ডিজিটেল ডেস্কঃ বিহাৰৰ মতিহাৰিত ৰাজপথত দাউ দাউকৈ জ্বলিল এখন যাত্ৰী বাহী বাছ৷ বাছখনৰ চালকে এগৰাকী বাইক আৰোহীক ৰক্ষা কৰিবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই আৰু পথৰ দাতিত বাগৰি পৰে৷ 

তাৰ পিছত কম সময়ৰ ভিতৰতে ৰাজ পথৰ দাতিত দাউ দাউকৈ জ্বলিব ধৰে বাছখন৷ ভিতৰত যাত্ৰীসকলে চিঞৰ-বাখৰ কৰে যদিও ওলাই আহিবৱৈ সক্ষম নহ’ল৷ বাছ খনত ৩১ জন যাত্ৰী আছিল যদিও ২৭ গৰাকী যাত্ৰীৰ মৃত্যু হয়৷ 

আৰক্ষী আৰু স্থানীয় ৰাইজে ৪গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷  বিহাৰৰ মুজাফ্ফৰপুৰৰ পৰা দিল্লীলৈ যাত্ৰী লৈ গৈছিল বাছখনে৷