এৰবিলঃ নৃশংস সন্ত্ৰাসবাদী সংগঠন আইছিছে দখল কৰা ইৰাণৰ এৰবিলৰ পৰা স্বদেশলৈ উভতি আহিবলৈ সক্ষম হ’ল ৩৩ জনকৈ ভাৰতীয়৷ আজি ইন্দিৰা গান্ধী বিমানবন্দৰত অৱতৰণ কৰে এইসকল ভাৰতীয়ই। ৰাজ্যিক চৰকাৰ আৰু ভাৰত চৰকাৰৰ যৌথ প্ৰচেষ্টাত উদ্ধাৰ হয় এইসকল ভাৰতীয় নাগৰিক।

ইয়াৰে ৩২ জন তেলেংগানাৰ আৰু ১ জন অন্ধ্ৰ প্ৰদেশৰ৷ ইৰাকত চাকৰি দিয়াৰ প্ৰলোভনেৰে এই লোকসকলক ইৰাণলৈ নিয়া হৈছিল বুলি উল্লেখ কৰিছে আৰক্ষীয়ে।

ইৰাণত তেওঁলোকৰ দৰে আৰু বহু ভাৰতীয় আবদ্ধ হৈ আছে বুলি প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শী লোকসকলে। ইয়াৰ আগতেও ইৰাকৰ কিৰকুকৰপৰা ১১ গৰাকী নাৰ্চ নিৰাপদে নিজদেশলৈ উভতাই অনাত সক্ষম হৈছিল ভাৰত চৰকাৰ৷