কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অন্তৰ্গত ডিৰাক আমগুৰি বনগাঁৱত নিহত উগ্ৰপন্থী সদস্যজনৰ পৰা উদ্ধাৰ হোৱা ড্ৰাইভিং লাইচেঞ্চখনত উল্লেখ থকা পুলিন দত্ত নামৰ লাইচেঞ্চখন ভুৱা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে৷

নিহত উগ্ৰপন্থীজন প্ৰকৃততে নামৰূপৰ বুলিহে আৰক্ষীয়ে নিশ্চিত কৰিছে৷ ইতিমধ্যে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক কাকপথাৰ থানাত আহি উপস্থিত হোৱাৰ লগতে উক্ত ঘটনাৰ বুজলৈ উগ্ৰপন্থীৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান চলোৱাৰ ৰণকৌশল প্ৰস্তুত কৰাৰ বিষয়ে জানিব পৰা গৈছে৷

আজি কিছুদিন পূৰ্বে কাকপথাৰ-ডাঙৰী বনাঞ্চলত ২২ জনীয়া আলফা আৰু এন.এচ.চি.এনৰ দল প্ৰৱেশ কৰাৰ সম্ভেদ পাই আৰক্ষীয়ে উগ্ৰপন্থী বিৰোধী অভিযান চলাইছিল যদিও সফল হ'ব পৰা নাছিল ৷

পৰৱৰ্তী সময়ত হাঁহখাটি গাঁও পঞ্চায়তৰ সভাপতিৰ পত্নীক ধনদাবী কৰি আক্ৰমণ কৰা ঘটনাৰ উত্তেজনা মাৰ নৌ-যাওঁতেই আজিৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

উল্লেখ্য যে আজি কিছুদিন পূৰ্বে আলফা(স্বা) সাধাৰণ সম্পাদক ভাষ্কৰ বৰাৰ নেতৃত্বত  এটি পাঁচজনীয়া দলে তিনিচুকীয়া জিলা পৰিভ্ৰমণ কৰি প্ৰশাসনৰ গতিবিধি লক্ষ্য কৰি পুনৰ মূখ্য কাৰ্যালয়লৈ উভতি যোৱাৰ বিষয়ে বিভিন্ন জন লোকৰ মাজত প্ৰচাৰিত হৈ আহিছে ৷