Deccan Chronicle
Deccan Chronicle

newsnextone.com | ডিজিটেল ডেস্কঃ এগৰাকী তৃতীয় শ্ৰেণীত অধ্যয়নৰত কিশোৰীক ধৰ্ষণৰ অভিযোগত এগৰাকী চৰকাৰী স্কুলৰ শিক্ষক গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় হাৰিয়ানাত৷ হাৰিয়ানাৰ হিচাৰ জিলাত দেওবাৰে সংঘটিত হয় এই ঘটনা৷ অভিযুক্ত শিক্ষকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে৷ ভাৰতীয় দণ্ড বিধাৰ ৬ নং ধাৰাত পক্সো আইনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত আছে৷

জানিব পৰা মতে, শুকুৰবাৰে স্কুল চলি থকাৰ সময়তে তৃতীয় শ্ৰেণীৰ ছাত্ৰীগৰাকী স্কুলৰ শৌচালয়লৈ গৈছিল৷ সেই সময়ত শৌচালয়ৰ ভিতৰত কনিষ্ঠ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা শিক্ষক অনৈতিক কাৰ্য সংঘটিত কৰে৷ কিশোৰীক শৌচালয়ৰ পৰা উলিয়াই দি এই কথা কাকো নকবলৈ কয়৷ স্কুলৰ পৰা ঘৰলৈ যোৱাৰ পিছতে ভয়ে ভয়ে সময় পাৰ কৰে৷ তাৰ পিছতে দেওবাৰে কিশোৰীক পৰিয়ালে লোকে গা ধুৱাই দিব খোজাৰ সময়তে পৰিয়ালে দেহত চিন প্ৰত্যক্ষ কৰি ভালকৈ সোধ-পোছ কৰাত সকলো কথা ওলাই পৰে৷ পিছত স্থানীয় পঞ্চায়তৰ জৰিয়তে আৰক্ষীক খবৰ দিয়ে৷ স্কুলৰ শিক্ষকক গ্ৰেপ্তাৰ কৰাৰ লগতে আন আন শিক্ষককো বদলি কৰা হৈছে৷