গুৱাহাটীঃ আমি খিলঞ্জীয়া মানুহ, সোণোৱাল মহাশয় আমাক ইয়াতে থাকিব দিয়ক৷ যদি বাংলাদেশী আছে আপোনালোকে খেদক উঠাই দিয়ক আমাৰ ক’ব লগা নাই৷ আমি ভোট দি আপোনালোকক চৰকাৰ বনাই দিছো৷ কিন্তু আপোনালোকে আমাক শাস্তি দিছে৷ আমাৰ ল’ৰা-ছোৱালী পৰীক্ষা দিব নাপালে৷ আমাৰ ঘৰ ভাঙি দিলে৷ চাৰি মাহৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ মাজ-মজিয়াৰ আমচাং অভয়াৰণ্যৰত থলুৱাই এনেদেৰ চিৎকাৰ কৰিছিল৷ শ-শ থলুৱাৰ এনে চিৎকাৰ নুশুনিলে অহংকাৰী মানুহেৰে ভৰা চৰকাৰ খনে৷

থলুৱাৰ এনে চিৎকাৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, আমোলাই শুনিবলৈ চেষ্টা নকৰিলে৷ অসমৰ থলুৱাৰ মুখত এনে মন্তব্য কৰাৰ পিছতো শ-শ থলুৱাৰ পৰিয়ালক আমচাঙত উচ্ছেদ কৰিছিল৷ বহু লোকে ক’লে আমি মৰি যাম তথাপিও আমি মাটি এৰি নিদিও৷ আমি খিলঞ্জীয়া মানুহ আমি বাংলাদেশী নহয়৷ খোদ বাংলাদেশী নহয় বুলি চিনাকী দিয়াৰ পিছতো গাৰ বলেৰে চৰকাৰে উচ্ছেদ কৰিছিল ইটোৰ পিছত সিটো পৰিয়ালৰ ঘৰ৷ হাতী, এক্সভেটৰেৰে আৰক্ষী, আৰপিএফৰ মানুহৰ লগত লৈ একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল চৰকাৰে আমচাংত৷

২০১৭ চনৰ আগষ্ট মাহৰ ২৫-২৬ তাৰিখ আৰু ২৭ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ আমচাঙত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল৷ প্ৰশাসনৰ বৃহৎ দল উপস্থিত হোৱাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল৷ আমচাঙত প্ৰশাসনৰ লোকক উচ্ছেদ কৰিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰাত আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ মুখামুখী হৈ বহু লোকে লাঠিৰ কোব খাইছিল৷ প্ৰায় ২০টা হাতী, এক্সেভেটৰ লৈ প্ৰায় ১৫০০ আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোকে উগ্ৰমূৰ্তি ধাৰণ কৰি এফালৰ পৰা উচ্ছেদ চলাই গৈছিল৷ কিন্তু এই উচ্ছেদ অভিযান অমানবীয় আৰু অবৈধ আছিল৷ উচ্ছেদ কৰাৰ অধিকাৰ নাছিল প্ৰশাসনৰ৷

এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ ২৭-২০১৩ নম্বৰৰ নিৰ্দেশ মৰ্মে বন বিভাগৰ সহযোগত উচ্ছেদ অভিযান চলাই গৈছিল জিলা প্ৰশাসনে৷ অভয়াৰণ্য খনৰ জনশিমলু, পাঞ্জাবাৰী, বতাহঘুলি, আমচাং যোৰাবাট আৰু নাৰেংগী-পানীখাইতি অঞ্চলত বেদখল কৰাৰ অভিযোগ উত্থাপন হয়৷ আনহাতে একাংশ লোকে ফেচবুকৰ জৰিয়তে বাব ৰামদেৱক শ শ বিঘা মাটি দিয়া চৰকাৰে থলুৱাক উচ্ছেদ কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল৷ আন একাংশ লোকে প্ৰভাৱশালী লোকৰ ঘৰ-দুৱাৰ বাচি যাব বুলিও আশংকা ব্যক্ত কৰিছিল৷ একাংশ লোকৰ আশংকাই সত্য আছিল৷

বনাঞ্চলৰ মাটিৰ দোহাই দি গুৱাহাটীৰ পাঞ্জাবাৰীৰ জনশিমলু এলেকাত শতাধিক খিলঞ্জীয়া পৰিয়ালৰ ওপৰত চৰকাৰী বাহিনীয়ে চলোৱা উচ্ছেদ অভিযান যে চৰম অন্যায়, অবৈধ আৰু অমানৱীয় আছিল৷ ইয়াৰ প্ৰামাণ বিধান সভাৰ মজিয়াত দিলে খোদ চৰকাৰে৷ সোমবাৰে বিধানসভাৰ মজিয়াত চৰকাৰে বিৰোধীৰ প্ৰশ্ন উত্তৰ দিবলৈ গৈ অকপটে স্বীকাৰ কৰে এই কথা৷ প্ৰশাসন তথা চৰকাৰে কোনো প্ৰক্ৰিয়া অধ্যয়ন নকৰাকৈ কেৱল বনাঞ্চল সংৰক্ষণৰ কথা উল্লেখ কৰিয়েই খিলঞ্জীয়াক গৃহহাৰা কৰিছিল৷

চৰকাৰে বিধান সভাত দাখিল কৰা তথ্য মতে, জনশিমলু বনাঞ্চল নহয় সেই কথা স্পষ্ট হৈ পৰে৷ বন বিভাগেহে জনশিমলু ননকে গাঁওখন আমচাং অভয়াৰণ্যৰ বুলি দাবী কৰিছিল যদিও এতিয়া সেই খন ৰাজহ গাঁও বুলি প্ৰতিপন্ন হয়৷ জনশিমলু ননকে গাঁৱৰ চাৰিসীমা প্ৰস্তুতৰ বাবে ২০০৬-০৭ চনতে জৰীপ হৈছিল আৰু ২০১০ চনত পলিগন প্ৰস্তুত কৰি উপায়ুক্তক প্ৰদান কৰা হৈছিল৷ ৰাজ্য চৰকাৰৰ জৰীপ বিভাগৰ যুটীয়া সঞ্চালকে ৰাজহ বিভাগক এই তথ্য জনাইছে৷

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই জনশিমলুত চলা উচ্ছেদ সন্দৰ্ভত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি সদনত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত ৰাজহ বিভাগে জৰীপ বিভাগৰ উদ্ধৃতি দি উক্ত তথ্য সদৰী কৰে৷ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পল্লৱলোচন দাসে সদনত দিয়া এই তথ্যৰ পিছতেই ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ বিধান সভাত দাখিল কৰা এই তথ্যই দুমাহ পূৰ্বে বনবিভাগে বন সংৰক্ষণৰ নামত জনশিমলুত থলুৱাৰ ঘৰ, বিদ্যালয়, মন্দিৰ অমানবীয় ভাৱে ভাঙি পেলাইছিল তাৰ দায়িত্ব এতিয়া কোনে ল’ব তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷

এলেকাটোত ৰাজহ বিভাগে জৰীপ সম্পন্ন কৰি জনশিমলুক ৰাজহ গাঁও মৰ্যাদা দিয়াৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত কৰিছিল তেনেহ’লে কাৰ ভুলৰ মূল্য ভৰিবলগীয়া হ’ল থলুৱাই৷ এনে বহু প্ৰশ্নই জুৰুলি-জুমুৰি দিছে ৰাজ্যত৷ বিয়াগোম আমোলাই চৰকাৰক বিপথে পৰিচালনা কৰিলে নে চৰকাৰে সকলো জানিও নজনাৰ ভাও ধৰি থলুৱাক গৃহহীন কৰিলে তাৰ উত্তৰ নিশ্চয় জনসাধাৰণে বিচাৰিব৷ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ দোহাই দি বন বিভাগে বিশাল বাহিনী লৈ জনশিমলুত উচ্ছেদৰ বিভীষিকা নমাই আনিছিল৷

আমচাঙত উচ্ছেদৰ নামত চলা চৰকাৰী দায়িত্বহীনতা, বন বিভাগ আৰু ৰাজহ বিভাগৰ মাজত থকা সমন্বয়হীনতাৰ ফলতেই যে শতাধিক খিলঞ্জীয়া পৰিয়াল এতিয়া ভগনীয়া হৈছে৷ উল্লেখযোগ্য যে, প্ৰতিবাদকাৰীক উচ্ছেদৰ সময়ত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনাৰ লোকে ৰবৰৰ বুলেট নিক্ষেপ কৰি আঘাত কৰিছিল৷ মহিলাসহ কেইবাগৰাকী লোক আহত হৈছিল৷ বহু পৰিয়াল গৃহহীন হৈ পৰাত নিশা কটোৱাৰ বাবে বিপদত পৰিছিল৷

আনফালে বহু ছাত্ৰ-ছাত্ৰীয়ে বছৰেকীয়া পৰীক্ষা দি থকাৰ সময়তো এনেদৰে উচ্ছেদ অভিযান কৰাত ক্ষোভিত হৈ পৰিছিল ৰাজ্যবাসী৷ হৃদয়বিদাৰক দৃশ্যই তাত উপস্থিত থকা সাংবাদিক তথা আন আন লোকে ফেকুৰি উঠিছিল৷ কোলাত কেচুৱা লৈ চকুলো টুকি থকা শ-শ মহিলাই আপোন ঘৰ খনৰ বাবে দুখত ভাঙি পৰিছিল৷ দুচকুৰ চকুপানী বৈ থকা দৃশ্যই বহু লোকৰ বুকু কঁপাই তুলিছিল৷ উচ্ছেদিত পৰিয়ালৰ সৰহসংখ্যক মানুহেই অসমৰ খিলঞ্জীয়া জনগোষ্ঠীয় ভূমিপুত্ৰ৷

ধেমাজি জিলাৰ জোনাই আদিৰ পৰা নদীয়া ঘৰ-বৰ উটুৱাই নিয়া লোকসকলে কামৰ সন্ধানত গুৱাহাটীলৈ আহি আমচাঙ অভয়াৰণ্যত বছৰ বছৰ ধৰি বসবাস কৰি আহিছিল৷ ইয়াৰ পূৰ্বেও ২৫ আগষ্টত ৰাজ্য প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল আমচাং অভয়াৰণ্যত৷ ৮০ বৰ্গ কিঃ মিঃ অভয়াৰণ্য খনৰ ৮০০ হেক্টৰ ভূমিয়ে বেদখলকাৰীৰ কবলত পৰা বুলি অভিযোগ উত্থাপিত হয়৷ আনহাতে বতাহঘুলি, ইউছুফ নগৰ, কংকন নগৰত কেইবা শ পৰিয়ালৰ ঘৰ ভাঙিবলৈ প্ৰশাসনে উচ্ছেদ চলোৱা ঠাই সমূহ খিলঞ্জীয়া মিচিং লোকে বাস কৰি থকা ঠাই বুলি দাবী কৰি আমচাং অভয়াৰণ্যত উচ্ছেদ অভিযান বন্ধ কৰাৰ দাবীৰে জোনাইত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷

ৰাজ্যৰ জাতি মাটি ভেটিৰ নিৰাপত্তাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীত বহা বিজেপি চৰকাৰে খিলঞ্জীয়া লোকক হাৰাশাস্তি কৰি উচ্ছেদ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যত৷ আমচাঙৰ খিলঞ্জীয়াক উচ্ছেদ অভিযানৰ প্ৰতিবাদত বিভিন্ন জনগোষ্ঠীয় সংগঠন সমূহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ আমোলা চৰকাৰ গাফিলতিৰ ছবি খন স্পষ্ট হৈ পৰে বিধানসভাৰ মজিয়াত৷ থলুৱাক যধে-মধে উচ্ছেদ কৰা চৰকাৰে ক্ষতিপূৰণ দিবনে নাই? বন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰা হৈছে বুলি জানিব পৰা গৈছে৷ সমিতিৰ প্ৰতিবেদনৰ ভিত্তিহে চৰকাৰে ক্ষতিপূৰণ দিব বুলি জানিব পৰা যায়৷