আই চি এচ ই পৰীক্ষাত বিশ্বনাথৰ ছাত্ৰীৰ সফলতা

অসম ভেলী বিদ্যালয়ৰ ছাত্ৰীৰ দেশৰ ভিতৰতেই শীৰ্ষ স্থান দখল

গুৱাহাটীঃCouncil for Indian School for Certificate Examinations (CISCE)ৰ দ্বাৰা পৰিচালিত পাঠ্যক্রমৰ সদ্যঘোষিত ICSE দ্বাদশ শ্রেণীৰ  ফলাফলত বিশ্বনাথ জিলাৰ অস্মিতা কাকতিয়ে কলা শাখাত দেশৰ ভিতৰতে প্রথম স্থান অধিকাৰ কৰি সমগ্ৰ জিলা খনৰ লগতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে৷

বিশ্বনাথ জিলাৰ বৰগাং চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক জ্যোতির্ময় কাকতি আৰু নৱনীতা কাকতিৰ কন্যা অস্মিতা কাকতিয়ে শোণিতপুৰ জিলাৰ বালিপৰাৰ অসম ভেলী স্কুলৰ পৰা আই চি এছ ই পাঠ্যক্রমৰ দ্বাদশ শ্রেণীৰ আই এছ চি পৰীক্ষাত ‘হিউমেনিটী’ শাখাত ৯৯.৭৫ শতাংশ নম্বৰ লাভ কৰি ভাৰতৰ ভিতৰতে প্রথম স্থান লাভ কৰাটো গৌৰৱৰ বিষয় বুলি বিবেচিত হৈছে৷ অস্মিতাই বুৰঞ্জীত ১০০, মনোবিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ১০০, ইংৰাজীত ৯৯ আৰু ৰাজনীতি বিজ্ঞানত ৯৮নম্বৰ লাভ কৰি এই সফলতা অর্জন কৰিছে৷ উল্লেখযোগ্য যে অস্মিতাই মেট্ৰিক পৰীক্ষাতো ৯৭.২০ শতাংশ নম্বৰ লাভ কৰি উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ ভৱিষ্যতে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জীত মেজৰ লৈ পঢ়াৰ পৰিকল্পনা কৰা অস্মিতাই পৰীক্ষাৰ সময়ত আন ছাত্র–ছাত্রীৰ দৰে ৮–৯ ঘণ্টা ধৰি পঢ়া নাছিল৷ অস্মিতাই মাত্র ২ ঘণ্টাকৈ পঢ়িছিল যদিও সেই সময়খিনি অতি মনোযোগেৰে পঢ়িছিল আৰু এনে সাফল্য লাভ কৰিছিল৷

সংগীতৰ প্রতি বিশেষ ৰাপ থকা অস্মিতাই পিয়ানো বজোৱাৰ লগতে বেডমিণ্টন খেলি ভাল পায়৷ কোনো ঘৰুৱা শিক্ষকৰ সহায় নোলোৱাকৈ কেৱল বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রী তথা পিতৃ–মাতৃৰ পৰা বিশেষ সহায় লাভ কৰি সফলতা অর্জন কৰা অস্মিতাই সামাজিক মাধ্যমৰ পৰাও বহুতো তথ্য আহৰণ কৰিছিল বুলি জনায়৷ অস্মিতাৰ এই সাফল্যত আনন্দিত হৈ পৰিছে  পিতৃ–মাতৃৰ লগতে ককাক প্রাক্তন উপায়ুক্ত চন্দ্রমোহন কাকতি৷ অস্মিতাৰ পিতৃয়ে জানিবলৈ দিয়া মতে অস্মিতাৰ পৰা এনেধৰণৰ সাফল্য আশা কৰিছিল পৰিয়ালে আৰু ভৱিষ্যতে এগৰাকী ভাল নাৰী হৈ অস্মিতাই সমাজক সহায় কৰাটো বিচাৰিছে পিতৃয়ে৷