গুৱাহাটীঃ প্ৰেমিক-প্ৰেমিকাসকলৰ দৰে স্বামী-স্ত্ৰীসকলেও কাইলৈৰ পৰা প্ৰতিবছৰে লাভ কৰিব এটা বিশেষ দিন৷ ইতিমধ্যে ৰাজ্যখনৰ ছ'চিয়েল মিডিয়াত সক্ৰিয় লোকসকলে এই দিৱসৰ ব্যাপক প্ৰচাৰ চলাইছে৷ বিশেষকৈ ফেচবুক আৰু হোৱাটছএপ ব্যৱহাৰকাৰীসকলে কিছুদিন পূৰ্বৰে পৰা ব্যাপক প্ৰচাৰ চলাই সকলোকে এই উৎসৱ পালন কৰিবলৈ আহ্বান জনাইছে৷

ফেচবুক ব্যৱহাৰকাৰীসকলে এই দিনটোৰ সৈতে সতী জয়মতীৰ স্বামী ভক্তিৰ অপূৰ্ব নিদৰ্শনৰ প্ৰসংগ উল্লেখ কৰিছে৷ আহোমৰ তুংখুঙীয়া গোটৰ ৰাজকোঁৱৰ গদাপাণিৰ পত্নী আছিল জয়মতী৷ নিজৰ স্নেহৰ স্বামী তথা দেশৰ হকে জীৱন উৎসৰ্গা কৰি অসমৰ ইতিহাসত বিশেষ মৰ্যদা লাভ কৰা মহিয়সী নাৰী সতী জয়মতী৷

সতী জয়মতীয়ে ৰাজশক্তি উদ্ধাৰ বাবে তথা লালুক খোলাৰ স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে সৰৱ হৈ উঠাই নহয়, স্বেচ্ছাচাৰী লালুকখোলাৰ পৰা পৰিত্ৰাণ পাবলৈ স্বামী গদাপাণিক পলাই যাবলৈ পৰম শক্তি দিছিল৷ জয়মতীৰ কথামতে স্বামী গদাপাণিয়ে অন্য ঠাইত আশ্ৰয় লৈ থকাৰ সময়ত অত্যাচাৰী লালুকখোলাই গদাপাণিক বিচাৰি নাপায় জয়মতীক বন্ধী কৰি ৰাজদৰবাৰলৈ লৈ আহে৷

গদাপাণিক উদ্ধাৰ বাবে ৰাজদৰবাৰত জয়মতীক নানা ধৰণে অত্যাচাৰ কৰে যদিও জয়মতীয়ে স্বামীৰ বিষয়ে এটা শব্দও কোৱা নাছিল৷ ৰজা লালুক খোলাই নানা ধৰণৰ শাস্তি দি গদাপাণিৰ ঠিকনা উদ্ধাৰৰ আপ্ৰাণ চেষ্টা চলাই যদিও দৃঢ়মনা জয়মতীয়ে স্বামীৰ বিষয়ে ক'বলৈ অমান্তি হয়৷ জয়মতীক জেৰেঙা পথাৰত নি গছত বান্ধি শাস্তি দিয়াৰ পিছতো স্বামী ক’ত লুকাই আছিল সেই বিষয়ে এটা শব্দও প্ৰকাশ নকৰি স্বামী ভক্তিৰে সকলোকে আচৰিত কৰি তোলে। 

নিজৰ পত্নীৰ অত্যাচাৰৰ খবৰ লাভ কৰি নগা পাহাৰৰ পৰা ছদ্মবেশ ধৰি গদাপাণিয়ে জেৰেঙা পথাৰলৈ আহে।ছদ্মবেশী স্বামীক জয়মতীয়ে চিনি পোৱাৰ পাছতো ইংগিতেৰে পলাই থাকিবলৈ অনুৰোধ জনায়৷ এনেদৰে জেৰেঙা পথাৰত গছত বান্ধি ৰখা অৱস্থাত নানা শাস্তি পাই ১৪ দিনৰ মূৰত ১৬৭৯ চনত জয়মতীয়ে মৃত্যুবৰণ কৰে। জয়মতীৰ এই মহান ত্যাগৰ সহায়তে ল'ৰা ৰজা আৰু লালুকখোলাৰ স্বেচ্ছাচাৰিতাৰ পৰা অসমবাসীক উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছিল গদাপাণিয়ে। এই মহান ত্যাগক সুঁৱৰি সমগ্ৰ অসমতে প্ৰতিবছৰে ২৭ মাৰ্চৰ দিনটোক জয়মতী দিৱস হিচাপে পালন কৰি আহিছে।

এইবাৰো কাইলৈ সমগ্ৰ ৰাজ্যতে জয়মতী দিৱস উদযাপনৰ যো-জা চলোৱা হৈছে। ইয়াৰ মাজতে এইবাৰৰ জয়মতী দিৱসৰ সৈতে সংযোজিত হৈছে আন এক বিশেষ দিৱস। ফেচবুকত সক্ৰিয় একাংশ লোকৰ প্ৰচেষ্টাতে আহোম যুগৰ এই স্বামী-স্ত্ৰীৰ প্ৰেম তথা দেশ ভক্তিৰ কাহিনী বিশ্ববাসীৰ আগত দাঙি ধৰিবলৈ সমগ্ৰ অসমবাসীকে বিশেষ উদ্যোগ হাতত ল'বলৈ অনুৰোধ জনায়।

প্ৰয়াসেৰে জয়মতী দিৱসৰ লগতে ২৭ মাৰ্চৰ দিনটো আহ্বান জনাই নিজৰ নিজৰ টাইমলাইনত পোষ্ট কৰিছে৷ পতি-পত্নীৰ বিৰল প্ৰেমক স্মৰণ কৰি ২৭ মাৰ্চ দিনটো পতি-পত্নী দিৱস হিচাপে পালন কৰাৰো মত পোষণ কৰে৷ এই অনুযায়ী ২৬ মাৰ্চত মহানগৰীৰ হোটেল ৰাজধানী ৰিজেঞ্চীত ভিন্ন প্ৰান্তৰ দম্পতী মিলিত হৈ কাইলৈৰ দিনটো প্ৰতি বছৰে পতি-পত্নীৰ দিৱস হিচাপে পালন কৰিবলৈ সংকল্পবদ্ধ হয়। "যদি ভেলেন্টাইন দিৱস বিশ্বত প্ৰতিষ্ঠা হ'ব পাৰে তেন্তে জয়মতী আৰু গদাপাণিক সুৱৰি পতি-পত্নী দিৱস বা Couples Day বিশ্ববাসীয়ে আদৰি নোলোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে।"- এইদৰে কয় দিৱস আয়োজনৰ সৈতে জড়িত হৈ থকা কেবাটাও দম্পতীয়ে।