ডিজিটেল ডেস্কঃ সাৰ্বভৌমত্বৰ বিষয়টোক লৈ চুবুৰীয়া চীনৰ সৈতে থকা মনোমালিন্যৰ পৰিপ্ৰেক্ষিতত আজিৰেপৰা আৰম্ভ হোৱা চীনৰ দুদিনীয়া আন্তৰাষ্ট্ৰীয় সন্মিলনত ভাগ নললে ভাৰতে। এছিয়া, আফ্ৰিকা তথা ইউৰোপৰ অন্য দেশসমুূহৰ সৈতে বাণিজ্যিক সম্পৰ্ক সৃদৃঢ় কৰাৰ উদ্দেশ্যে চুবুৰীয়া দেশখনে আয়োজন কৰা ওৱান বেল্ট ওৱান ৰোড চমুকৈ ওবিওআৰ প্ৰকল্পৰ অংশ হ’বলৈ পছন্দ নকৰাৰ বিভিন্ন কাৰণৰ ভিতৰত আছে পাকিস্তানৰ সৈতে চীনৰ সহযোগীতা। 

প্ৰকল্পটোৰ এক গুৰুত্বপুৰ্ণ অংশ হিচাপে বিবেচিত চিপেক (চীনা পাকিস্তান ইকনমিক কৰিডৰ)ৰ সম্পুৰ্ণ বিৰোধীতা কৰিছিল ভাৰতে। কিয়নো পাক অধ্যূষিত কাশ্মীৰত চীনৰ হস্তক্ষেপ কোনো কাৰণতে পছন্দ নকৰে ভাৰতে। কিন্তু এই প্ৰকল্পটোকে চীনে ফ্লেগশ্বীপ প্ৰকল্প হিচাপে প্ৰচাৰ কৰি আহিছে। 

'সাৰ্বভৌমত্ব আৰু সীমান্তৰ সংহতি সন্মানপূৰ্বক বজাই ৰখা’ ধৰণৰ নীতিতহে দেশখন বিশ্বাসী বুলি ভাৰত চৰকাৰে শনিবাৰৰ এক বিবৃতিত উল্লেখ কৰিছে। 

আনফালে ভাৰতৰ সৈতে সুসম্পৰ্ক থকা নেপালকে ধৰি মুঠ ২৯ খন দেশে উক্ত সন্মিলনত অংশগ্ৰহণ কৰিব। একেদৰে মাৰ্কিন যুক্তৰাষ্ট্ৰই নিজৰ কথা আৰু কামৰ মাজত সম্পুৰ্ণ তফাৎ দৰ্শাই সন্মিলনত ভাগ লোৱাৰ বাবে সন্মতি জনোৱাত সকলো আচৰিত হৈছে।