ডিজিটেল ডেস্কঃ দুজনকৈ ভাৰতীয় সেনাক শিৰচ্ছেদ কৰাৰ লোমহৰ্ষক ঘটনাৰ যথোচিত প্ৰত্তুত্যৰ দিয়াৰ বাবে ভাৰত সাজু আছে। এই প্ৰত্তুত্যৰ ভাৰতীয় সেনাই উপযুক্ত সময়ত আৰু উপযুক্ত স্থানত দিব। সেই স্থান-কাল বাচিও ল’ব সেনাই নিজেই। 

যুদ্ধবিৰতি ভংগ কৰাতো বাদেই¸ সোমবাৰে পুঞ্চ এলেকাৰ কৃষ্ণা ঘাটী চেক্টৰত সেনাৰ মৃতদেহৰ সৈতে কৰা এনেদৰে অমানুষিক কাৰ্যৰ পৰিণামৰ বাবে পাক সেনা সাজু থকাৰ বাবে আগজাননী দিছে ভাৰতীয় সেনাৰ এজন জেষ্ঠ বিষয়া শৰৎ চন্দ্ৰই। সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত উপ  সেনাধক্ষ্যজনে কয় যে পাক সেনাৰ এনে কাৰ্যই দৰাচলতে তেঁওলোকৰ মনৰ হতাশাহে ফুটাই তুলিছে। 

এই কাম পাক সেনাই কৰিছে নে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত শৰৎ চন্দ্ৰই কয় যে উক্ত কুকৰ্মৰ দায়িত্ব পাক সেনাই স্বীকাৰ কৰা নাই যদিও এই কাম ভাৰতবিৰোধী পাক নাগৰিকেই কৰিছে বুলি সন্দেহ ব্যক্ত কৰে সেনাৰ উপাধক্ষ্যজনে। 

প্ৰতিৰক্ষা মন্ত্ৰী অৰুণ জেটলীয়েও জোৱানৰ বলিদান অথলে নাযায় বুলি সোমবাৰে মন্তব্য কৰিছিল। উল্লেখ্য যে সোমবাৰৰ সংঘৰ্ষত ভাৰতীয় সেনাৰ এজন আৰু বিএছএফৰ এজন জোৱানক পাকিস্তান সীমান্তত গুলিয়াই হত্যা কৰা হৈছিল। তাৰ পিছতে জোৱান দুজনক শীৰচ্ছেদ কৰা বুলি জানিবপৰা গৈছিল।