ডিজিটেল ডেস্কঃ ৰহস্যজনকভাবে মৃত্যুক সাৱতি লোৱা ভাৰতীয় প্ৰশাসনিক বিষয়া অনুৰাগ তিৱাৰীৰ হৈ পৰিয়ালে সোমবাৰে লক্ষ্নৌৰ হজৰতগঞ্জ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰাৰ পিছতেই আজি ফৰেনচিক বিভাগৰ তথ্যই বিষয়টো অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছে। 

অক্সিজেনৰ অভাৱত অনুৰাগৰ মৃত্যু ঘটা বুলি ফৰেনচিক বিভাগে সদৰী কৰাৰ পিছতেই বিষয়াগৰাকীৰ মৃত্যু দৰাচলতে এক হত্যা বুলি প্ৰায় নিশ্চিত হৈছে আৰক্ষী।

সেয়ে মুখ্য গৃহ সচীবে তদন্তৰ দায়িত্ব চিবিআইৰ হাতত গতোৱাৰ সিদ্ধান্ত ইতিমধ্যে লোৱা হৈছে বুলি জনায়। 

উল্লেখ্য যে বিষয়াজনৰ ভাতৃ মায়াংকই দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাৰ আধাৰত সোমবাৰে গোচৰ পঞ্জীয়ন কৰা হৈছিল।

১৭ মে’ত অনুৰাগক ৰহস্যজনকভাবে হজৰতগঞ্জৰ মীনা বাই মাৰ্গস্থিত গেষ্ট হাউছত মৃত অৱস্থাত পোৱা গৈছিল। সিদিনা অনুৰাগৰ জন্মদিনৰ আছিল। 

পৰিয়ালে এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক চিবিআই তদন্তৰ বাবেও অনুৰোধ জনাইছিল। 

'এয়া নিশ্চিতকৈ এক হত্যাকাণ্ড। অনুৰাগৰ কোঠাৰ দুৱাৰ খোলা আছিল। আনকি অনুৰাগৰ ম’বাইল ফোনটোও আনলক অৱস্থাত আছিল।’ এইবুলি সোমবাৰে মন্তব্য কৰিছিল অনুৰাগৰ ভাতৃ মায়াংকই। 

অনুৰাগৰ মাতৃ সুশীলাইও এই সন্দৰ্ভত এক নিৰপেক্ষ তদন্তৰ প্ৰয়োজন আছে বুলি সাংবাদিকক জনায়। উল্লেখ্য যে ১৮ মে’ত যোগী চৰকাৰে গঠন কৰি দিয়া স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে দাখিল কৰা প্ৰতিবেদনৰ পিছতহে চিবিআই তদন্ত কৰিবপৰা যাব বুলি জনাইছিল চৰকাৰে।