ডিজিটেল ডেস্কঃ বিগত বছৰৰ দেশ কপোৱা শিশু সৰবৰাহৰ ঘটনাৰ গোচৰত বিজেপি নেতা কৈলাশ বিজয়বৰ্গীয়ক চিআইডিয়ে ২ ঘন্টা সময় জেৰা কৰে৷

মধ্যপ্ৰদেশৰ ইন্দোৰত শিশু সৰবৰাহ গোচৰৰ সন্দৰ্ভত সোমবাৰে ২ ঘন্টা কাল জেৰা কৰে পশ্চিং বংগৰ চিআইডিয়ে৷ বিগত বৰ্ষত বিজেপিৰ পশ্চিম বংগৰ নেত্ৰী ৰূপা গাংগুলী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক কৈলাশ বিজয়বৰ্গীৰ বিৰুদ্ধে শিশু সৰবৰাহ কাৰীক সহায় কৰাৰ অভিযোগ উত্থাপন হৈছিল৷

এই গোচৰৰ তদন্তৰ বাবে জাননী জাৰি কৰিছিল চিআইডিয়ে৷ ২০১৭ বৰ্ষৰ ২০ জুলাইত এই ঘটনা পোহৰলৈ আহিছিল৷ পশ্চিম বংগৰ জলপাইগুৰিৰ এটা শিশু আশ্ৰয় গৃহত লাইচেন্স নবীকৰণ কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক সহায় কৰাৰ অভিযোগ উত্থাপন হয়৷ আশ্ৰয় গৃহটো আন্তঃৰাষ্ট্ৰীয় শিশু সৰবৰাহকাৰীৰ সৈতে জৰিত বুলি অভিযোগ উত্থাপন হয়৷