মাৰ্ঘেৰিটাঃ অৰুণাচলত সেনাৰ অভিযানত অস্ত্ৰ সহ জালত পৰিল NSCN-Rৰ দুই কেডাৰ৷ তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ লংটয় নামৰ ঠাইত সেনাই অভিযান চলাই লংটয় গাঁৱৰ হেপৱেং মনগ্ৰেইৰ পুত্ৰ এন মুনগ্ৰেই আৰু চিদাং চেনাৰ পুত্ৰ জংচাম চেনাক অস্ত্ৰ আৰু এখন বাইক সহ আটক কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে, অঞ্চলত পূৰ্বৰ পৰাই উগ্ৰপন্থীৰ বিচৰণ কৰাৰ খবৰ লাভ কৰি গোপন অভিযান অব্যাহত ৰাখিছল সেনাই৷ এখন নম্বৰ প্লেট বিহীন বাইকত গৈ থকা অৱস্থাত সেনাই যুৱক দুজনক ৰব দিয়াৰ সময়তে জংচাম চেনাই বাইকৰ পৰা জপিয়াই পলাবলৈ চেষ্টা কৰে যদিও সেনাই পিছত অভিযান চলাই আটক কৰিবলৈ সক্ষম হয়৷

দুয়োজন কেডাৰে ২০১৫ চনত NSCN-Rত যোগ দান কৰিছিল৷ দুটা পিষ্টল, ব্ৰাউন চুগাৰ, এখন বাইক, পান কাৰ্ড, আধাৰ কাৰ্ড, মোবাইল ফোন পকেট ডায়েৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷