কোকৰাঝাৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অাৰক্ষী কনিষ্টবল বাছনি প্ৰক্ৰিয়াক লৈ অনিয়ম সংঘটিত হোৱা বুলি জিলাই জিলাই বঞ্চিত প্ৰাৰ্থীসকলে অভিযোগ উত্থাপন কৰাৰ সমান্তৰালভাৱে কোকৰাঝাৰ জিলাতো অনিয়মৰ অভিযোগ উত্থাপন কৰিছে বঞ্চিত প্ৰাৰ্থীসকলে। কালি ৱেবছাইটত ফলাফল বাহিৰ হোৱাৰ পিছতে আজি একাংশ ক্ষুব্ধ বঞ্চিত প্ৰাৰ্থীয়ে জিলা অাৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত গোট খাই ন্যায় বিচাৰৰ দাবী উত্থাপন কৰাৰ লগতে কোকৰাঝাৰ জিলাৰ আৰক্ষী কনিষ্টবলৰ ৭০টা পদৰ বাবে যোৱা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত হৈ যোৱা শাৰীৰিক পৰীক্ষাত অনিয়ম হোৱা বুলি স্পষ্ট অভিযোগ কৰে।

উল্লেখ্য যে জিলাভিত্তিক শাৰীৰিক পৰীক্ষা অন্ত পৰাৰ পিছত কালি অাৰক্ষীৰ মুখ্য কাৰ্যালয়ে লিখিত পৰীক্ষাৰ বাবে নাম তালিকা ৱেবচাইটত প্ৰকাশ কৰে । লিখিত পৰীক্ষাৰ বাবে যোগ্যতা অাহৰণ কৰা প্ৰাৰ্থীৰ নাম তালিকা প্ৰকাশ কৰাৰ পিছেতই কেবাখনো জিলাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় আৰু বঞ্চিত ক্ষুব্ধ প্ৰাৰ্থীসকলে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে।

লিখিত পৰীক্ষাৰ বাবে যোগ্যতা অাহৰণ নকৰা পৰা বঞ্চিত হোৱা একাংশ ক্ষুব্ধ প্ৰাৰ্থীয়ে অভিযোগ উত্থাপন কৰি কয় যে যোৱাকালি ৱেবচাইটযোগে ফলাফল লাভ কৰাৰ পাছত তেওঁলোক হতহম্ব হৈ পৰিছে ৷ ক্ষুব্ধ প্ৰাৰ্থীসকলে কয় যে  শাৰীৰিক পৰীক্ষাত কম নম্বৰ পোৱা একাংশক ২ এপ্ৰিলত হব লগা লিখিত পৰীক্ষাৰ সাক্ষাৎকাৰত বহাৰ সুযোগ পাইছে অথচ বেছি নম্বৰ পোৱা একাংশই  লিখিত পৰীক্ষাৰ পৰা বঞ্চিত হবলগীয়া হৈছে ৷

আৱছু কুমাৰ ব্ৰহ্ম নামৰ বঞ্চিত প্ৰাৰ্থীগৰাকীয়ে কয় যে তেওঁ শাৰীৰিক পৰীক্ষাত ৩০.২০ নম্বৰ পাইও  লিখিত পৰীক্ষাৰ পৰা বঞ্চিত হোৱাত আশ্চৰ্য হৈছে অথচ তেওঁতকৈ কম নম্বৰ পোৱা অৰ্থাৎ ২৩,২৪,২৫ নম্বৰ  পোৱা সকলেও লিখিত পৰীক্ষাত বহিবলৈ সুযোগ পাইছে ৷ এয়া নিতান্তই অন্যায় বুলি মত প্ৰকাশেৰে নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ কৰিবলৈ দাবী উত্থাপন লৰিছে । শাৰীৰিক পৰীক্ষা পুনৰীক্ষণ কৰিবলৈ নতুবা উত্তীৰ্ণ হোৱা সকলোকে লিখিত পৰীক্ষাত বহিবলৈ সুযোগ দিয়াৰো দাবী উত্থাপন কৰি অন্যথাই আদালতৰ দ্বাৰস্থ হ'ব বুলি সদৰী কৰিছে ক্ষুব্ধ প্ৰাৰ্থী সকলে ৷ 

অানহাতে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগুয়ে কয় যে যিসকল প্ৰাৰ্থীয়ে বেছি নম্বৰ লাভ কৰিও বঞ্চিত হোৱা বুলি অভিযোগ কৰিছে তেওঁলোকক অভিযোগ সমুহ লিখিত অাকাৰত দাখিল কৰিবলৈ কোৱা হৈছে৷ সেই অভিযোগৰ ভিত্তিত পুনৰীক্ষণ কৰা হ'ব বুলি মন্তব্য কৰিছে অতিৰিক্ত অাৰক্ষী অধীক্ষক টাবুৰাম পেগুৱে ।

উল্লেখ্য যে অাৰক্ষীৰ মুখ্য কাৰ্যালয়ে লিখিত পৰীক্ষাৰ বাবে যোগ্যতা অাহৰণ কৰা প্ৰাৰ্থীৰ নাম তালিকা প্ৰকাশ কৰাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদৰ জোঁৱাৰ উঠাৰ পৰিপ্ৰেক্ষিতত অাৰক্ষীৰ মুখ্য কাৰ্যালয়ে  অহা ২ এপ্ৰিলৰ লিখিত পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ।