয়। সবিশেষৰ বাবে অপেক্ষা কৰি থকা হৈছে।