newsnextone.com | কোকৰাঝাৰঃ বিটিচিৰ সদৰভূমি কোকৰাঝাৰ চহৰৰ ৰাসমেলা পথাৰৰ নিকটত থকা চেন্ট্ৰেল চিলেক্সন বোৰ্ড চমুকৈ চিএছবিৰ নৱনিৰ্মিত কাৰ্যালয়টো শনিবাৰে আনুষ্ঠানিকভাৱে বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীয়ে উদ্বোধন কৰে ৷ 

প্ৰায় তিনি কোটি ষাঠি লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হোৱা চিএছবিৰ তিনি মহলীয়া নৱনিৰ্মিত কাৰ্যালয়টো আজি দিনৰ প্ৰায় ১১ বজাত উদ্ধোধন কৰাৰ পিছতেই বিটিচি সচিবালয় প্ৰাংগণত তথা বডোফানগৰত কৃষি বিভাগে আয়োজন কৰা ট্ৰেক্টৰ বিতৰণ অনুষ্ঠানতো অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে। 

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা (চি এম এছ জি ইউ ওৱাই) অভিলাষী আঁচনিৰ অধীনত কোকৰাঝাৰ জিলাৰ মুঠ পোন্ধৰটাকৈ আত্মসহায়ক গোটক একোখনকৈ ট্ৰেক্টৰ  বিতৰণ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ 

অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, অসমৰ সমাজ কল্যাণ আৰু ভুমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, বিধায়ক ৰবিৰাম নাৰ্জাৰী, বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰী প্ৰমুখ্যে বিটিচিৰ প্ৰায়ভাগ কাৰ্যবাহী সদস্য আৰু বিভাগীয় কৰ্মচাৰী, বিষয়াসকল উপস্থিত থাকে। অনুষ্ঠানৰ পিছতেই ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী আৰু মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই বিদেশীমুক্ত অসম গঢ়াৰ উদ্দেশ্যৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷