newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে সোমবাৰে ৰয় মোডী চৰকাৰক প্ৰতিশ্ৰুতি পূৰণৰ বাবে পুনৰ ৫ বছক শাসনাধিষ্ঠিত কৰা উচিত৷ আনহাতে, তেওঁ বিত্ত মন্ত্ৰী নহোৱা বাবে দেশৰ অৰ্থ ব্যৱস্থা সন্তোষজনক নহয় বুলিও উল্লেখ কৰে৷

সোমবাৰে হিন্দুস্তান সংগমৰ দ্বাৰা আয়োজিত ‘ভাৰতৰ ভৱিষ্যত আলোচনা’ শীৰ্ষক এক অনুষ্ঠানত উপস্থিত হৈ এই মন্তব্য কৰে বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে৷

ৰাজ্যসভাৰ সদস্য স্বামীয়ে কয়, ‘আৰ্থিক বিকাশৰ পৰা ভোট লাভ নহয়৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে নিজৰ চৰকাৰৰ প্ৰচাৰৰ বাবে ‘ইণ্ডিয়া চাইনিং’ শ্ল’গানৰ ব্যৱহাৰ কৰিছিল৷ কিন্তু তেওঁ অসমৰ্থ হয়৷ বিজেপিয়ে আস্থা (হিন্দুত্ব) আৰু ভ্ৰষ্টাচাৰ মুক্ত ভাৰতবৰ্ষ গঠনৰ প্ৰয়াস কৰিছিল৷ সেইবাবে ২০১৪ চনত বিজেপিয়ে অধিক আসন লাভ কৰে৷’

আনহাতে অহা ১৮ জুলাইৰ পৰা অাৰম্ভ হ’বলগীয়া সংসদৰ গ্ৰীস্মকালীন অধিবেশনৰ পূৰ্বে বিবাদস্পষ্ট মন্তব্য প্ৰকাশ কৰি স্বামীয়ে কয়, ‘প্ৰথমবাৰৰ বাবে আমি (বিজেপিয়ে) ইমান সংখ্যক ভ্ৰষ্টাচাৰী লোকৰ বিৰুদ্ধে গোচৰ চলাইছোঁ৷ আমাৰ দেশৰ ব্যৱস্থাত ৭০ বছৰলৈ কোনো পৰিবৰ্তনেই নহ’ল৷ যাৰ বাবে এতিয়া আমি এনে কিছুমান কৰ্মৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছো, যিয়ে আমাৰ কৰিবলগীয়া কামত বাধাৰ সৃষ্টি কৰিছে৷’

আনফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছ ‘বেল গাড়ী’ বুলি আখ্যা দিয়াক লৈ টিপ্পনী কৰি স্বামীয়ে কয় যে ‘বেল গাড়ী’য়ে এতিয়া ‘তিহাৰ বিহাৰ’ (তিহাৰ ভ্ৰমণ) কৰিবলৈ গৈ আছে৷ মই কংগ্ৰেছৰ সকলো দুৰ্নীতিবান নেতাকে জেইললৈ পঠিয়াম যাতে তেওঁলোকৰ আগন্তক কৰ্ম সম্বন্ধীয় বৈঠকখন তিহাৰ জেইলতে হ’ব পাৰে৷