ডিজিটেল ডেস্কঃ ভাৰতে ইজৰাইলৰপৰা আমদানী কৰিব প্ৰতিৰক্ষা মিছাইল ব্যৱস্থা৷ তাৰ বাবে ৪ হাজাৰ কোটিৰ চুক্তিত আবদ্ধ হৈছে ভাৰত৷ 

ইজৰাইল এৰ’স্পেচ এজেন্সীয়ে দেওবাৰে এই খবৰ ৰাজহুৱা কৰিছে৷ ভাৰতৰ নৌসেনাবাহিনীয়ে চাৰিখন জাহাজৰ বিনিময়ত ইজৰাইলৰপৰা মিছাইল আৰু প্ৰতিৰক্ষা ব্যৱস্থা ক্ৰয় কৰিব৷

ভাৰত ইলেক্ট্ৰনিক লিমিটেডে মেক ইন ইণ্ডিয়াৰ অন্তৰ্গত কাৰ্যসূচীৰ অধীনত এজেন্সীটোৰ সৈতে এই চুক্তি কৰিছে৷

জুলাই মাহত দেশৰ প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইজৰাইল ভ্ৰমণৰ পূৰ্বে দেশদুখনৰ মাজত সামৰিক সম্পৰ্ক মজবুত কৰাৰ বাবে এই পদক্ষেপ লোৱা বুলি অনুমান কৰা হৈছে৷