ডিজিটেল ডেস্কঃ ট্ৰাম্পক সুখী কৰিবলৈ গৈয়ে ভাৰতীয় প্ৰতিষ্ঠানে অপসাৰিত কৰিবলৈ সাজু হৈছে ভাৰতীয় চাকৰিয়ালক। মাৰ্কিন প্ৰশাসনক সন্তুষ্ট কৰিবলৈয়েই এতিয়াৰ পৰা ইনফোচিচ পৰা আঁতৰোৱা হ'ব ভাৰতীয় কৰ্মচাৰী৷

ট্ৰাম্প চৰকাৰক সন্তুষ্ট কৰিবলৈ প্ৰতিষ্ঠানটোত ১০ হাজাৰ আমেৰিকানক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে প্ৰতিষ্ঠানটোৱে৷ আমেৰিকানসকলৰ বাবে এইটো ভাল খবৰ হ’লেও ভাৰতীয়সকলৰ বাবে দুখৰ বাতৰিৰূপে পৰিগণিত হৈছে উক্ত ঘোষণা৷

কাৰণ এজন আমেৰিকান চাকৰিত নিযুক্ত হ’লেই চাকৰি হেৰুৱাব লাগিব ৪ জন ভাৰতীয়ই৷ অৰ্থাত ১০ হাজাৰ আমেৰিকানৰ বাবে ৪০ হাজাৰ ভাৰতীয়ই হেৰুৱাব লাগিব চাকৰি৷

অনুসন্ধান সংস্থা ’হেড হাণ্টাৰ্ছ ইণ্ডিয়া’ সংস্থাই প্ৰকাশ কৰিছে যে নিযুক্ত আমেৰিকানসকলক বৃহৎ পৰিমানৰ বেতন দিব ইনফোচিচে ৷ সেই বাবেই ভাৰতত প্ৰতিষ্ঠানটোৰ বহু কৰ্মচাৰীয়ে চাকৰি এৰিব লাগিব৷

এনেদৰে ভাৰতীয়ক বঞ্চিত কৰি অনাগত ২ বছৰৰ ভিতৰত ১০ হাজাৰ আমেৰিকানক নিযুক্তি দিয়াৰ পৰিকল্পনা গ্ৰহণ কৰিছে ইনফোচিচে।