নতুন দিল্লীঃ ফেচবুক-টুইটাৰত ছেলফি, ফটোৰ জৰিয়তে সততে চৰ্চিত এগৰাকী মহিলা আইএএছ। নাম বি চন্দ্ৰকলা। ছ’চিয়েল মিডিয়াৰ এইগৰাকী ষ্টাৰ সুন্দৰী আইএএছ বিষয়া এতিয়া চৰ্চাত আছে চিবিআইৰ অভিযানক লৈ। 

যোৱা ৫ জানুৱাৰীত চন্দ্ৰকলাৰ লক্ষ্নৌস্থিত বাসগৃহত অভিযান চলাই কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে। প্ৰায় দুই ঘণ্টা ধৰি বিষয়াগৰাকীৰ বাসগৃহত আভিযান অব্যাহত ৰাখে চিবিআইয়ে।

নীতি বৰ্হিভূতভাৱে খননত অনুমোদন জনোৱাৰ অভিযোগত চন্দ্ৰকলাৰ বাসগৃহত পৰিছে চিবিআইৰ হাতোৰা। উত্তৰ প্ৰদেশৰ বুলন্দ চহৰ, হামীৰপুৰ, মথুৰা, মীৰাট আৰু বিজনৌৰ জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা সুন্দৰী বিষয়াগৰাকী অৱশ্যে চিবিআইৰ অভিযানৰ পিছতো ভাগি পৰা নাই।

চিবিআইৰ অভিযানত ভাগি পৰাৰ পৰিৱৰ্তে ছ’চিয়েল মিডিয়াত আগৰ দৰেকৈ তেওঁ পোষ্ট কৰি গৈছে ছেলফি, ফটো তথা আন একাধিক আপডেট। বহু তাৰকা অভিনেতা-অভিনেত্ৰী তথা বাঘা বাঘা ৰাজনীতিবিদতকৈও অধিক ফেচবুক ফলোৱাৰ থকা চন্দ্ৰকলাই চিবিআইৰ অভিযানৰ পিছতে পোষ্ট কৰিছে এটি কবিতা।

কবিতাটো পোষ্ট কৰি তেওঁ লিখিছে, 'নিৰ্বাচনৰ আগে-পিছে এনে অভিযান চলিবই। পিছে জীৱনৰ ৰংবোৰক তাৰ বাবে কিয়নো ধূসৰ কৰি তোলো বন্ধুসকল। আপোনালোক সকলোৰে প্ৰতি এয়াই আহ্বান যে সমস্যা যিমানেই নহওক কিয়, জীৱনক ৰংহীন কৰি নুতুলিব।’ 

আহকচোন ইউপি কেডাৰৰ ২০০৮বৰ্ষৰ আইএইছ সুন্দৰী চন্দ্ৰকলাই ৰঙীণ জীৱনক লৈ কি কবিতা লিখিছে এবাৰ পঢ়ি চাওঃ 

रे रंगरेज़ !  तू रंग  दे मुझको ।।

रे रंगरेज़ तू रंग दे मुझको  ,
फलक से रंग, या मुझे  रंग दे जमीं  से ,
रे रंगरेज़! तू रंग दे कहीं से ।। 

छन-छन  करती पायल से ,
जो फूटी हैं  यौवन के स्वर ;

लाल से रंग मेरी होंठ की कलियाँ, 
नयनों को रंग, जैसे चमके बिजुरिया, 
गाल पे हो, ज्यों  चाँदनी  बिखरी ,
माथे पर फैली  ऊषा-किरण ,

रे रंगरेज़ तू रंग दे मुझको, 
यहाँ  से रंग, या मुझे रंग दे,  वहीं से  ,
रे रंगरेज़ तू रंग दे,  कहीं से  ।।

कमर को रंग, जैसे, छलकी गगरिया  ,
उर,,,उठी हो,  जैसे चढ़ती उमिरिया  ,
अंग-अंग रंग, जैसे, आसमान पर ,
घन उमर उठी हो बन, स्वर्ण नगरिया  ।।

रे रंगरेज़ ! तू रंग दे मुझको,
सांस-सांस  रंग, सांस-सांस  रख,
तुला बनी हो ज्यों , बाँके बिहरिया , 

रे रंगरेज़ ! तू रंग दे मुझको ।।

पग- रज ज्यों, गोधुली बिखरी हो,
छन-छन करती  नुपूर  बजी हो,
फाग के आग से उठती सरगम,
ज्यों मकरंद सी महक उड़ी हो ।।

रे रंगरेज़ तू रंग दे मुझको  ,
खुदा सा रंग , या मुझे रंग दे  हमीं से ,
रे रंगरेज़ तू रंग दे , कहीं से ।।

पलक हो,  जैसे  बावड़ी वीणा,
कपोल को चूमे, लट का नगीना,
तपती जमीं  सा मन को रंग दे,
रोम-रोम तेरी चाहूँ  पीना ।।

रे रंगरेज़ तू रंग दे मुझको,
बरस-बरस मैं चाहूँ जीना ।।

উল্লেখ্য যে, তেলেংগানাত জন্মগ্ৰহণ কৰা চন্দ্ৰকলাৰ নিজৰ ফেচবুক পেজৰ লাইকৰ সংখ্যা হৈছে ৮৫ লাখৰো অধিক। কৰ্ম ব্যস্ততাৰ মাজতো সময়ৰ সামান্য সুৰুঙা পালেই ছ’চিয়েল মিডিয়াৰ বন্ধুসকলৰ সৈতে ভাৰ্চুৱেল সম্পৰ্ক ৰক্ষা কৰি ভাল পোৱা সুন্দৰী আইএএছ বিষয়াগৰাকীৰ এই কবিতাটোৱে লাভ কৰিছে ব্যাপক চৰ্চা।