ডিজিটেল ডেস্কঃ মনাক শৰ্মা নামৰ ভাৰতীয় যুৱক এজনে মেধাৰ বলতে মাৰ্কিন সেনাত ভৰ্ত্তি হোৱাৰ সুযোগ লাভ কৰিছে। মাৰ্কিন সেনাৰ AH-64E কমবেট ফাইটাৰ হেলিকপ্টাৰ ইউনিটৰ বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰিছে ৰাজস্থানৰ জয়পুৰৰ যুৱক শৰ্মাই। 

কিন্তু টাইমচ অব ইণ্ডিয়াত প্ৰকাশ পোৱামতে চৰ্চালৈ আহিছে শৰ্মাই পোৱা লোভনীয় দৰমহাৰ বাবেহে। বিজ্ঞানী হিচাপে টেক্সাছৰ ফ’ৰ্ট হুডৰ মুখ্য কাৰ্যালয়ত নিযুক্তি লাভ কৰা শৰ্মাই নিজৰ সেৱাৰ বাবদ লাভ কৰিব ১.২ কোটি টকাৰ বাৰ্ষিক পেকেজ।  

নেশ্বনেল এৰনেটিকছ এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন চমুকৈ নাছাত কনিষ্ঠ গৱেষক বিজ্ঞানী হিচাপে শৰ্মাই ইয়াৰ আগেয়ে কাম কৰিছিল। ২০১৬ চনত মাৰ্কিন সেনাত ভৰ্ত্তি হোৱা শৰ্মাই নিজৰ কৰ্মোদ্যম আৰু সেৱাৰ বাবে সেনাৰ সেৱা বঁটা আৰু চেফটি এক্সেলেন্স এৱাৰ্ড লাভ কৰিছিল।