newsnextone.com | আগৰতলাঃ কেন্দ্ৰীয় চৰকাৰে দেশৰ নাগৰিকত্ব আইন সংশোধন কৰি চুবুৰীয়া দেশৰ হিন্দু শৰণাৰ্থীক দেশলৈ আনিব খোজাৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চলত তীব্ৰ প্ৰতিবাদ অব্যাহত আছে৷ বিশেষকৈ অসমৰ ৰাইজ, দল-সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত গ্ৰেপ্তাৰ হ’ল ২৪ গৰাকী বাংলাদেশী যুৱক৷ 

চুবুৰীয়া ৰাজ্যৰ ৰাজধানী আগৰতলা ৰেল ষ্টেচনত ত্ৰিপুৰা টাস্ক ফৰ্চে ২৪ গৰাকী বাংলাদেশী যুৱকক গ্ৰেপ্তাৰ কৰে৷ যুৱককেইজন সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জৰিত থকাৰ সন্দেহ কৰা হৈছে৷
 
ত্ৰিপুৰা আৰক্ষীয়ে জনোৱা মতে, যুৱকৰদলটোৰ সৈতে আধাৰ কাৰ্ড উদ্ধাৰ হয়৷ পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু তামিলনাডুৰ পৰা আধাৰ কাৰ্ড সমূহ সংগ্ৰহ কৰা বুলি জানিবলৈ দিয়ে৷ আধাৰ কাৰ্ড সমূহ অনলাইন পৰীক্ষা কৰি ভুৱা বুলি অৱগত হয় ত্ৰিপুৰা আৰক্ষী৷

আনহাতে যুৱকসকল সন্ত্ৰাসবাদীৰ সৈতে জৰিত থকাৰ সন্দেহ কৰাৰ পিছতে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা এনআইএৰ তদন্ত কৰিব আৰু সংস্থাৰ গুৱাহাটীৰ কাৰ্যালয়ৰ পৰা দল এটা নিশাই গুৱাহাটীৰ পৰা ত্ৰিপুৰালৈ ৰাওনা হৈছে৷

জানিব পৰা মতে, বিশেষ খবৰৰ ভিত্তিত ত্ৰিপুৰা টাস্ক ফৰ্চে আগৰতলা ৰেল ষ্টেচন ঘেৰাও কৰি অভিযান চলাই৷ দিল্লীৰ পৰা ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছত আগৰতলালৈ আহে ২৪ বাংলাদেশী যুৱক৷