মোৰাঝাৰঃ এফালে শব্দ প্ৰদূষণ, আনফালে ধোঁৱা আৰু ধূলিৰ কুণ্ডলী৷ কোনো ফালে যাবই নোৱাৰি৷ উশাহ ল’বলৈকো চিন্তা কৰিবলগীয়া হয়৷ কিন্তু কি কৰিব? উপায় নাই৷ চৰকাৰে কৰ’নাৰ দৰে মাৰাত্মক ভাইৰাছৰ পৰা হাত সাৰিবলৈ সতৰ্কতামূলক কাৰ্যসূচীৰ লগতে জাৰি কৰিছে একাধিক নীতি-নিৰ্দেশনা৷ সেই একে সময়তে এক অসহনীয় পৰিৱেশত দিন কটাবলৈ বাধ্য হৈ পৰিছে ডবকাৰ ভেলৌগুৰী, মদাৰতলি অঞ্চলৰ শ শ পৰিয়ালে৷  

কিয় অসহনীয়ভাৱে দিন কটাবলগীয়া হৈছে ডবকাবাসীয়ে?

হোজাই জিলাৰ ডবকা বন বিভাগ আৰু নগাঁও বন সংমণ্ডল প্ৰাধিকাৰীৰ অন্তৰ্গত ভেলৌগুৰী, সৰুপথাৰ, ডবকা, মদাৰতলি, ভগীৰাম আদি অঞ্চলত থকা শিল ভঙা ক্ৰেচাৰ মিলৰ পৰা ওলোৱা শব্দ, ধোঁৱা আৰু ধূলিয়ে ক্ৰেচাৰৰ আশে-পাশে থকা আবাসীসকলক কিছু দিনৰ পৰা অতিষ্ঠ কৰি তোলাৰ লগতে জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে৷ এই ক্ৰেচাৰসমূহ নিয়ন্ত্ৰণ কৰিবলৈ ডবকা মদাৰতলিৰ ৰাইজৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰ হোজাইৰ উপায়ুক্ত ডঃ চাদনেক সিঙৰ লগতে নগাওঁ জিলা প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডলৈ কিছুদিনৰ আগতে প্ৰেৰণ কৰিছিল৷ কিন্তু এতিয়ালৈকে বিভাগসমূহে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ফলস্ৱৰূপে সংশ্লিষ্ট বিভাগসমূহৰ নীৰৱতাত ডবকাৰ ৰাইজে এতিয়া যমৰ-যাতনা ভোগ কৰিবলগীয়া হৈছে বুলি একাংশই মত প্ৰকাশ কৰিছে৷

সক্ৰিয় হৈ আছে ১৮ টাকৈ শিল ভঙা ক্ৰেচাৰ

প্ৰাপ্ত তথ্য অনুসৰি হোজাই জিলাৰ যমুনা উপত্যকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনত যমুনাভেলী ষ্টন ক্ৰেচাৰ, আচাম ষ্টন ক্ৰেচাৰ, নাহাটা ষ্টন ক্ৰেচাৰ আৰু মাৰুতি ষ্টন ক্ৰেচাৰ, বৰভূঞা ষ্টন ক্ৰেচাৰ নামৰ শিল ভঙা মিলকেইটা বৰ্তমানেও সক্ৰিয় অৱস্থাত আছে৷ ইয়াৰোপৰি কঠিয়াতলি বনাঞ্চলিক বিষয়াৰ অন্তৰ্গত মদাৰতলি খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ অঞ্চলসমূহত জেড এম ষ্টন ক্ৰেচাৰ, ৰাইনো ইণ্ডাষ্ট্ৰী, নাহাটা ইণ্ডাষ্ট্ৰী, পি ডি ষ্টন ক্ৰেচাৰ, অমৃত ষ্টন ক্ৰেচাৰ, তানবিৰ ষ্টন ক্ৰেচাৰ, হৰে ৰাম ষ্টন ক্ৰেচাৰ, গণি মিঞা ষ্টন ক্ৰেচাৰ, লামডিং ষ্টন ক্ৰেচাৰ আৰু ৰেংবেং ষ্টন ক্ৰেচাৰকে ধৰি মুঠ ১৮ টা শিল ভঙা মিল সক্ৰিয় হৈ আছে৷ 

বন বিভাগ, প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নীতিক আওকাণ মিল কৰ্তৃপক্ষৰ

স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি মিলসমূহ বে-আইনী ভাবে স্থাপন কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে যদিও এই পৰ্যন্ত বন বিভাগ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ‘ক্ৰেচাৰ মিল স্থাপনৰ ক্ষেত্ৰত জনস্বাস্থ্যৰ প্ৰতি কোনো ধৰণৰ বিঘিনি নহ'বলৈ বন বিভাগ, প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ লগতে শ্ৰম মন্ত্ৰালয়ে কেতবোৰ নীতি নিৰ্দেশনা বান্ধি দিয়ে৷ কিন্তু আমাৰ ইয়াত থকা এই মিলসমূহে সকলোধৰণৰ নীতি নিয়ম জলাঞ্জলি দি আহিছে৷ এনেকৈ হ’লে আমি চৰকাৰক কেনেকৈ আস্থাত ল’ম?’-অভিযোগকাৰী ৰাইজৰ প্ৰশ্ন৷

ইফালে, ক্ৰেচাৰ মিলৰ আশে-পাশে বাস কৰা লোকসকলে বহু ধৰণৰ ৰোগত আক্ৰান্ত হৈছে বুলি জানিবলৈ দিছে৷ বিশেষকৈ যক্ষ্মা ৰোগ আৰু চৰ্ম ৰোগত আক্ৰান্ত হৈছে কেইবাজনো লোক৷ কিন্তু এনে অৱস্থাৰ সৃষ্টি হোৱাৰ পিছতো হোজাই জিলাৰ দক্ষিণ নগাওঁ বন সংমণ্ডল আৰু নগাওঁ বন সংমণ্ডলে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে বুলিও স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে৷