newsnextone.com | ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰৰ দৰিদ্ৰতা নিৰ্মূল হোৱা নাই৷ এতিয়াও হাজাৰ হাজাৰ কৃষকে দৰিদ্ৰতাৰ টঙালিখন খুলি থব নোৱাৰি আত্মহত্যাৰ দৰে পথ বাছি লৈছে৷ মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশত কেইবাজনো লোকে এসাজ ভাতৰ অভাৱত মৃত্যু মুখত পৰিছে৷ এসাজ ভাতৰ বাবে এতিয়াও জীৱনৰ সৈতে সংগ্ৰাম কৰি আছে কোটি কোটি ভাৰত বাসীয়ে৷ কিন্তু ভাৰতৰ অৰ্থ বৱ্যস্থাৰ উন্নতি ঘটিছে৷ 

বিশ্ব বেংকৰ ২০১৭ চনত জাৰি কৰা ৰিপ’ৰ্ট অনুযায়ী, বিশ্বৰ বৃহৎ অৰ্থনৈতিক ব্যৱস্থাসম্পন্ন ৰাষ্ট্ৰৰ তালিকাত ভাৰতে ৬ষ্ঠ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷ বিশ্ব বেংকৰ মতে, ভাৰতে ফ্ৰান্সৰ অৰ্থনৈতিক ব্যৱস্থাক চেৰ পেলাই ৬ষ্ঠ স্থান দখল কৰি বিশ্বৰ বৃহৎ অৰ্থনৈতিক ব্যৱস্থা সম্পন্ন দেশ হিচাপে স্বীকৃত হৈছে৷

‘টাইমছ অৱ ইণ্ডিয়া’ত প্ৰকাশিত বাতৰি অনুসৰি, ফ্ৰান্সৰ ২.৫৮২ ত্ৰিলিয়ন ডলাৰ জিডিপিৰ তুলনাত ভাৰতৰ জিডিপি ২.৫৯৭ ত্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে৷ বিশ্ব বেংকৰ সমীক্ষা মতে, দেশৰ কেইবাবাৰো অৰ্থনৈতিক উত্থান-পতন ঘটাৰ পিছত ২০১৭ চনত দেশৰ আৰ্থিক বিকাশ বৃদ্ধি পাইছে৷

ইফালে, প্ৰতি ব্যক্তিৰ আয়ৰ ক্ষেত্ৰত এতিয়াও ফ্ৰান্সৰ তুলনাত ভাৰত বহু গুনে পিছ পৰি আছে৷ ৬৭ মিলিয়ন জনসংখ্যাৰ দেশ ফ্ৰান্সৰ তুলনাত ভাৰত প্ৰায় ২০ গুন পিছ পৰি আছে৷

বিশ্ব বেংকে প্ৰকাশ কৰা ৰিপ’ৰ্ট মতে, নোটবন্দী আৰু যোৱা বৰ্ষৰ ১ জুলাইৰ পৰা দেশত বলবৎ হোৱা জিএছটি ব্যৱস্থাৰ পিছত নিৰ্মাণ কাৰ্য আৰু জনতাৰ ক্ৰয় ক্ষমতা বৃদ্ধি পোৱাৰ বাবেই দেশৰ অৰ্থ ব্যৱস্থাত পৰিৱৰ্তন ঘটিছে৷

ইফালে, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষ (আইএমএফ)ৰ মতে চলিত বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি ৭.৪ আৰু ২০১৯ত ৭.৮ শতাংশ থকাৰ অনুমান কৰা হৈছে৷

বিশ্বৰ শীৰ্ষ অৰ্থনৈতিক ব্যৱস্থা সম্পন্ন দেশসমূহৰ তালিকাত আমেৰিকাই তালিকাৰ শীৰ্ষস্থান বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে৷ ইয়াৰে পিছতে চীন, জাপান আৰু জাৰ্মানীয়ে তালিকাত দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান অধিকাৰ কৰিছে৷ আনহাতে, ব্ৰিটেইন তালিকাৰ অষ্টম স্থান লাভ কৰিছে৷ ৰিপ’ৰ্ট অনুসৰি ২০৩২ চনলৈ ভাৰত বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনৈতিক ব্যৱস্থা সম্পন্ন দেশ হিচাপে চিহ্নিত হ’ব বুলি অনুমান কৰা হৈছে৷ 

কিন্তু প্ৰশ্নৰ উদয় হৈছে, যদি দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ উন্নয়ন ঘটিছে, তেন্তে আজিও দেশত দৰিদ্ৰতাই সংখ্যাই অধিক কিয়? বিশ্ব বেংকৰ মতে দেশৰ অৰ্থনৈতিক ব্যৱস্থা সঠিক পথলৈ উত্তৰণ ঘটিলেও, প্ৰকৃতপক্ষে দেশৰ কোটি কোটি জনতাৰ দৰিদ্ৰতালৈ চাই দেশৰ অৰ্থনৈতিক ব্যৱস্থা কেৱল পুঁজিপতিৰ দ্বাৰাহে পৰিচালিত হোৱা বুলি বিশ্লেষকসকলে মন্তব্য কৰিছে৷