ডিজিটেল ডেক্সঃ ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰি আমেৰিকাই সোমবাৰে ছিয়াটেলত অৱস্থিত ৰুছ দূতাবাসটো বন্ধ কৰি দিয়াৰ লগতে ৬০ জন কূটনীতিকক বহিষ্কাৰ কৰিছে। 

ব্ৰিটেইনৰ এজন প্ৰাক্তন চোৰাংচোৱাক ৰাছিয়াই বিষ খুৱাই হত্যা কৰা বুলি প্ৰকাশ পোৱাৰ পাছতে ইউৰোপীয় সংঘ আৰু আমেৰিকাই যৌথভাৱে ৰাছিয়াৰ বিৰুদ্ধে এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। 

মাৰ্কিন প্ৰশাসনৰ এজন মুখপাত্ৰই কয় যে, ৰাছিয়াৰ এই কূটনীতিবিদসকলে কূটনৈতিক অধিকাৰৰ ছাঁ লৈ চোৰাংচোৱাগিৰি কৰি আহিছে। এই কূটনীতিকসকলৰ ভিতৰত ৰাষ্ট্ৰসংঘৰ মিছনত কৰ্মৰতও আছে। ট্ৰাম প্ৰশাসনৰ এই কঠোৰ সিদ্ধান্তৰ দ্বাৰা ৰাছিয়াক ইয়াৰ 'অগ্ৰহনযোগ্য ঊৰ্ধতালি'ৰ যোগ্য বাৰ্তা দিয়া হৈছে বুলি কয় মুখপাত্ৰজনে।

মন কিবলগীয়া যে ছিয়াটেলৰ ৰাছিয়ান দূতাবাসটো মাৰ্কিন নৌসেনাৰ এটা ঘাটিৰ কাষতে অৱস্থিত। বহিষ্কাৰ কৰা কূটনীতিকসকলে সাত দিনৰ ভিতৰত আমেৰিকা এৰিব লাগিব।

প্ৰাক্তন ব্ৰিটিছ চোৰাংচোৱাজনক হত্যা কৰাৰ বাবে ৰাছিয়াৰ বিৰুদ্ধে আৰু একাধিক দেশে অনুৰূপ শাস্তিমূলক ব্যৱস্থা গ্ৰহন কৰিব বুলি জানিব পৰা গৈছে। পোলেণ্ডে ৰাছিয়াৰ ৰাষ্ট্ৰদূতজনলৈ ইতিমধ্যে চমন জাৰি কৰিছে।

ব্ৰিটেনেও দেশখনৰ পৰা অঘোষিত চোৰাংচোৱাগিৰিৰ অভিযোগত ২৩ জন কূটনীতিকক বৰ্খাস্ত কৰিছে। প্ৰত্যুত্তৰত ৰাছিয়ায়ো সমসংখ্যক ব্ৰিটিছ কূটনীতিকক বৰ্খাস্ত কৰিছে।

ৰাছিয়াত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূতজনকো ঘূৰাই অনা হৈছে। ব্ৰিটেইনৰ তদন্তত প্ৰকাশ পোৱা প্ৰাক্তন ব্ৰিটিছ চোৰাংচোৱাক বিষ দি হত্যা কৰা অভিযোগ অৱশ্যে অস্বীকাৰ কৰিছে ৰাছিয়াই।