ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে যুদ্ধৰ আখৰাস্থলিত একেলগে দেখা যাব ভাৰত আৰু পাকিস্তানৰ সামৰিক বাহিনীক৷ চাংহাই কৰ্পৰেচন অৰ্গেনাইজেছনে আয়োজন কৰিবলগীয়া এই সামৰিক আখৰাত কেৱল পাকিস্তানে নহয়, চুবুৰীয়া ৰাষ্ট্ৰ ৰঙা চীনকো একেলগে দেখা যাব ভাৰতৰ লগত৷ 

'শান্তি অভিযান’ শীৰ্ষক এই সামৰিক আখৰা ছেপ্তেম্বৰ মাহত ৰাছিয়াত অনুষ্ঠিত হ’ব৷ ভালেকেইখন ৰাষ্ট্ৰই সন্মতি দিয়া এই আখৰাই এছিয়াকে ধৰি ইউৰোপৰ কেইবাখনো দেশত শিপাই থকা সন্ত্ৰাসবাদ প্ৰতিৰোধ কৰাৰ প্ৰস্তুতি চলাব৷ অভিযানত ভাৰতৰ অংশগ্ৰহণৰ কথা নিশ্চিত কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ 

চাংহাই কৰ্পৰেছন সংস্থাটোৰ বেইজিঙত অনুষ্ঠিত হোৱা শেহতীয়া বৈঠকত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰতৰ অংশগ্ৰহণৰ সেউজ সংকেত দিছিল৷ ৰাছিয়াৰ ইউৰেল পৰ্বতাঞ্চলত হ’বলগীয়া উক্ত শান্তি অভিযানত সংস্থাটোৰ ৮ খন সদস্য ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিব৷ 

উল্লেখ্য যে ভাৰতে পূৰ্বতেও পাকিস্তানৰ সৈতে ৰাষ্ট্ৰসংঘৰ শান্তি অভিযানত অংশগ্ৰহণ কৰিছিল যদিওঁ সামৰিক আখৰাৰ প্ৰথম অভিজ্ঞতা চলিত 
বৰ্ষৰ ছেপ্তেম্বৰতহে পোৱা যাব৷ ভাৰতৰ স্বাধীনতাৰ পিছত পাকিস্তানৰ সৈতে এয়া প্ৰথমটো সামৰিক আখৰা৷