Printer-friendly version

 

ডিজিটেল ডেস্কঃ নতুন বছৰটোৰ প্ৰথম দিনটোতে দেশৰ ৰেলযাত্ৰীসকললৈ আহিছে দুখবৰ। এই অনুযায়ী আজিৰে পৰা অৰ্থাৎ ১ জানুৱাৰী ২০২০ৰ পৰা পূৰ্বতকৈ ব্যায়বহুল হৈ পৰিব ৰেলযাত্ৰা। এক্সপ্ৰেছ ৰেলসমূহৰ লগতে সাধাৰণ শ্ৰেণীৰ যাত্ৰীসকলৰো বৃদ্ধি কৰা হৈছে ভাৰা।

মঙলবাৰে ৰেল বিভাগে জাৰি কৰা ভাৰাৰ নতুন নিৰিখ অনুযায়ী সাধাৰণ শ্ৰেণীৰ ভাৰা প্ৰতিকিলোমিটাৰ পূৰ্বতকৈ ১ পইছাকৈ বৃদ্ধি পাব। আনহাতে এক্সপ্ৰেছ ৰেলসমূহত নন এচিৰ ভাৰা প্ৰতি কিলোমিটাৰত ২ পইছাকৈ আৰু এচিযুক্ত দবাৰ ভাৰা ৪ পইছাকৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে মফচলীয় চহৰসমূহৰ মাজত চলাচল কৰা ৰেলসমূহৰ ভাৰা অপৰিৱৰ্তিত হৈয়ে থাকিব।

ভাৰা বৃদ্ধি কৰা হোৱা ৰেলসমূহৰ তালিকাত আছে ৰাজধানী, শতাব্দী আৰু দুৰণিবটীয়া প্ৰিমিয়াম ৰেলসমূহ। নতুন ভাৰা কাৰ্যকৰী হোৱাৰ ফলত ৰাজধানী এক্সপ্ৰেছযোগে গুৱাহাটীৰ পৰা দিল্লীলৈ যাবলৈ হ’লে যাত্ৰীসকলে পূৰ্বতকৈ প্ৰায় ৭৫ টকা অধিক ভৰিব লাগিব। 

নিৰ্দেশনাটোত উল্লেখ কৰা মতে সংৰক্ষণ আৰু ছুপাৰফাষ্টৰ ভাৰাৰ ক্ষেত্ৰত কোনো বৃদ্ধি কৰা হোৱা নাই। ইয়াৰ লগতে পূৰ্বৰে পৰা বুক হৈ থকা টিকটসমূহতো নতুন ভাৰা প্ৰযোজ্য নহয় বুলি জনাইছে ৰেল বিভাগে।