ডিজিটেল ডেস্কঃ সন্তান হেৰুওৱা পিতৃ-মাতৃৰ আৰ্তনাদ আৰু ৰাইজৰ প্ৰতিবাদক নাটক আখ্যা দিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে৷ ইয়াক লৈ এতিয়া তীব্ৰ সমালোচনাৰ পাত্ৰ হ’ব লগা হৈছে মুখ্যমন্ত্ৰীগৰাকী৷ উত্তৰ প্ৰদেশত তীব্ৰ বেগী ৰেলৰ খুন্দাত ১৩টা শিশু ছাত্ৰৰ মৃত্যুৰ হোৱাৰ ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ সময়তে মুখ্যমন্ত্ৰী এই ঘটনাক লৈ সংবেদনশীল হয় নে তাক লৈ উত্থাপন হৈছে৷ পুত্ৰ শোকত কন্দা-কটা কৰা পিতৃ-মাতৃক ‘নাটক’ কৰা বুলি কোৱাত এই মন্তব্যৰ বিৰুদ্ধে বহু লোক সোচ্চাৰ হৈ পৰিছে৷

বৃহস্পতিবাৰে পুৱাই উত্তৰ প্ৰদেশৰ কুশীনগৰত ৰেলৱে ক্ৰছিং পাৰ হ’ব ধৰোতেই বাছ এখনক চলন্ত ৰেলগাড়ীয়ে খুন্দা মৰাৰ ফলত ১৩টি শিশুৰ মৃত্যু হয়৷ সাতগৰাকী ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত হৈছে আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। মুঠ ১৮ গৰাকী কণ কণ ছাত্ৰ-ছাত্ৰী স্কুলবাছখনত বিদ্যালয় অভিমুখে গৈ আছিল। উত্তৰ প্ৰদেশৰ কুশীনগৰ এলেকাৰ এটা ৰেলৱে ক্ৰছিং পাৰ হ’ব লওতে বাছ এখনক চলন্ত ৰেলগাড়ীয়ে খুন্দা মৰাৰ ফলত ১ত টি শিশুৰ মৃত্যু হয়৷

বৃহস্পতিবাৰে পুৱাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ ঘটনাস্থলিত উপস্থিত হয়৷ সেই সময়ত সন্তান হেৰুওৱা পিতৃ-মাতৃ আৰু স্থানীয় লোকে বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে৷ প্ৰতিবাদৰ সন্মুখীন হৈ ক্ষোভিত মুখ্যমন্ত্ৰীয়ে হাতত মাইক লৈ ‘শ্ল’গান বন্ধ কৰা’, ‘নাটক বন্ধ কৰা’ বুলি ক'বলৈ ধৰে। তাৰ পিছতে উত্তেজিত হৈ পৰে ৰাইজ৷ তাৰ পিছতে বহু লোকে ৰেল পথৰ ওপৰত শুই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে৷ ৰেল ক্ৰছিঙত পহৰা নথকাৰ অভিযোগ উত্থাপন কৰি প্ৰহৰী নিয়োগ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে৷ তাৰ পিছতে যোগীয়ে এক তদন্ত সমিতি গঠন কৰাৰ সিদ্ধান্ত লয়। জিলা উপায়ুক্তক লৈ আৰু মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ সাহায্যও ঘোষণা কৰে৷ সমবেদনা জনাবলৈহে ঘটনাস্থলীলৈ অহা বুলিও কয় যোগীয়ে।